হোটেলত কিয় ব্যৱহাৰ হয় বগা বিছনা চাদৰ ?

বিশেষজ্ঞৰ মতামত জানো আহক

0 60

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ এপ্রিল : ফুৰিবলৈ গৈ হোটেলত থকাৰ সময়ত ঘৰৰ লগতে প্রথমে যিবোৰ বিষয় চকুত পৰে তাৰ ভিতৰত অন্যতম হ’ল বিছনা চাদৰ। অধিক ক্ষেত্রতেই দেখা যায়, হোটেলৰ বিছনাত বগা ৰঙৰ চাদৰ ব্যৱহাৰ কৰা হয়। গাৰুৰ গিলিপো হয় বগা ৰঙৰ। শুনা যায় যোৱা শতিকাৰ নব্বৈৰ দশকত আমেৰিকাৰ এখন হোটেলত বগা বিছনা চাদৰৰ ব্যৱহাৰ প্রচলন কৰে। বগা ৰং অপেক্ষাকৃতভাৱে সহজে লেতেৰা হয়। তাৰ পিছতো হোটেল কর্তৃপক্ষই বগা ৰঙৰ বিছনা চাদৰ বাছি লয় কিয়? বিশেষজ্ঞৰ মতে বগা ৰং ব্যৱহাৰৰ অন্তৰালত আছে একাধিক কাৰণ। যিহেতু বগা ৰং সহজে লেতেৰা হয়, সেয়ে পৰিচ্ছন্ন বগা গাৰু বা বিছনা চাদৰে হোটেলত অতিথিৰ মনত পৰিচ্ছন্নতাৰ অনুভূতি সৃষ্টি কৰে। আনি দিয়ে মানসিক পৰিতৃপ্তি। আনহাতে বগা ৰঙত পোহৰ সকলোতকৈ বেছি প্রতিফলিত হয়। সেয়ে বগা বিছনা চাদৰ, গাৰু বা পর্দা ব্যৱহাৰ কৰাৰ ফলত হোটেলৰ কোঠাবোৰ বহু বেছি উজ্জ্বল বুলি ধাৰণা হয়। তদুপৰি বগা ৰঙৰ বহুল ব্যৱহাৰৰ ফলত ঘৰ বা কোঠা ডাঙৰ দেখা যায়। এই কথা সত্য যে, বগা বিছনা চাদৰত মলি বৰ সহজে লাগে। কিন্তু কোনো হোটেলত যদি কেৱল বগা বিছনা চাদৰ, গাৰু, পর্দা ব্যৱহৃত হয়, তেতিয়া লেতেৰা হ’লে সকলোবোৰ একেলগে ধুই পেলোৱা হয়। কিন্তু একেলগে একাধিক ৰঙৰ বিছনা চাদৰ ব্যৱহাৰ কৰিলে এখনৰ পৰা ৰং উঠি বগা চাদৰবোৰত লাগিব পাৰে। কিন্তু সকলো বিছনা চাদৰ আৰু গাৰুৰ গিলিপ বগা হ’লে এই আশংকা নাথাকে। অনেক সময়ত দেখা যায়, একেখন হোটেলতে বেলেগ বেলেগ কোঠাত বেলেগ বেলেগ ৰঙৰ দেৱাল থাকে। বগা ৰং যিকোনো ৰঙৰ দেৱাল বা আচবাবৰ লগতেই দেখিবলৈ শুৱনি হয়। কোঠাৰ দেৱালৰ ৰঙৰ লগত বিছনা চাদৰ, গাৰু বা পর্দাৰ ৰং নিমিলিলে দেখিবলৈ ভাল নালাগে।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More