স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা

লখিমপুৰ আৰক্ষীয়ে মৰিগাঁৱৰ পৰা আটক স্বামীসহ পৰীক্ষাৰ্থী 

0 32
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰীক্ষাকেন্দ্ৰত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত হয়৷ উক্ত পৰীক্ষাত লখিমপুৰৰ এটা কেন্দ্ৰৰ পৰা এখন প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহত আজি লখিমপুৰ আৰক্ষীয়ে সুদূৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা দুই স্বামী-স্ত্ৰীক আটক কৰি লখিমপুৰ সদৰ থানাত সোধপোচ অব্যাহত ৰাখিছে৷ ধৃত নাছিমা বেগমে দেওবাৰে লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত তথা লীলাবাৰীৰ উজ্জ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ মহিলা পৰীক্ষাৰ্থীগৰাকীৰ লগত অভিভাৱক হিচাপে তেওঁৰ স্বামী মফিজউদ্দিন আহমেদো দেওবাৰে পৰীক্ষা কেন্দ্ৰৰ সন্মুখত উপস্থিত আছিল৷ আৰক্ষীয়ে এই মহিলা পৰীক্ষাৰ্থীগৰাকীৰ ম’বাইলৰ পৰাই স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকতখন ফাদিল হোৱাৰ সন্দেহ প্ৰকাশ কৰি আজি দুয়োকে মৰিগাঁৱৰ পৰা আটক কৰে৷ ইফালে লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে পৰীক্ষাৰ্থীগৰাকীক জেৰা চলাই থকাৰ সময়ত মহিলাগৰাকীয়ে এনে কাৰ্যত জড়িত নাই বুলিহে আৰক্ষীক কয়৷ ইফালে ঘটনা সন্দৰ্ভত মহিলাগৰাকীক তেওঁৰ স্বামী মফিজউদ্দিনে সহায় কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি তেওকো জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা-তালাচীৰ মাজতো কেনেদৰে অ’ এম আৰ চিট ভাইৰেল হ’বলৈ পালে তাক লৈ ব্যাপক চৰ্চা চলিছে৷ ভাইৰেল হোৱা প্ৰশ্ন কাকতখন আটকাধীন মহিলাগৰাকীৰ বুলি আৰক্ষী নিশ্চিত হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More