“স্বাধীনতা দিৱস”ত সৰ্বাত্মক বন্ধৰ আহ্বান আলফা স্বাধীনৰ

"স্বাধীনতা দিৱস" উদযাপন কৰিবলৈ লোৱাটো অন্যায়, ঐতিহাসিকভাবে অপ্ৰাসংগিক আৰু মূল্যহীন--আলফা স্বাধীন

0 160

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ আগষ্টঃ পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰৰ ১৫ আগষ্টৰ “স্বাধীনতা দিৱস”ত সৰ্বাত্মক বন্ধৰ আহ্বান দিছে আলফাই। সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ লগতে এন এছ চি এন/জি পি আৰ এনে এক যৌথ বিবৃতিত অসম, নাগাভূমি, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ত ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে ই মেইলযোগে প্ৰেৰণ কৰা বিবৃতিত কৈছে যে “কভিড ১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে আমাৰ পশ্চিম-দক্ষিণ পূব এচিয়া অঞ্চলৰ আৰ্থ সামাজিক দিশত কোঙা কৰাৰ উপৰি এনে সময়তে হাজাৰ হাজাৰ থলগিৰি কৃষিজীৱী পৰিয়াল বানপানী আৰু ভূমিস্খলনত ঘৰ ভেটি হেৰুৱাই সীমাহীন দুখ দুৰ্গতিৰে অঘৰী জীৱন কটাইছে, দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি আত্মহত্যা পৰ্যন্ত কৰিছে তথা মানৱ সম্পদৰ যথোপযুক্ত ব্যৱহাৰ নোহোৱাৰ বাবে অপচয় হৈছে মানৱ সম্পদ, আত্মসন্মান আৰু মৰ্যাদা সহকাৰে জীয়াই থকাটো এতিয়া সুদূৰ পৰাহত, আনহাতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে থলগিৰি আজি ঋণৰ জালত পৰি, জি এছ টিৰ কেঁকোৰা চেপাত, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে এশ এবুৰি সমস্যাত তথাকথিত স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো ককবকাইছে।সৰ্বসাধাৰণৰ জীৱনশৈলীৰ নিম্নগামী এনে আপদকালত পীড়িত জনগণৰ কাষত থিয় দিবলৈ অসমৰ্থ ৰাষ্ট্ৰই ১৫ আগষ্টত, ইয়াৰ ৭৬ সংখ্যক তথাকথিত “স্বাধীনতা দিৱস” উদযাপন কৰিবলৈ লোৱাটো অন্যায়, ঐতিহাসিকভাবে অপ্ৰাসংগিক আৰু মূল্যহীন।”
সেয়ে আলফাৰ লগতে এন এছ চি এনে স্বাধীনতা দিৱস ৰাজহুৱা বা ব্যক্তিগত পৰ্যায়ত পালনৰ পৰা বিৰত থাকিবলৈ জনগণক আহ্বান জনাইছে। ১৫ আগষ্ট আৰম্ভ হোৱা নিশা ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সৰ্বাত্মক বন্ধৰ ঘোষণা কৰাৰ লগতে এই সময়চোৱাত জৰুৰীকালিন বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম কাজক ৰেহাই দিয়া বুলি সদৰী কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More