সাবিত্ৰী জিন্দাল হ’ল এছিয়াৰ আটাইতকৈ ধনী মহিলা

0 38
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জুলাই: চীনৰ ইয়াং হুইয়ান নহয়, সাবিত্ৰী জিন্দাল বৰ্তমান এছিয়াৰ আটাইতকৈ ধনী মহিলা। ২৯ জুলাই শুকুৰবাৰে ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত ভাৰতীয় নাগৰিক সাবিত্ৰী জিন্দালে সকলো এছিয়ান মহিলাৰ শীৰ্ষত স্থান লাভ কৰি এই সন্মান অৰ্জন কৰে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৮ বিলিয়ন ডলাৰ। জিন্দাল গ্ৰুপৰ বৃদ্ধিৰ ফলত তেওঁৰ ধন-সম্পত্তি বৃদ্ধি পাইছে। জিন্দাল গ্ৰুপ তীখাকে ধৰি একাধিক ধাতু আৰু শক্তি উৎপাদনৰ সৈতে জড়িত। ৭২ বছৰ বয়সত সাবিত্ৰী জিন্দাল হৈছে এছিয়াৰ আটাইতকৈ ধনী মহিলা। তেওঁ ১৯৫৯ চনৰ ২০ মাৰ্চত জন্মগ্ৰহণ কৰিছিল। ভাৰতীয় ব্যৱসায়ী তথা ৰাজনীতিবিদ ওম প্ৰকাশ জিন্দালৰ পত্নী সাবিত্ৰী জিন্দাল ভাৰতীয় ব্যৱসায়ী মহিলাসকলৰ ভিতৰত অন্যতম। তেওঁ ওম প্ৰকাশ জিন্দল গ্ৰুপৰ সন্মানীয় সভাপতি। মহাৰাজা আগৰসেন চিকিৎসা মহাবিদ্যালয়ৰ সভাপতিৰ দায়িত্বও পালন কৰিছে সমান্তৰালভাৱে। ২০০৫ চনত পিতৃৰ সম্পত্তিৰ জৰিয়তে চীনৰ ইয়াং এগৰাকী ৰিয়েল এষ্টেট ডেভেলপাৰ হৈ পৰিছিল। কিন্তু এতিয়া চীনত আৰম্ভ হৈছে অৰ্থনৈতিক সংকট। সেইবাবেই তেওঁৰ নাটকীয় পতন। হেৰুৱালে এছিয়াৰ ধনী মহিলাৰ শীৰ্ষস্থান। সেই ঠাইত এতিয়া স্থলাভিষিক্ত ভাৰতৰ সাবিত্ৰী জিন্দাল। ইয়াং যোৱা পাঁচ বছৰ ধৰি এছিয়াৰ আটাইতকৈ ধনী মহিলা হিচাপে পৰিগণিত হৈছিল। তদুপৰি তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা বিলিয়নাৰ হিচাপেও পৰিগণিত। কিন্তু সাবিত্ৰীৰ উত্থান ইয়াঙৰ পতনৰ অন্যতম কাৰণ। ভাৰতৰ আটাইতকৈ ধনী লোকৰ তালিকাত ১০ নম্বৰ স্থানত আছে সাবিত্ৰী জিন্দাল। স্বামীৰ মৃত্যুৰ পিছত তেওঁ অ’ পি জিন্দৰ গ্ৰুপৰ অধ্যক্ষ হয়। ২০০৫ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল স্বামীৰ। ভাৰতৰ অন্যতম আগশাৰীৰ কোম্পানী হৈছে জিন্দাল গ্ৰুপ। ভাৰতৰ তৃতীয় বৃহত্তম তীখা নিৰ্মাণ কোম্পানী। ইয়াৰ উপৰি চিমেণ্ট আৰু বিদ্যুৎ উৎপাদন কৰে। নিৰ্মাণ উদ্যোগত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যোৱা কিছু বছৰত জিন্দালৰ নেট ৱৰ্থৰ ব্যাপক উঠা-নমা হৈছে। ২০২০ চনৰ এপ্ৰিল মাহত কভিদ মহামাৰীৰ আৰম্ভণিতে ই ৩.২ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছিল, তাৰ পিছত ২০২২ চনৰ এপ্ৰিল মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ফলত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে ই ১৫.৬ বিলিয়ন ডলাৰত উপনীত হৈছিল। সাবিত্ৰী জিন্দাল কেৱল এগৰাকী ব্যৱসায়ীয়েই নহয়। তেওঁ এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপেও পৰিচিত। তেওঁ কংগ্ৰেছৰ সদস্য। হাৰিয়ানা বিধানসভাৰ সদস্যও আছিল। হাৰিয়ানাৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সাবিত্ৰী আৰু ওম প্ৰকাশ জিন্দালৰ চাৰিটা সন্তান আছে। এতিয়া জিন্দাল গ্ৰুপৰ সৰ্বকালৰ নেতা হিচাপে পৰিগণিত হৈছে। পৃথ্বীৰাজ, স্বজ্জন, ৰতন আৰু নবীন জিন্দাল। ফৰ্বছৰ তথ্য অনুসৰি ২০২১ চনত সাবিত্ৰী বিশ্বৰ ১ম ধনী ব্যক্তিৰ তালিকাত প্ৰৱেশ কৰিছিল, তেওঁৰ সম্পত্তি আছিল ১৮ বিলিয়ন। য’ত তেওঁ নাৰী হিচাপে অকলশৰীয়া আছিল। সাবিত্ৰী ভাৰতৰ অন্যতম ধনী মহিলা। মাত্ৰ ২ বছৰতে তেওঁৰ সম্পত্তি ১২ বিলিয়ন বৃদ্ধি পালে। উল্লেখ্য যে বৰ্তমান বিশ্বৰ ১০০ জন ধনী লোকৰ ভিতৰত ৭ জন লোক ভাৰতীয় নাগৰিক। তেওঁলোকে আটাইকেইজন ভাৰততে বাস কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More