আঘোণৰ সন্ধিয়া কাব্যিক অনুভূতিৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব

জনপ্ৰিয় কবি ডাঃ প্ৰণয় ফুকনৰ উপস্থিতিত "কবিতাৰ এসন্ধ্যা"

0 26

সমাজৰ অৱক্ষয় দেখিলে কবি নিৰৱে থাকিব নোৱাৰে – ডাঃ ফুকন

শতাব্দ’ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ডিচেম্বৰঃ শৈশৱৰ স্মৃতি, তাৰুণ্যৰ সপোন, যৌৱনৰ দীপ্তি, নদী, প্ৰকৃতি, প্ৰতিবাদ, ৰাজনীতি আদি বিভিন্ন উপাদান সমৃদ্ধ জনপ্ৰিয় তথা বিশিষ্ট কবি, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনৰ বুদ্ধিদীপ্ত প্ৰাঞ্জল কবিতাৰ নিয়ৰেৰে কালি আঘোণৰ সন্ধিয়া সিক্ত হৈ পৰিল তেজপুৰৰ সাহিত্য কাণ্ডাৰীৰ স্মৃতি বিজড়িত শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষ ।IMG 20221204 WA0059উল্লেখ্য যে, তেজপুৰৰ একাংশ কাব্যনুৰাগী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসমীয়া ক্লাবে আয়োজন কৰা “কবিতাৰ এসন্ধ্যা” শীৰ্ষক এই মনোৰম সন্ধিয়াটিৰ অনুষ্ঠান আৰম্ভ হয় বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই ৰচনা কৰা অসমীয়া ক্লাবৰ শীৰ্ষ গীতেৰে।অসমীয়া ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱীৰ পৌৰোহিত্যত সম্পাদক অনু দেৱী মহন্তই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে ক্লাবৰ কাৰ্যকৰী সদস্যা তথা দৰংমহাবিদ্যালয়ৰ অধ্যাপিকা ড° স্বপ্নালী দেৱীয়ে বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনৰ জীৱন পৰিচিতি দাঙি ধৰি প্ৰয়াত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে এইগৰাকী চিকিৎসকক কবি হিচাপে আৱিস্কাৰ কৰি হোমেন বৰগোহাঞিয়ে নিজেই প্ৰণয় ফুকনৰ কবিতা সন্দৰ্ভত কৰা মন্তব্য – “তেওঁৰ কবিতা যেন নিৰ্জন অৰণ্যৰ মাজেদি বৈ থকা এখন মৃদুভাষিনী নৈ” ৰ প্ৰসংগ উত্থাপন কৰে। ইয়াৰ পিছতেই নিজৰ স্বভাৱসুলভ আকৰ্ষণীয় বাক ভংগীমাৰে ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় কবি ডাঃ প্ৰণয় ফুকনে এটা এটাকৈ পাঠ কৰি যায় সকলোৰে হৃদয় স্পৰ্শ কৰিব পৰা অতি প্ৰাঞ্জল ভাষাৰ বহুকেইটা নিৰ্বাচিত কবিতা। আনহাতে এই মনোৰম অনুষ্ঠানটিত বিশিষ্ট কবি ফুকনে কবিতাই সমাজৰ বিৱৰ্তন আনিব নোৱাৰে বুলি মন্তব্য কৰি সমাজৰ অৱক্ষয় দেখিলে কবি নিৰৱে থাকিব নোৱাৰে বুলি মন্তব্য কৰাৰ লগতে যুদ্ধৰ বিভীষিকা দেখিলে, ধৰ্মৰ গোড়ামী দেখিলে, দেশত দুৰ্ভিক্ষ হ’লে, প্ৰকৃতিৰ বিনাশ দেখিলে, নাৰীক নিৰ্যাতন কৰা দেখিলে, শাসকৰ স্বৈৰাচাৰ দেখিলে কবিয়ে হাতত কলম তুলি লয় বুলি মন্তব্য কৰে। উল্লেখ্য যে, বিভিন্ন বিষয়বস্তুৰ প্ৰণয় ফুকনৰ এই ৰসাল কবিতা পাঠৰ পিছতেই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়েও আবৃত্তি কৰে স্বৰচিত এটি সুন্দৰ কবিতা।আনহাতে বিশেষ কাব্যিক অনুভূতিৰে জীপাল হৈ পৰা এই অনুষ্ঠানতে তেজপুৰৰ বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে হেম বৰুৱাৰ বিখ্যাত কবিতা “মমতাৰ চিঠি” সুললিত কন্ঠেৰে নাটকীয় শৈলীৰে আবৃত্তি কৰি অনন্য পৰিৱেশৰ সূচনা কৰে। উল্লেখ্য যে, সন্ধিয়া ৫ ৩০ বজাৰ পৰা নিশা পৰ্যন্ত সুকোমল কাব্যিক অনুভূতিৰে সিক্ত হৈ পৰা অনুষ্ঠানটিত তেজপুৰৰ আন এগৰাকী বিশিষ্ট কবি তথা দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° ৰৌচন আৰা বেগমেও স্বৰচিত দুটি কবিতা পাঠ কৰাৰ লগতে বিশিষ্ট শিক্ষাবিদ লিপিকা চহৰীয়াই সাম্প্ৰতিক সময়ৰ আন এগৰাকী জনপ্ৰিয় কবি নিলীম কুমাৰৰ এটি কবিতা আবৃত্তি কৰে।অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে অসমীয়া ক্লাবৰ কাৰ্যকৰী সদস্য দিলীপ কুমাৰ বৰুৱাই। উল্লেখ্য যে অনন্য সুন্দৰ শব্দ চয়ন আৰু সুকুমল কাব্যিক অনুভূতিৰে সিক্ত কবিতা ৰচনাৰে জনপ্ৰিয়তা লাভ কৰা প্ৰণয় ফুকনে বৰ্তমানলৈকে “মোৰে শপত টেলিফোন নকৰিবা”, “মোক কিয় দূষিছ হিৰণ্ময়ী”, “অলপ ভাল পোৱা অলপ যন্ত্ৰণা”, “মহাভাৰত, প্ৰেম আৰু যন্ত্ৰণাৰ পদাৱলী”, “এখন্তেক নিজৰ স’তে”, আৰু “নিৰ্বাচিত কবিতা” শীৰ্ষক কাব্য গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More