১৪ খন জিলাৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত

0 29

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ সম্প্ৰতি ৰাজ্যৰ ১৪খন জিলা বানৰ কবলত পৰিছে৷ এই জিলা সমূহৰ ৩২টা ৰাজহ চক্ৰৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত হোৱাৰ লগতে আঠটা স্থানত মথাউৰি ভাঙিছে৷ আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে। উল্লেখযোগ্য যে, এক চৰকাৰী কাৰ্যসূচীত অংশ ল’বলৈ অহা মন্ত্ৰীজনে যোৱা নিশা তেজপুৰস্হ আৱৰ্ত ভৱনত অতিবাহিত কৰাৰ পাছত আজি পুৱা ব্ৰহ্মপুত্ৰৰে উটি অহা এটা বনৰীয়া হাতীয়ে আৱৰ্ত ভৱনৰ সমীপতে আশ্ৰয় লোৱাৰ বিষয়ে জানিব পাৰি হাতীটো ছোৱাৰ লগতে বনবিভাগক নিৰাপদে হাতীটোক তাৰ প্ৰাকৃতিক আৱাসলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ আনহাতে মন্ত্ৰীজনে ৰাজ্যখনৰ বানৰ কবলত পৰা লোক সকলৰ বাবে ১৪৪টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ কথাও সদৰি কৰি ৰাজ্য চৰকাৰে জিলা সমূহলৈ ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰা বুলি ব্যক্ত কৰে। মন্ত্ৰী মহনে লগতে কয় যে এনে আশ্ৰয় শিবিৰত পৰিস্কাৰ পৰিছন্নতা, চিকিৎসা ব্যৱস্থা আৰু শিশুৰ যতনৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বানৰ কবলত পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ বাবে স্বেচ্ছাসেৱী সংগঠনৰ লগতে ৰবৰৰ নাওসহ আঠটা এনডিআৰএফে ৰ দল আৰু ৪২টা এছডিআৰএফৰ দলো ৰাজ্যৰ বানাক্ৰান্ত জিলা সমূহত মোতায়েন কৰা বুলি তেওঁ প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More