তেজপুৰত কবি অমূল্য বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতা সম্পন্ন

জনসাংস্কৃতিক পৰিষদৰ সভাপতি হৰেন্দ্ৰ নাথ বৰঠাকুৰ স্মাৰক গ্ৰন্থ উন্মোচন

0 26

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৪ ছেপ্তেম্বৰঃ অমূল্য বৰুৱাই অসমীয়া আধুনিক কবিতাৰ নতুন ধাৰা সৃষ্টি কৰিছিল। তেওঁৰ কবিতা মানেই বহু পঠিত কবিতা। অমূল্য বৰুৱাই প্ৰচলিত ৰমন্যাসবাদৰ ধাৰাটোৰ পৰা আঁতৰি প্ৰগতিশীল আধুনিক কবিতাৰ পথ প্ৰশস্ত কৰি তুলিছিল বুলি আজি তেজপুৰত মন্তব্য কৰে ৰাজ্যখনৰ বৰ্তমান সময়ৰ আন এগৰাকী প্ৰগতিশীল কবি, লেখক শংকৰ শইকীয়াই ।উল্লেখ্য যে, কবি অমূল্য বৰুৱাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি আজি তেজপুৰত জনসাংস্কৃতিক পৰিষদে আয়োজন কৰা “অসমীয়া প্ৰগতিশীল কবিতাৰ অন্যতম বাটকটীয়া কৰি অমূল্য বৰুৱা” শীৰ্ষক এক মননশীল বক্তৃতানুষ্ঠানত অংশ গ্ৰহণ কৰে কামৰূপ জিলাৰ দদৰাৰ প্ৰগতিশীল কবি, লেখক শংকৰ শইকীয়াই ।তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ সভাপতি, কবি, লেখিকা ৰাজু বৰুৱাৰ পৌৰোহিত্যত অসমীয়া ক্লাবত অনুষ্ঠিত মনোজ্ঞ অনুষ্ঠানটিত মূল বক্তা ৰূপে অংশ গ্ৰহণ কৰি শংকৰ শইকীয়াই “অমূল্য” শীৰ্ষক পত্ৰিকা এখন উন্মোচন কৰি নিৰ্দিষ্ট বিষয়ৰ ওপৰত অমূল্য বৰুৱাৰ বিখ্যাত কবিতাৰ পংক্তি আওৰাই আগবঢ়োৱা সাৱলীল ভাষণত অমূল্য বৰুৱাৰ কবিতা অনুধাৱন কৰিবলৈ হ’লে আমি অমূল্য বৰুৱাৰ সময়খিনিও অনুধাৱন কৰিব পাৰিব লাগিব বুলি কৈ অমূল্য বৰুৱাক সত্যদ্ৰষ্টা কবি বুলি উল্লেখ কৰি কবি, লেখক ভৱানন্দ দত্তৰ উৰ্দ্ধৃতিৰে কয় – সত্যদ্ৰষ্টা কবিয়ে ব্যক্তিগত সুবিধাহৰণৰ স্বাৰ্থত প্ৰকৃত সত্য কাহিনীও গোপন নকৰাৰ দৰে অমূল্য বৰুৱাইও প্ৰকৃত সত্যক কবিতাৰ মাজেৰে দাঙি ধৰিছিল বুলি উদাহৰণসহ প্ৰতিপন্ন কৰে। শইকীয়াই ভাষণ প্ৰসংগত কয় – কবি অমূল্য বৰুৱা আছিল এক সঁচা অৰ্থৰ প্ৰকৃত সত্যদ্ৰষ্টা কবি। ড০ হীৰেন গোহাঁইয়ে কোৱাৰ দৰে আধুনিক অসমীয়া কবিতাৰ প্ৰকৃত জন্মদাতা অমূল্য বৰুৱা। আশাবাদ অমূল্য বৰুৱাৰ কবিতাৰ চিন্তা – চেতনাৰ মূল আধাৰ। এক সাম্প্ৰদায়িক সংঘৰ্ষত অকালতে মৃত্যুক সাৱটি লোৱা অমূল্য বৰুৱাৰ মৃত্যু এতিয়াও হোৱা নাই বুলি কৈ সাম্প্ৰদায়িকতাৰ চাকিৰ তেল শলিতা জ্বলোৱাৰ প্ৰচেষ্টা আজিও অব্যাহত আছে আৰু সেয়েহে আমি সাৱধান হ’বৰ হ’ল বুলি মন্তব্য কৰে। প্ৰগতিশীল কবি গৰাকীৰ জীৱন – দৰ্শন নিৰ্মোহ ভাবে বিশ্লেষণ কৰি নিৰ্দিষ্ট বিষয়ৰ জেৰ টানি শংকৰ শইকীয়াই তাৎপৰ্যপূৰ্ণ ভাবে মন্তব্য কৰে, সম্প্ৰতি ধনতান্ত্ৰিক সমাজ ব্যৱস্থাত যুৱ প্ৰজন্মক সকলো ক্ষেত্ৰৰ পৰা আঁতৰাই ৰখা হয়। সত্য সম্প্ৰতি পোষ্ট ট্ৰুথ লৈ ৰূপান্তৰিত হৈছে। নোহোৱা কথা একোটাক বাৰে বাৰে হয় হয় বুলি কৈ সত্য বুলি প্ৰতিষ্ঠা কৰা হৈছে। তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক, কবি স্বপন মজুমদাৰে আঁত ধৰা আৰু কবি ৰুমা বেগমে অমূল্য বৰুৱাৰ কবিতা আবৃত্তিৰে আৰম্ভ কৰা এই অনুষ্ঠানতে যোৱা বৰ্ষৰ ২৪ জুনত পৰলোকপ্ৰাপ্তি ঘটা সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ সভাপতি, বিশিষ্ট শিশু সাহিত্যিক, শিল্পী হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ এখন স্মাৰক গ্ৰন্থ “হৰেন্দ্ৰ নাথ বৰঠাকুৰ – নিৰলস সুন্দৰ সাধনাৰ উজ্জিৱীত প্ৰেৰণা” আনুষ্ঠানিক ভাবে উন্মোচন কৰে তেজপুৰৰ বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই। স্মাৰক গ্ৰন্থখন উন্মোচন কৰি শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ জীৱন – দৰ্শন আলোকপাত কৰি কয় – হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ সমস্ত জীৱন, মনন, আবেগ, যুক্তি সকলো আছিল মানৱীয়তাৰ এক সংগীত। এই সংগীত আমাৰ সকলোৰে হৃদয়েদি ঝংকাৰিত হৈ নতুন পুৰুষৰ বুকুলৈ যাতে ধাৱমান হয় তাৰ কামনা কৰি বৰুৱাই বৰঠাকুৰ এগৰাকী সামাজিক দায়বদ্ধ ব্যক্তি আছিল বুলি মন্তব্য কৰি গভীৰ ভাবে মানুহক ভাল পোৱা তেওঁৰ সমস্ত চিন্তা ভৱিষ্যত প্ৰজন্মক লৈ আছিল বুলি কয়। তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি, অসম নাট্য সন্মিলনৰ তিনিচুকীয়া জিলাৰ সভাপতি, মাকুম সাহিত্য সভাৰ সভাপতিকে ধৰি বিভিন্ন সামাজিক – সংস্কৃতিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰি অহা হৰেন্দ্ৰ নাথ বৰঠাকুৰ এগৰাকী শিশু নাট্যকাৰ, কবি, গীতিকাৰ, ভাস্কৰ্য শিল্পী, চিত্ৰশিল্পী হিচাপে প্ৰগতিশীল, পৰিৱৰ্তনকামী আৰু বিজ্ঞান মনস্ক ব্যক্তি আছিল বুলি মন্তব্য কৰে। উল্লেখ্য যে, আজিৰ এই বিশেষ অনুষ্ঠানটিত প্ৰবীণ কবি, লেখক বিপিন কটকী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াইও কবি অমূল্য বৰুৱা আৰু হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ওপৰত চমু আলোকপাত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More