সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ নৱনিৰ্মিত তিনিমহীয়া গৃহৰ আধাৰশিলা

অসমীয়া ক্লাবৰ যোগাত্মক কাৰ্যক প্ৰশংসা বিধায়ক পৃথ্বিৰাজ ৰাভাৰ

0 14

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ জুন: সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে তেজপুৰৰ কেবাগৰাকীও সমাজ হিতৈষী লোকৰ তৎপৰতাত গঢ় লোৱা শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ তিনি মহলীয়া ব্যৱসায়িক গৃহৰ আজি আনুষ্ঠানিক ভাৱে শিলান্যাস সম্পন্ন হয়৷ পুৰোহিতৰ দ্বাৰা শিলান্যাসৰ মাঙ্গলীক বিধিগত কৰ্মৰ অন্তত তেজপুৰ সংসদীয় সমষ্টিৰ সংসদ পল্লব লোচন দাসে শিলান্যাসৰ শুভ আৰম্ভণি কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা৷ উল্লেখ্য যে তেজপুৰৰ এই অন্যতম সামাজিক অনুষ্ঠানটিৰ প্ৰস্তাৱিত ব্যৱসায়িক গৃহৰ নক্সা প্ৰস্তত কৰিছে অঙ্কুৰ চৌধুৰীয়ে আৰু অবৈতনিক ভাৱে নিৰ্মাণৰ দায়িত্ব লৈছে তেজপুৰৰ বিশিষ্ট ঠিকাদাৰ মৃণ্ময় কলিতাই৷ উল্লেখ্য যে আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাগৃহত অনুষ্ঠিত হয় এখন বিশেষ সভা৷ উক্ত সভাৰ আদৰণী ভাষণ দি অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে অসমীয়া ক্লাবৰ প্ৰস্তাৱিত কাৰ্যসূচীত সাংসদ আৰু বিধায়ক সকলৰ লগতে সমজুৱালোকৰ আৰ্থিক সহায় সহযোগ আশা কৰে৷ তেজপুৰৰ সাংসদ পল্লব লোচন দাসে অসমীয়া ক্লাবৰ সভালৈ আহি আনন্দ পোৱাৰ অনভৱ ব্যক্ত কৰি পাৰ্যমানে ভৱিষ্যতে অসমীয়া ক্লাবক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আনহাতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অসমীয়া ক্লাব খিলঞ্জীয়া অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বুলি কৈ অসমীয়া ক্লাবক পাৰ্যমানে সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ তেজপুৰ সমষ্টিৰ বিধায়ক তথা অসমীয়া ক্লাবৰ জেষ্ঠ সদস্য পৃথ্বিৰাজ ৰাভাই অসমীয়া ক্লাবৰ কৰ্মৰাজীক প্ৰসংসা কৰে৷ আধাৰশিলাৰ পূজাভাগৰ আগভাগ লয় শ্ৰচিত্তদেৱ শৰ্মাই আৰু অনুষ্ঠান আৰু সভা পৰিচালনা কৰে সম্পাদক অনুদেৱী মহন্তই৷ আজিৰ মাঙ্গলিক অনুষ্ঠান আৰু সভাত অসমীয়া ক্লাবৰ সদস্য মহীয়ান, ক্লাবৰ প্ৰাক্তন সভাপতি সকল, আজীৱন সদস্য, সদস্য-সদস্যা, শুভাকাংক্ষীকে ধৰি বহু বিশিষ্টলোক উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More