হেমন্ত শইকীয়াৰ গ্ৰন্থ ‘অন্বেষণ’ উন্মোচন

লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিক্ষক তথা লেখক হেমন্ত শইকীয়াই ৩২গৰাকী ব্যক্তিৰ জীৱনৰ আধাৰত যুগুতাই উলিওৱা গ্ৰন্থ 'অন্বেষণ'ৰ প্ৰথম খণ্ডটো দিনৰ ১২.৩০ বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়।

0 57

মুক্তাৰ আলী, ৪ ডিচেম্বৰ : “ইতিহাস খৰছি মাৰি লিখা উচিত। ইতিহাসে ভৱিষ্যৎ প্ৰজন্মৰ জ্ঞানচক্ষু মুকলি কৰে। আজি গ্ৰন্থত স্থান দিয়া ব্যক্তিসকলক জানিবলৈ বা বুজিবলৈ ভৱিষ্যতে অন্বেষণ হ’ব পাৰে। ইতিহাসত স্পষ্টভাৱে লিপিবদ্ধ নোহোৱাৰ বাবেই আজিও বাঘ হাজৰিকা চৰিত্ৰটোক লৈ বিতৰ্ক চলি আছে ,চলি থাকিব। এই সন্দৰ্ভ তেজপুৰত এজন গৱেষকে বাঘ হাজৰিকা চৰিত্ৰটো কল্পনাপ্ৰসূত আৰু মৌখিক নাম বুলিহে উল্লেখ কৰিছিল।”— এই বক্তব্য মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ দিবাকৰ চন্দ্ৰ ডেকাৰ। আজি নাৰায়ণপুৰৰ জেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত হেমন্ত শইকীয়াৰ ‘অন্বেষণ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি এই বক্তব্য ৰাখে উপাচাৰ্যগৰাকীয়ে।

1670156654627 01

গ্ৰন্থ উন্মোচক ড° দিবাকৰ চন্দ্ৰ ডেকা

নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত গ্ৰন্থ উন্মোচনী সভাখনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিক্ষক তথা লেখক হেমন্ত শইকীয়াই ৩২গৰাকী ব্যক্তিৰ জীৱনৰ আধাৰত যুগুতাই উলিওৱা গ্ৰন্থ ‘অন্বেষণ’ৰ প্ৰথম খণ্ডটো দিনৰ ১২.৩০ বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। সভাখনত সভাপতিত্ব কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ নৰেন্দ্ৰ নাথ শৰ্মাই। ‘পাপৰি কবি’ বঁটাপ্ৰাপক বংশী বৰা, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক চন্দ্ৰ হাজৰিকা, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰনাথ শইকীয়া, বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ড° মিনেশ্বৰ দলে আদি উপস্থিত থকা সভাখন বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে আদৰ্শ কৃষক থানেশ্বৰ বৰাই আৰু খোলবাদন প্ৰদৰ্শন কৰে শিল্পী পেঞ্চনাৰ দেৱেন শইকীয়া বৰবায়নে। লেখক তথা সাংবাদিক জগত গগৈয়ে আঁতধৰা সভাখনত শতাধিক জেষ্ঠ নাগৰিক তথা শিল্পী-সাহিত্যিক উপস্থিত থাকে। লেখক হেমন্ত শইকীয়াই সভাত নিজৰ মনৰ কথা চমুকৈ কোৱাৰ লগতে উপস্থিতসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More