সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫১ সংখ্যক ওপজা দিনত তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি

0 88
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ডিচেম্বৰঃ তাহানিতেই অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে অনবদ্য অৱদান আগবঢ়াই যোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা কিয় সেইসময়ত বৃটিছ শাসকৰ বিৰুদ্ধে বিশেষ ভাৱে সোচ্চাৰ হোৱা নাছিল? বৃটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে ৰায়বাহাদুৰ উপাধি প্ৰদান কৰা পদ্মনাথ গোহাঞি বৰুৱা আচলতে সেইখিনি সময়ত বৃটিছৰ সমৰ্থক আছিল নেকি? সততে বিভিন্ন সময়ত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ সন্দৰ্ভত এই অভিযোগ উত্থাপন হৈ যদিও আজি তেজপুৰত সাহিত্য কাণ্ডাৰী গৰাকীৰ ১৫১ সংখ্যক ওপজা দিনৰ এক বিশেষ বক্তৃতানুষ্ঠানত সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি তথা অসম চৰকাৰৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা দুখনকৈ জিলাৰ উপায়ুক্ত আৰু বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা সঞ্জীৱ গোহাঞি বৰুৱাই এই অভিযোগৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে, তেজপুৰৰ বাণ থিয়েটাৰ, অসমীয়া ক্লাবকে ধৰি বহুকেইটা অনুষ্ঠানৰ প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী তথা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতিৰ ওপজা দিন উপলক্ষে আজি শোণিতপুৰ জিলা প্ৰশাসন, তেজপুৰ সাহিত্য সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসমীয়া ক্লাব আৰু বাণ থিয়েটাৰৰ সহযোগত লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ উদ্যোগত আয়োজিত এক বিশেষ বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰি সঞ্জীৱ গোহাঞি বৰুৱাই সেই অভিযোগৰ প্ৰত্যুত্তৰত সাহিত্য কাণ্ডাৰী গৰাকীৰ আত্মজীৱনীৰ কেতবোৰ উদ্ধৃতি উল্লেখ কৰি কয় – সেইখিনি সময়ত পদ্মনাথ গোহাঞি বৰুৱাই বঙালী ভাষাৰ আধিপত্য একেবাৰে সহ্য কৰিব পৰা নাছিল। সেয়েহে নতুন প্ৰজন্মক অসমীয়া ভাষাৰ শিক্ষাৰ বাবে নিজে পাণীন্দ্ৰ গগৈৰ সৈতে লগলাগি বহুকেইখন পাঠ্যপুথি প্ৰণয়ন কৰিছিল আৰু সেই পাঠ্যপুথি সমূহৰ বিদ্যালয়ত ব্যৱহাৰৰ বাবে ডি পি আইকে ধৰি বৃটিছৰ জিলাধিপতি সকলকো যিকোনো প্ৰকাৰে সৈমান কৰাব লগা পৰিস্থিতিৰ সন্মুখীন হৈছিল। বঙালী ভাষাৰ আধিপত্যক নস্যাৎ কৰিবলৈ বৃটিছ বিষয়া-কৰ্মচাৰীসকলৰ লগত সদ্ভাৱ বজাই ৰাখিছিল আৰু গোহাঞি বৰুৱাৰ সেই প্ৰচেষ্টাতেই বিদ্যালয় সমূহত অসমীয়া পাঠ্যপুথি প্ৰচলন কৰি অসমীয়া ভাষা – সাহিত্যিৰ বিকাশ আৰু উত্তৰণৰ পথত অগ্ৰসৰ হৈছিল বুলি মন্তব্য কৰে। পদ্মনাথ গোহাঞি বৰুৱা কেতিয়াও বৃটিছৰ আজ্ঞাবাহী নাছিল বুলি কৈ একমাত্ৰ অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ বাবেই কৌশলেৰে বৃটিছৰ পৰা কাম আদায় কৰা প্ৰবল জাতীয়তাবাদী সত্বাৰ অধিকাৰী ব্যক্তি আছিল বুলি সাহিত্য কাণ্ডাৰী গৰাকীৰ বহু উৰ্দ্ধৃতিৰে দৃঢ়তাৰে মন্তব্য কৰে। তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মনোমতী কুৰ্মীৰ পৌৰোহিত্যত সম্পাদিকা ৰুণা বৰাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সঞ্জীৱ গোহাঞি বৰুৱাই “গোহাঞি বৰুৱা” উপাধিটো ৰজাঘৰীয়া উপাধি নহয় বুলি কৈ তেওঁলোকৰ পৰিয়ালৰ উপৰিপুৰুষৰ বুৰঞ্জী সদৰী কৰি ডেকা মৰাণ গোহাঞি বৰুৱা ফৈদৰ গোহাঞি বৰুৱা সকল প্ৰকৃততে উজনি অসমৰ জাজীৰ লোক আছিল আৰু সেই ফৈদৰ ঘিনাৰাম গোহাঞিবৰুৱা নামৰ লোকজন ১০-১২ বছৰ বয়সতে লখিমপুৰলৈ‍ আহিছিল আৰু অতি পৰিশ্ৰমী লোক গৰাকী এসময়ত চাৰিখন মৌজা চলাই আঢ্যৱন্ত হৈ পৰিছিল। সেইগৰাকী ব্যক্তিৰে সাত নম্বৰৰ সন্তান পদ্মনাথ গোহাঞি বৰুৱা আছিল বুলি কৈ গোহাঞি বৰুৱাৰ কহিমা যাত্ৰা আৰু কলিকতা যাত্ৰাৰ কাহিনী সদৰী কৰি কলিকতাত “বিজুলী” আলোচনী প্ৰকাশ কৰি আৰ্থিক সমস্যাত পৰি “বিজুলী” য়ে মোক নঙঠা বৈৰাগী কৰিলে “বুলি নিজেই লিখা প্ৰসংগ অৱতাৰণা কৰি তেওঁ এগৰাকী প্ৰকৃত শিক্ষাবিদ আছিল আৰু সাহিত্যৰ লেখনি সমূহ অনন্য তথা অতি প্ৰাঞ্জল আছিল বুলি মন্তব্য কৰে। আনহাতে নিজে চৰকাৰী পদত থাকোঁতে সেইগৰাকী ব্যক্তিৰ নাতি বাবে যি সন্মান লাভ কৰিছিল সেই সন্মানতেই তেওঁৰ মহত্ব প্ৰতীয়মান হয় বুলি কৈ তেওঁ নিজকে এগৰাকী টিপিকেল বুৰক্ৰেট যদিও গোহাঞি বৰুৱা উপাধিটোৰ দ্বাৰা ধন্য বুলি কৈ ককাকে কৰা ভাল কামেৰে নিজেও ধন্য হৈছে বুলি মন্তব্য কৰি নিজৰ কৰ্মজীৱনত সকলোকে সততা আৰু নিষ্ঠাৰে কৰ্মত ব্ৰতী হ’বলৈ আহ্বান জনায়। তেজপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলৰ “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতেৰে আৰম্ভ হোৱা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথে উদ্বোধন কৰা অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভুবন চন্দ্র গগৈ, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়েও সাহিত্য কাণ্ডাৰী গৰাকীৰ স্মৃতিচাৰণ কৰাৰ লগতে বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে পদ্মনাথ গোহাঞি বৰুৱাৰ কালজয়ী নাটক “টেটোন তামুলী” ৰ এটি সংলাপেৰে জীপাল কৰি তোলে। তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যা ৰেণু বৰঠাকুৰে সাহিত্য কাণ্ডাৰী গৰাকীৰ “বন্তি” শীৰ্ষক কবিতাটি সুৰেৰে সজোৱাৰ পিছত অনুষ্ঠানটিত সদস্যা সকলে সুন্দৰকৈ পৰিৱেশনেৰে সুৰীয়া কৰি তোলা অনুষ্ঠানটিৰ আৰম্ভণিতে সাহিত্য কাণ্ডাৰী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে বোৱাৰী পৰী গোহাঞি বৰুৱা আৰু জী নাতি মৃণালী চেতিয়াই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাহিত্যিক পেন্সনাৰ ৰাম চন্দ্র চুতীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণকান্ত বৰুৱা, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দ্বীজেন নাথ, বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, দিলীপ বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আনহাতে ইয়াৰ আগেয়ে পুৱাই তেজপুৰ চহৰৰ পৌৰসভাৰ গাড়ী ৰখা স্হানত থকা পদ্মনাথ গোহাঞি বৰুৱাৰ আৱক্ষ মূৰ্ত্তিৰ সন্মুখত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ পৌৰসভাৰ উদ্যোগত বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, লেখিকা সমাৰোহ সমিতি আৰু অসমীয়া ক্লাবৰ সহযোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি তথা সদ্য অৱসৰপ্ৰাপ্ত অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া সঞ্জীৱ গোহাঞি বৰুৱাই। এই বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰম্ভণিতে সহযোগ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, সাহিত্য কাণ্ডাৰী গৰাকীৰ আন দুগৰাকী নাতি ক্ৰমে – উদয় কৃষ্ণ গোহাঞি বৰুৱা আৰু সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাৰ লগতে তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, উপ পৌৰপতি সংগীতা বোস ঘোষ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, বাণ থিয়েটাৰৰ উপ সভাপতি ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, তেজপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া বৰষা তালুকদাৰ, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা, শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলনা, পৌৰ সদস্যা মৰমী শইকীয়া, সদস্য ৰমেন তামুলীকে ধৰি বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পিছতেই অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানত  শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অসমৰ জাতীয় জীৱনৰ এইগৰাকী কাণ্ডাৰীৰ অনুষ্ঠানত  জড়িত হ’বলৈ পাই ধন্য হৈছোঁ বুলি মন্তব্য কৰাৰ লগতে  তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত বিধায়ক পৃথ্বিৰাজ ৰাভাইও স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সঞ্জীৱ গোহাঞি বৰুৱাই ককাৰ স্মৃতিত তেজপুৰ চহৰত নিৰ্মাণ হোৱা আৱক্ষ মূৰ্তিৰ সন্মুখত উপস্থিত হৈ আজিৰ দিনটোত এনেদৰে স্মৰণ কৰাৰ সুযোগ একমাত্ৰ গোহাঞি বৰুৱা উপাধিটোৰ বাবেই সম্ভৱ হৈছে বুলি মন্তব্য কৰে। ইয়াৰোপৰি পুৱা তেজপুৰ সাহিত্য সভা ভৱনৰ সন্মূখত থকা আৱক্ষ মূৰ্ত্তিত সভাপতি ড০ ভূপেন শইকীয়াই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত কাৰ্যনিৰ্বাহক সদস্য সকলে অংশ গ্ৰহন কৰে। সেইদৰে সাহিত্য কাণ্ডাৰী গৰাকীয়ে প্ৰতিষ্ঠা কৰা অসমীয়া ক্লাবত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সভাপতি অৰুণা দেৱীৰ লগতে উপসভাপতি হেমন্ত লহকৰ, পংকজ বৰাই ।আনহাতে সাহিত্য কাণ্ডাৰী গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰতো সভাপতি বংকিম শৰ্মাই প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ১৫১ সংখ্যক ওপজা দিনটোৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নাতি সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাৰ লগতে কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্য সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More