১৩অক্টোবৰৰ পৰা তেজপুৰত ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা

0 13
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১২ছেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১৩ অক্টোবৰৰ পৰা ক্ৰীড়া সন্থাৰ খেলপথাৰ পলফিল্ডত আৰম্ভ হ’ব ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা৷ উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত ডুগৰ শ্বিল্ড প্ৰতিযোগিতাৰ বিকল্প হিচাপে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক তথা দ্বিতীয় শ্ৰেণীৰ ফুটবল ৰেফাৰী প্ৰয়াত ৰাজেন বৰঠাকুৰৰ তৎপৰতাত আৰম্ভ হৈছিল তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ৷ কিন্তু যোৱা দুবছৰে ক’ভিদৰ বাবে এই প্ৰতিযোগিতাখন স্হগিত আছিল৷ আজি তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ পলফিল্ড স্হিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত ক্ৰীড়া সন্হাটোৰ সভাপতি জিতেন বৰঠাকুৰে কয় যে অহা ১৩-২৩অক্টোবৰলৈ অনুষ্ঠিতব্য তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখন এইবাৰ ক্ৰীড়া সংস্হাটোৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ আৰু ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ সোঁৱৰণত উৎসৰ্গা কৰা হৈছে৷ জিলা ক্ৰীড়া সন্হাটোৰ উপদেষ্টা মৃদুল শৰ্মা,সম্পাদক জিতেন বৰা আৰু ফুটবল বিভাগৰ সম্পাদক অশ্বিনী বৰাই অংশ লোৱা এই সংবাদমেলত ফুটবল সম্পাদক বৰাই কয় যে ইতিমধ্যেই দেশ তথা ৰাজ্যৰ মুঠ ১৪টা আগশাৰীৰ ফুটবল দলৰ স’তে যোগাযোগ কৰা হৈছে যদিও প্ৰতিযোগািতা খনত ১০টা দলে যোগদান কৰাটো নিশ্চিত হৈছে৷ ইয়াৰে ভিতৰত মহমেদান স্পৰ্টিং ক্লাৱ, চিক্কিম ফুটবল একাডেমি, অইল ইণ্ডিয়া, বিদ্যুৎ পৰিষদ, অসম পুলিচ, ছিলঙৰ অসম ৰেজিমেন্টেল চেন্টাৰ, বঙাইগাঁও একাদশ, গোৰ্খা ৰেজিমেন্টেল চেন্টাৰ ছিলং, অসম ৰাইফলছ, নগালেণ্ড পুলিছ আৰু গ্ৰীণ ভেলি দলে এই প্ৰতিযোগিতাখনত অংশ ল’ব৷ ১৫-২০লাখ টকা বাজেটৰ এই প্ৰতিযোগিতাখনত বিজয়ী দলে ট্ৰফী সহ একলাখ আৰু বিজিত দলে ট্ৰফী সহ ৫০হেজাৰ টকা লাভ কৰিব৷ তদুপৰি প্ৰতিযোগিতাৰ প্ৰতিখন খেলৰে শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত কৰাৰ লগতে ফাইনেলত ব্যক্তিগত প্ৰদৰ্শনৰ একাধিক পুৰস্কাৰ থাকিব৷ সংবাদ মেলত বৰাই লগতে কয় যে, প্ৰতিযোগিতাখনৰ দুখন ছেমিফাইনেল আৰু ফাইনেল খেলখন নৈশলোকত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা কৰা হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More