সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে মুখৰিত হ’ল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ

তেজপুৰৰ সন্তান, জ্যেষ্ঠ সাংবাদিক গীতিকাৰ-সুৰকাৰ গৌতম শৰ্মাক সাংবাদিক সংগঠনকে ধৰি ১০ টা সামাজিক-সংস্কৃতিক অনুষ্ঠানৰ অভিনন্দন জ্ঞাপন

0 9

জীয়াই থকালৈকে তেজপুৰৰ বদনাম হ’ব পৰা কাম নকৰাৰ প্ৰতিশ্ৰুতি “আমাৰ অসম”ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ  চাৰিকুৰিৰো অধিক প্ৰতিযোগীৰ উপস্থিতিত আজি পুৱাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বন্দনা সংগীত বিদ্যালয় আৰু বন্দনা সংগীত কাননৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত সুধাকণ্ঠৰ কালজয়ী গীতেৰে মুখৰিত হৈ পৰে বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ।20230708 175508সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰতিযোগিতাখনৰ উদ্বোধক বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু বিচাৰক হিচাপে উপস্থিত থকা বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা সাংবাদিক গৌতম শৰ্মা আৰু সংগীত পৰিচালক হেমন্ত গোস্বামীৰ দ্বাৰা ধূপ প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত উদ্বোধক জিতুমণি দেৱচৌধুৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-দৰ্শনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক প্ৰভাবিত কৰাৰ পিছত কলাগুৰুৰ দৰ্শনে ড° ভূপেন হাজৰিকাক প্ৰভাবিত কৰিছিল আৰু তেনেকৈয়ে সেই সকল পুৰোধা ব্যক্তিৰ দৰ্শনেৰে জাতিটোৱে প্ৰাণ পাই উঠে বুলি কৈ এনে পুৰোধা সকলক আমি এনেদৰে স্মৰণ কৰি জাতিক আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰে। আনহাতে বিশিষ্ট সত্ৰীয়া শিল্পী শ্ৰীকুমাৰ বৰুৱাৰ নেতৃত্বত বন্দনা সংগীত কাননৰ সভানেত্ৰী বনদিপা হাজৰিকাৰ পৰিচালনাত সম্পাদিকা মণিষা চৌধুৰী, সদস্যা সুৰঞ্জনা শৰ্মা, মামণি কলিতা, জুৰি বৰাৰ লগতে একাংশই প্ৰতিযোগিতাৰ আৰম্ভণিতে পৰিৱেশন কৰে মহাপুৰুষ গৰাকীৰ এটি বৰগীত।20230708 175520 বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা এই প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানৰ মাজতে বিচাৰকৰ আসন অলংকৃত কৰা গীতিকাৰ, সুৰকাৰ তথা জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই তেজপুৰৰবাসীক গৌৰৱান্বিত কৰি অলপতে ৰাজ্যৰ অন্যতম জনপ্ৰিয় দৈনিক কাকত “আমাৰ অসম”ৰ কাৰ্যবাহী সম্পাদক হিচাপে নিযুক্তি লাভ কৰাত বন্দনা সংগীত কাননৰ লগতে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ তৰফৰ পৰা সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু সাধাৰণ পৰিচালক ভূপেন শৰ্মা, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা সভাপতি সঞ্জীৱ হাজৰিকা, সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াৰ নেতৃত্বত এটা সাংবাদিকৰ দলে, শোণিতপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা বাৰ্লিন কুমাৰ শইকীয়াই, তেজপুৰ সাহিত্য সভাৰ তৰফৰ পৰা সম্পাদক দ্বীজেন নাথ, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ তৰফৰ পৰা সম্পাদক জিন্টু বৰঠাকুৰে, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ তৰফৰ পৰা কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই, শোণিতপুৰ শিল্পী সমাজৰ তৰফৰ পৰা সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা আৰু সম্পাদক জয়ন্ত কাকতিয়ে, সোঁৱৰণী সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা কবি অনুপ অসমীয়াৰ লগতে লগতে বিহুৱতী তথা শিক্ষয়িত্ৰী দীপা দাসে গামোচা, স্মাৰক, ফুলাম জাপি, গ্ৰন্থ আদিৰে সাদৰ অভিনন্দন জ্ঞাপন কৰে। এই অভিনন্দন গ্ৰহণ কৰি আবেগিক হৈ পৰা তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ সন্তান গৌতম শৰ্মাই তেজপুৰবাসীৰ এনে মৰমে চিৰ ধৰুৱা কৰিলে বুলি মন্তব্য কৰি জীয়াই থকাৰ সময়লৈকে তেজপুৰবাসীৰ বদনাম হ’ব পৰা কোনো কাম নকৰোঁ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ পিছতেই আৰম্ভ হয় সদৌ অসম ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More