ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাগৰ ঘাটত আজি ফেৰী সেৱা বিকল হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ লখিমপুৰ নগৰৰ লগত একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে সোৱণশিৰি নদীৰ বক্ষৰে নাৱৰ জৰিয়তে লখিমপুৰৰ লগত যোগাযোগ কৰি অহা লোকসকলে আজি বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হয়৷ সোৱণশিৰি নদীত ঘাগৰ ঘাট আৰু হাতীয়েমৰা ঘাটৰ লগত সংযোগ কৰা এনে ফেৰীসেৱা বিকল হোৱা কাৰ্যই আজি স্থানীয় নাওযাত্ৰীসকলক ক্ষোভিত কৰি তোলে৷ উল্লেখ্য যে পূৰ্বতে ঘাগৰ ঘাটত দুখনকৈ নাও দিয়া হৈছিল যদিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন নাও কেতিয়াবাই বিকল হৈ পৰাত উক্ত ঘাটেৰে কেৱল এখন নাও হে চলি আছিল৷ আজি পুৱা ৮ বজাত উক্ত নাওখনো বিকল হৈ পৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হয়৷ পূজাৰ বতৰত চৰ চাপৰি অঞ্চলৰ লগতে ঢকুৱাখনা, বাসুদেৱ, বেবেজীয়া, ঘূনাসুতি, মৰনৈ আদি লোকসকলৰ একমাত্ৰ নদীপথ ঘাগৰ-হাতীয়েমৰা ফেৰী সেৱা ঘাটটোৰ একমাত্ৰ নাওখনো বিকল হৈ পৰাত যাত্ৰীসকলে পাৰত ৰৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে৷ অৱশ্যে বিয়লি ৩ বজাত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ তৎপৰতাত নাওখন সুচল হৈ উঠে৷ উল্লেখ্য যে সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত ইয়াৰ পূৰ্বেও বহুবাৰ নাও বিকল হৈ যাত্ৰীক দুৰ্ভোগ ভোগাই আহিছে৷ অৱশ্যে সোৱণশিৰিৰ ওপৰত প্ৰস্তাৱিত ঘূনাসুঁতি দলংখন নিৰ্মাণ হলে ৰাইজৰ সমস্যা লাঘৱ হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে৷