হিমালয়তকৈ চাৰিগুণ দীঘল পর্বতমালা !

পোৱা গৈছে ‘প্রমাণ’

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ এপ্ৰিল : এছিয়া মহাদেশৰ এক বৃহৎ অংশ জুৰি আছে হিমালয় পর্বতমালা। কিন্তু হিমালয়তকৈয়ো বিস্তৃত পর্বতমালা যে এইখন পৃথিৱীতে আছিল, তাৰ প্রমাণ পাইছে Australian National Universityৰ গৱেষকসকলে। তেওঁলোকে এই পৰ্বতমালাক আখ্যা দিছে ‘মহাপর্বতমালা’ বা supermountains। গৱেষকসকলৰ দাবী— পৃথিৱীৰ গঠনতো গুৰুত্বপূর্ণ ভূমিকা লৈছিল এই পর্বতমালাই। সম্প্রতি এক ভূতাত্ত্বিক গৱেষণা সংক্রান্তীয় জার্নালত এই ‘মহাপর্বতমালা’ৰ বিষয়ে এটা প্রবন্ধ প্রকাশ পাইছে। হিমালয়তকৈ চাৰিগুণ বেছি এলেকাজুৰি বিস্তৃত আছিল এই পর্বতমালা। হিমালয়ৰ পৰিসৰ ২৩০০ কিলোমিটাৰ। তাৰ তুলনাত সদ্য প্ৰমাণ পোৱা পর্বতমালাৰ এলেকা ৮ হাজাৰ কিলোমিটাৰ। পৃথিৱীৰ সৃষ্টিৰ ইতিহাসত দুটা পর্বত এই পর্বতমালা গঠিত হৈছিল বুলি গৱেষকসকলে মত পোষণ কৰিছে। প্রথমবাৰ গঠিত হৈছিল ২০০০ কোটিৰ পৰা ১৮০০ কোটি বছৰ আগেয়ে আৰু দ্বিতীয়বাৰ ইয়াৰ গঠন প্রক্রিয়া আৰম্ভ হয় ৬৫০ৰ পৰা ৫০০ কোটি বছৰ আগেয়ে। প্ৰথমবাৰ গঠন হোৱা পৰ্বতমালাক নাম দিয়া হৈছে নুনা পৰ্বতমালা (Nuna Supermountain) আৰু দ্বিতীয়বাৰ গঠন হোৱা পৰ্বতমালাক আখ্যা দিয়া হৈছে Transgondwanan Supermountain বুলি। গৱেষকসকলে জনাইছে যে, এই পর্বতমালাৰ এনেদৰে দুবাৰ গঠিত হোৱাৰ লগত পৃথিৱীৰ বিৱৰ্তনৰ ইতিহাসৰ সংযোগ আছে। Earth and Planetary Science Letters জার্নালত প্রকাশিত এই গৱেষণাপত্রত কোৱা হৈছে যে, উক্ত সুউচ্চ পর্বতমালাৰ তলত এনে কিছুমান বিৰল খনিজ উপাদানৰ সন্ধান পোৱা গৈছে যিবোৰ সাধাৰণতে তীব্র চাপৰ ফলত সৃষ্টি হয়। ইয়াৰ পৰাই তেওঁলোকে অনুমান কৰিছে যে, ‘মহাপর্বত’ৰ উত্থানৰ লগত পৃথিৱীৰ বিৱৰ্তন জড়িত আছে। গৱেষকসকলৰ মতে, জীৱৰ বিৱর্তনৰ ক্ষেত্রতো এই ‘মহাপর্বতমালা’ৰ ভূমিকা গুৰুত্বপূর্ণ।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More