সোৱণশিৰি প্ৰকল্পস্থলীত জলপ্ৰলয়

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ব্যাহত

0 180

গেৰুকামুখত ধাৰষাৰ বৃষ্টিপাতঃ নামনিত আতংক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ চলিত বৰ্ষৰ বাৰিষাৰ আৰম্ভণিতে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অথন্তৰে দেখা দিছে৷ অৰুণাচলৰ প্ৰদেশত হৈ থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত ২০০০ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদীবান্ধ প্ৰকল্পটোত এতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷WhatsApp Image 2023 06 14 at 7.28.02 PM যোৱা কেবাদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত প্ৰকল্পটোৰ কাম-কাজ এক প্ৰকাৰে স্থবিৰ হৈ পৰিছে৷ বাঢ়নী পানীয়ে প্ৰকল্পটোৰ সৰু সুৰা নিৰ্মাণ ভাঙি পেলোৱাত প্ৰকল্পস্থলীত একপ্ৰকাৰে প্ৰলয়ৰ সৃষ্টি হৈছে৷ প্ৰকল্পটোৰ পৰা নামি অহা প্ৰৱল সোঁতে বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ কাম কাজ স্থবিৰ কৰি তোলাৰ লগতে চৌদিশে আতংক নমাই আনিছে৷ নেৰা-নেপেৰা বৰষুণৰ ফলতে প্ৰকল্পস্থলীত একপ্ৰকাৰে ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে৷ কালি সন্ধিয়াৰ ভাগত প্ৰকল্পটোৰ এটা কফাৰ ডেম ভাঙি যোৱাৰ ফলতে প্ৰকল্প স্থলী জলমগ্ন হৈ পৰে৷ বান্ধটোৰ স্পীলৱেজেৰে পানী বাগৰাৰ ফলত প্ৰকল্পস্থলীৰ টেলৰেচ চেনেল পানীৰে ভৰ্তি হৈ পৰাত প্ৰকল্পটোত এনে অথন্তৰৰ সৃষ্টি হৈছে৷ আনহাতে চলিত মাহত বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা প্ৰকল্পটোত শেহতীয়াকৈ মুঠ ৮ খন গেটৰ ভিতৰত কেৱল তিনিখন গেট হে সম্পূৰ্ণ হোৱাত বিদ্যুৎ উৎপাদনৰ নিধাৰিত সময় ডিচেম্বৰ মাহলৈ পিছুৱাই দিবলৈ বাধ্য হৈছে এন এইচ পি চি কতৃৰ্পক্ষ৷ অৱশ্যে বাকী থকা ৬খন গেট শীঘ্ৰে সম্পূৰ্ণ কৰি তোলা হ’ব আৰু ইয়াৰ পিছতে ডিচেম্বৰ মাহৰ পৰা প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি প্ৰকল্পটোৱে উৎপাদন কৰিব বুলি এন এইছ পি চিৰ এক কতৃৰ্ত্বশীল সূত্ৰই জানিবলৈ দিছে৷ ইফালে সোৱণশিৰি প্ৰকল্পস্থলীত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ পিছত ইয়াৰ প্ৰভাৱ লখিমপুৰ-ধেমাজিৰ নামনিলৈও সম্প্ৰসাৰিত হৈছে৷ বিশেষকৈ লখিমপুৰ জিলাৰ নামনি অঞ্চল কাটৰি চাপৰি, ভীমপৰা, ঘূনাসুঁতি, মঘুৱাচুক, কলাখোৱা, মহাইজান, ছাগলীকটা, এছাৰাকটা, ন-আলি, বদতি জামুগুৰি আদি অঞ্চলসমূহত প্ৰবল বান আৰু খহনীয়াৰ সৃষ্টি হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More