“হাতী আৰু ফান্দি” ৰে সামৰণি পৰিল তেজপুৰৰ বাণ থিয়েটাৰৰ নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ 

0 182
শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫ আগষ্টঃ তেজপুৰলৈ নাটক কৰিবলৈ আহিব লাগিব বুলি ভাবিয়েই যথেষ্ট ভয় লাগিছিল। তাতে ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত নাটক কৰিবলৈ আহি ভয়ে ভয়ে মঞ্চত উঠিছিলোঁ। কিন্তু নাটক চলি থকা সময়ত অভূতপূৰ্ব ৰুচিশীল দৰ্শকৰ সঁহাৰিত সেই ভয় নোহোৱা হ’ল বুলি কালি নিশা বাণ থিয়েটাৰৰ মঞ্চত সাংবাদিকৰ সন্মুখত মন্তব্য কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। উল্লেখ্য যে, যোৱা ৩১ জুলাইৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি অন্তিম দিনটোত গুৱাহাটীৰ “নাট কথা” নামৰ নৃত্যানুষ্ঠানটিয়ে নাট্যপ্ৰাণ মুনীন ভূঞাৰ জনপ্ৰিয় নাটক “হাতী আৰু ফান্দি” ৰ বলিষ্ঠ মঞ্চায়ন কৰে। দৰ্শকৰ পাৰভঙা উছাহৰ মাজত কালজয়ী নাটকখনৰ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰা বৰষা ৰাণী বিষয়াই নাটকৰ অন্তত তেজপুৰৰ সাংবাদিকৰ আগত আৰু কয় – তেজপুৰৰ দৰ্শকে নাটক কি সেই কথা ভালকৈ উপলব্ধি কৰে। দৰ্শক সকল যথেষ্ট ছিৰিয়াছ। সেয়েহে তেজপুৰত নাটক কৰাৰ আমেজেই সুকীয়া বুলি কৈ এনেকুৱা বিপুল সংখ্যক দৰ্শকৰ সন্মুখত অভিনয় কৰিবলৈ ভাগ্য লাগিব বুলিও মন্তব্য কৰে। আনহাতে নাটকখনৰ আন এটি অন্যতম মুখ্য চৰিত্ৰত প্ৰাণস্পৰ্শী অভিনয় কৰা খ্যাতিসম্পন্ন নাট্য আৰু সত্ৰীয়া নৃত্যৰ শিল্পী গুণাকৰ দেৱগোস্বামীয়ে বাণ থিয়েটাৰ এনেকুৱা এখন মঞ্চ এই মঞ্চত অকল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ সকলো নাট্যশিল্পী এই মঞ্চত নাটক কৰিবলৈ আহিব লাগে। নাটক চাবলৈ এনেদৰে অভুতপূৰ্ব দৰ্শক ওলাই অহাতো নাট শিল্প ক্ষেত্ৰখনৰ সৈতে জড়িত সকলৰ বাবে এক আশাব্যঞ্জক খবৰ বুলি কৈ বাণ থিয়েটাৰত নাটক কৰিবলৈ পোৱাতো ভাগ্যৰ কথা বুলি কয়। কালিৰ অন্তিমখন নাটক আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বাণ থিয়েটাৰৰ পদেন সদস্য তথা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। এগৰাকী বিশিষ্ট নাট্যশিল্পী মাণিক আহমেদৰ দক্ষতাপূৰ্ণ পৰিচালনাত নাটকখনৰ অন্যতম মুখ্য চৰিত্ৰত খ্যাতিসম্পন্ন অভিনেতা তথা নৃত্যশিল্পী গুণাকৰ দেৱগোস্বামী আৰু জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই মঞ্চত প্ৰৱেশ কৰাৰ পিছতেই উৎসুক দৰ্শক সকল নিস্তব্ধ হৈ পৰা  পৰিলক্ষিত হয়। অসমীয়া সমাজ জীৱনত এসময়ত হাতীৰ মহল আছিল এক অভিজাত ব্যৱসায়ৰ প্ৰতীক স্বৰূপ। এই মহলৰ বাবে বা ব্যৱসায়ৰ বাবে হাতী ধৰা হ’ল এক জটিল বিদ্যা। ইয়াৰ লগতে জড়িত হৈ থকা মহলদাৰ অৰ্থাৎ মহাজনৰ জৰিয়তে শোষণ প্ৰক্ৰিয়া আৰু হাতী-মাউতৰ কৰুণ কাহিনীক হাতী ধৰাৰ লগত জড়িত থলুৱা গীত মাত, হাতী শিকনীৰে অতি উপভোগ্য কৰি নাট্যপ্ৰাণ মুনীন ভূঞাই ৰচনা কৰা নাটকখনে কালি নিশা বাণ থিয়েটাৰৰ মঞ্চত  সকলো শ্ৰেণীৰ দৰ্শককে মুগ্ধ কৰি তোলা পৰিলক্ষিত হয়। প্ৰতাপ শৰ্মাৰ অতি মনোৰম সংগীত, দিলীপ গগৈৰ সুন্দৰ আলোক সম্পাত, প্ৰসিদ্ধ কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ কলা নিৰ্দেশনাৰে সফল মঞ্চায়ন হোৱা নাটকখনৰ মহাজনৰ চৰিত্ৰত গুণাকৰ দেৱগোস্বামীয়ে কৰা অভিনয়ে সকলো দৰ্শককে যেনেদৰে মুগ্ধ কৰি তোলে একেদৰে ফান্দিৰ পত্নীৰ চৰিত্ৰ ৰূপায়ন কৰা বৰষা ৰাণী বিষয়াৰ বলিষ্ঠ অভিনয় আৰু ফান্দিৰ চৰিত্ৰ ৰূপায়ণ কৰা চলচ্চিত্ৰৰ এগৰাকী দক্ষ অভিনেতা ৰূপম চেতিয়াৰ সাৱলীল অভিনয়ে সকলোকে আকৰ্ষিত কৰি তোলে। সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে অধিক উপভোগ্য নাটকখনৰ একমাত্ৰ শিশু চৰিত্ৰটো ৰূপায়ণ কৰা জনপ্ৰিয় অভিনেতা আব্দুল মজিদৰ নাতি তথা শিল্পী কাজুৰ মজিদৰ পুত্ৰ আকিব মজিদে ককাৰ উত্তৰসূৰী হিচাবে যেন নিজৰ পাৰদৰ্শিতাৰে আত্মপ্ৰকাশ কৰে। নাটকখনৰ অনান্য চৰিত্ৰ সমূহ অতি সাৱলীল ভাৱে ৰূপায়ণ কৰা শিল্পী সকল আছিল ক্ৰমে – ডা০ মুনীন্দ্ৰ দাস, অমিতাভ ৰাজখোৱা, প্ৰতাপ শৰ্মা, লক্ষ্যজিৎ তামুলী ফুকন, চৈয়দ মচফিকা, ধ্ৰুৱজ্যোতি দত্ত, মুন কুমাৰ শইকীয়া, চন্দন মিশ্ৰ, বৈদুৰ্য চাংমাই, নৃপেন চন্দ্র দাস, গণেশ দাস আৰু যদুমণি দত্ত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More