হিন্দু পৰিচয়ৰে কামাখ্যাত বিবাহ কৰি পত্নীক প্ৰতাৰণা: গ্ৰেপ্তাৰ তেজপুৰৰ আব্দুল ছাহজাহান শ্বেখ

0 50

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০জুলাই: নিজকে হিন্দু বুলি পৰিচয় দি তেজপুৰৰ আব্দুল ছাহজাহান শ্বেখ নামৰ এজন লোকে বিশ্বনাথৰ এগৰাকী মহিলাক পলুৱাই আনি কামাখ্যাত হিন্দু নিয়ম অনুসৰি বিয়া পাতি মহিলা গৰাকীৰ হাতত থকা সাতলাখ টকা আত্মসাৎ কৰে। বৰ্তমান স্বামীৰ প্ৰকৃত পৰিচয় ওলোৱাৰ পাছতে মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰা আব্দুলৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে আজি তেজপুৰ সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে,কৰ্মসূত্ৰে বিশ্বনাথত থকাৰ সময়তে ইতিমধ্যে প্ৰথম স্বামীৰ বিয়োগ ঘটা মহিলাগৰাকীৰে পৰিচয় হৈছিল আব্দুলৰ। নিজকে মিন্টু ৰয় বুলি পৰিচয় দিয়া আব্দুুলে পাছত মহিলাগৰাকীক পলুৱাই আনে পলফিল্ডৰ নিজা ঘৰলৈ। ইপিনে মহিলাগৰাকীৰ হাতত পূৰ্বৰ স্বামীৰ বিয়োগৰ পাছত লাভ কৰা সাতলাখ টকা আছিল আৰু সেই টকাও ব্যয় কৰি শেষ কৰে আব্দুলে। ইয়াৰ পাছৰে পৰাই আব্দুলে মহিলাগৰাকীৰ ওপৰত শাৰিৰীক মানসিক নিৰ্যাতন আৰম্ভ কৰাৰ লগতে ধৰ্মান্তৰিত কৰাৰ বাবে বল প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। কামাখ্যাত বিয়া পতাৰ ছমাহৰ পাছতহে মিন্টু ৰয় প্ৰকৃততে আব্দুল বুলি জানিব পাৰি বিমূঢ়ত পৰা মহিলাগৰাকীক আনকি আব্দুলৰ দুই ভনী জোৱাঁয়েকেও শাৰিৰীক সম্পৰ্ক কৰিবলৈ জোৰ পৰিছিল যদিও এনে অসৎ উদ্দেশ্যত বিফল হয় বুলি আজি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে। তেওঁ কয় যে ইয়াৰ পূৰ্বেও আব্দুলে আন এগৰাকী হিন্দু যুৱতীকে বিয়া কৰোৱাৰ নামত কিছুদিন ৰাখি পাছত অত্যাচাৰ চলাই খেদি পঠাইছিল। আনকি দ্বিতীয় গৰাকী পত্নী থকা সত্বেও তৃতীয় এগৰাকীকো ঘৰলৈ অনা আব্দুলে এনে দুস্কাৰ্য পৰিকল্পিত ভাবে আৰু লাভ জেহাদৰ অংশ হিচাপেই কৰে বুলি অভিযোগ উঠিছে। ইতিমধ্যে আব্দুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More