ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা সপ্তমীৰ দিনটোত তেজপুৰৰ বিভিন্ন পূজা মণ্ডপত পুৱাৰ পৰাই এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। পূজাৰ জাকজমকতাৰ পৰিৱেশক একাষৰীয়া কৰি তেজপুৰৰ বহুকেইখন ঐতিহাসিক পূজা মণ্ডপত আজি দিনৰ ভাগত এক সাত্ত্বিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। দুৰ্গা প্ৰতিমাৰ সন্মুখত ধূপ চাকি নৈৱেদ্য আগবঢ়াই ভক্তপ্ৰাণ ৰাইজে মাহ প্ৰসাদৰ পৰা খিচিৰি ভোগৰ বাবে হেতাওপৰা কৰা দেখা যায়। উল্লেখ্য যে, ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে তেজপুৰতো দুৰ্গা পূজাই সাৰ্বজনীন ৰূপ ধাৰণ কৰে যদিও বৰ্তমানেও তেজপুৰৰ বহু পুৰণি পূজা সমিতিয়ে জাকজমকতাতকৈ পূজাৰ আধ্যাত্মিক দিশটোত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। সংস্কৃতিৰ নগৰী হিচাপে তাহানিৰে পৰা পৰিগণিত তেজপুৰত কেতিয়াৰ পৰা দুৰ্গা পূজা আৰম্ভ হৈছিল সেই বিশেষ দিশটো উল্লেখ কৰাৰ যথেষ্ট প্ৰয়োজন আছে বৰ্তমান সময়ত। তেজপুৰৰ প্ৰথম ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত হৈছিল বেঙ্গলী অসমীয়া ৰাইজৰ সমিল মিলেৰে ১৮৮৭ চনত। ঠিক তেনেকৈ দ্বিতীয় খন ৰাজহুৱা দুৰ্গা পূজা আছিল ১৮৯০ চনতে কলিবাৰীত প্ৰতিষ্ঠা হোৱা তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই শুভাৰম্ভ কৰা ১৯০৭ চনৰ কলিবাৰী সাৰ্বজনীন নাম ঘৰৰ পূজা ভাগ। সেই পূজা ভাগৰ আঁত ধৰিয়েই তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে আকৌ ১৯০৯ চনৰ পৰা ধাৰাবাহিক ভাবে সম্পূৰ্ণ সাত্ত্বিক পৰিৱেশত বিগত ১১৪ বছৰ ধৰি পালন কৰি আহিছে দুৰ্গা পূজা। কিন্তু কিয় আৰু কেনেকৈ এই ৰাজহুৱা দুৰ্গা পূজাৰ আৰম্ভ হ’ল- এই সন্দৰ্ভত সততে চৰ্চা অব্যাহত ৰখা তেজপুৰৰ ইতিহাস অনুসন্ধিৎসু লেখক তথা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱাই উল্লেখ কৰে যে, থান, দ’ল, দেৱালয় আদিত দেৱী পূজা কৌটি কালৰ পৰাই চলি আহিছে। কিন্তু থান, দ’ল, দেৱালয় আদিৰ কথা বাদ দিলে তেজপুৰৰ প্ৰথম দুৰ্গা পূজা ভাগ হৈছিল মহেশ উকীলৰ ঘৰত। তেওঁ আছিল বংগ দেশৰ পদ্মা নদীৰ পাৰৰ মানুহ আৰু তেজপুৰ কমিছনাৰ অফিচৰ নাজিৰ। তেওঁ বাৰ্ষিক নিজৰ ঘৰত দুৰ্গা পূজা ভাগ কৰি আহিছিল। ১৮৬৩ চনৰ পদ্মা নৈৰ বানে তেখেতসকলৰ কলিকতীয়া ঘৰৰ পূজা মণ্ডপ উটুৱাই নিয়াৰ বাবে সেইবাৰ তেওঁ তেজপুৰ চহৰৰ সদৰ থানাৰ কাষতে মাটি এটুকুৰ চাই তাতে দুৰ্গাপূজাৰ সূচনা কৰিলে। সেইমতে ১৮৮৭ চনৰ পৰা তেজপুৰত প্ৰথমখন ৰাজহুৱা দুৰ্গাপূজা আৰম্ভ হ’ল। যি খন আজি বেঙ্গলী অবৈতনিক নাট্য সমাজৰ বা থিয়েটাৰ হলৰ পূজা বুলি জনা যায়। এই পূজা ভাগ সেই সময়ৰ তেজপুৰীয়া বঙালী আৰু অসমীয়া সকলে যৌথ ভাবে মিলি পাতিছিল আৰু ইয়াৰ প্ৰথম গৰাকী সভাপতি আছিল বেথাৰাম শৰ্মা আৰু সম্পাদক আছিল জানকী নাথ মুখাৰ্জী। এই পূজা ভাগতে পাছলৈ নাটক কৰি মনোৰঞ্জনৰ চিন্তা কৰাত ১৮৯৭ চনত অবৈতনিক নাট্য সমাজ বাএমেচাৰ থিয়েটাৰ পাৰ্টীৰ জন্ম হৈছিল। ঠিক একেদৰে ১৯০৭ চনত কলিবাৰীত গঢ়ি উঠিছিল তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ৰঙ্গমঞ্চ বাণ থিয়েটাৰ পাৰ্টীৰ আৰু আৰম্ভ হৈছিল ৰাজহুৱা দুৰ্গা পূজা। এইয়া আছিল ৰাজহুৱা দুৰ্গা পূজাৰ আৰম্ভণি কালৰ কথা। কিন্তু তেজপুৰ চহৰত দুৰ্গা পূজা অনুষ্ঠিত হোৱা আৰু দুখন পূজা আছিল প্ৰায় ১৮৯৬ চনৰ পৰা চলি অহা বাবুৰ ঘৰৰ পূজা আৰু লক্ষীকান্ত দাস দেৱৰ ঘৰত হোৱা পূজা। উল্লেখযোগ্য যে এই দুয়োখন পূজা মণ্ডপতে নাটক কৰাৰ বঙলুৱা পৰম্পৰা এটাই গা কৰি উঠিছিল আৰু বাণ থিয়েটাৰ জন্ম হোৱাৰ আগৰে পৰা এই দুয়োখন পূজা থলিতে নাটক আদি মঞ্চস্থ হৈছিল। ১৯৫২ চনৰ পৰা আৰম্ভ হোৱা তেজপুৰৰ আৰু এখন দুৰ্গা পূজাই বেচ সুনাম কৰিছিলে সেইখন আছিল গংগাৰাম দাস (মহলদাৰৰ) ঘৰত হোৱা দুৰ্গা পূজা। এই পূজা ভাগৰ প্ৰতিমা তেজপুৰৰ প্ৰখ্যাত শিল্পী প্ৰয়াত লম্বোদৰ হাজৰিকাই নিৰ্মাণ কৰাত আৰু পাছৰ কালত আন এগৰাকী প্ৰখ্যাত শিল্পী সদ্য প্ৰয়াত জয় চন্দ্ৰ দাস দেৱে নিৰ্মাণ কৰিবলৈ লোৱাত ইয়াৰ আকৰ্ষণেই সূকীয়া হৈ পৰিছিল। আন আন সাঁচত গঢ়া প্ৰতিমাতকৈ এই প্ৰতিমা আছিল হাতেৰে গঢ়া জীৱন্ত ভঙ্গিমাৰ। সিংহৰ আক্ৰমণাত্মক হিংস্ৰ বন্য ৰূপ, অপূৰ্ব সুন্দৰী দুৰ্গাৰ যুদ্ধংদেহী চামুণ্ডাৰূপৰে কৰা দহোখন হাতৰ অংগ সঞ্চালন, অমিত বিক্ৰমশালী অসুৰৰ জিঘাংসু মূৰ্তিৰ লগতে গণেশ, কাৰ্তিকৰ যুদ্ধ ব্যগ্ৰ উৎসুকতাৰে এই প্ৰতিমাৰ আকৰ্ষণেই আছিল অনুপম আৰু অনন্য। তদুপৰি সুসজ্জিত নৌকাত বিসৰ্জনৰ বাবে লৈ যোৱা দুৰ্গা প্ৰতিমাৰ লগতে মটৰ লাঞ্চৰ পৰা গংগাৰাম মহলদাৰৰ আতচবাজি প্ৰদৰ্শন আছিল সেই সময়ত ৰাইজৰ অন্যতম আকৰ্ষণ।ফলত দশমীৰ দিনা লুইতৰ পাৰ জনসমুদ্ৰলৈ পৰিণত হৈছিল।
এই ক্ষেত্ৰত ১৮৯৫ চনৰ পৰা চলা টি,বি,আৰ, ৰেলৰ ভূমিকাও আছিল উল্লেখযোগ্য। এই ট্ৰেইন খন ৰঙপৰাৰ পৰা তেজপুৰলৈ দিনে তিনিবাৰকৈ চলাৰ বাবে পূজা আদি উৎসৱত তেজপুৰত বিৰ দি বাট নোপোৱা অৱস্থা হৈছিল। নাটক আদি মনোৰঞ্জনৰ অনুষ্ঠানত দৰ্শকৰ লানি নিছিগা ভীৰ হৈছিল। তেজপুৰৰ আন এখন অগতানুগতিক দুৰ্গা পূজা আছিল পৰ্বতীয়াৰ মুক্তিযুঁজাৰু জন নায়ক মহাদেৱ শৰ্মাই ১৯৪২ চনত কাৰাবন্দী অৱস্থাত তেজপুৰ কাৰাগাৰত ঘট পাতি আৰম্ভ কৰা দুৰ্গাপূজা ভাগ। যি ভাগ পূজা বৰ্তমানেও পৰিয়ালৰ লোকে কলিপুখুৰী পাৰত আড়ম্বৰভাবে পালন কৰি আহিছে। দৰাচলতে বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ নেতাসকলক বৃটিছসকলে কাৰাবন্দী কৰি ৰাখোতে বন্দী সেনানীসকলৰ মনত স্বদেশ প্ৰেম জগাই তুলিবৰ বাবে তেওঁ জেইলৰ ভিতৰতে ঘট পাতি চণ্ডি পাঠ কৰিছিলে। পাছলৈ তেওঁ কাৰামুক্তি হোৱাৰ পাছত পূজা ভাগ পৰ্বতীয়া পোতা পুখুৰী অঞ্চলত তেওঁলোকৰ গোলাৰ সমুখতে অনুষ্ঠিত কৰিছিলে। তাতে পূজাৰ নাটকো মঞ্চস্থ হৈ চিত্ৰলেখা ৰঙ্গমঞ্চই গা কৰিছিল। এইদৰেই তেজপুৰ অঞ্চলত দেৱী দূৰ্গাৰ পূজন অৰ্চন বিভিন্ন সময়ৰ মাজেৰে অনুষ্ঠিত হৈ আহিছে। আনহাতে তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী ঊষা নাট্য সমাজটো ১৯১৪চনৰ পৰা আৰাম্ভ হোৱা দুৰ্গা পূজা ভাগেও ১০৮বছৰত ভৰি দিলে। এনেদৰেই তেজপুৰ চহৰত আৰম্ভ হোৱা দুৰ্গা পূজাই সম্প্ৰতি সাৰ্বজনীন ৰূপ লাভ কৰি আজি চহৰখনতে দুইশতাধিক দুৰ্গা পূজাই উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। বিশেষকৈ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ পূজা, মাৰোৱাৰী পঞ্চায়তী ধৰমশালাৰ আকৰ্ষণীয় পূজা, ৰাবাৰ বাগানৰ চণ্ডী মণ্ডপ, মধ্যপাৰা সাৰ্বজনীন দুৰ্গা পূজা, হৰিসভা সাৰ্বজনীন দুৰ্গা পূজা, প্ৰতি বছৰেই বিশেষ কাৰীকৰি জাকজমকতাৰে উদযাপন কৰি অহা দুৰ্গাবাৰী সাৰ্বজনীন দুৰ্গা পূজা, বাৰহলীয়াৰ অজন্তা ক্লাবৰ দুৰ্গা পূজা, লম্বোদৰ বৰা পথৰ ৰাজহুৱা দুৰ্গা পূজা, হৰিজন কলনিৰ পূজা, ৰামকৃষ্ণ সেৱাশ্ৰমৰ অতি সাত্ত্বিক পৰিৱেশৰ দুৰ্গা পূজা, জাহাজ ঘাটৰ ৰাজহুৱা দুৰ্গা পূজা, চানমাৰী নেপালী সম্প্ৰদায়ৰ লোক সকলে উদযাপন কৰি অহা দুৰ্গা পূজা, এক্স পুলিচ লাইনৰ আকৰ্ষণীয় দুৰ্গা পূজা, নেপালী পট্টিৰ দুৰ্গা পূজাৰ লগতে তেজপুৰ চহৰৰ দানবীৰ হিচাপে পৰিগণিত প্ৰয়াত ঈশ্বৰ চৌধুৰীৰ পৰিয়ালে ব্যক্তিগত ভাবে আয়োজন কৰি অহা দুৰ্গা পূজাৰ লগতে অতি সম্প্ৰতি মাজগাঁও সাৰ্বজনীন দুৰ্গা পূজা, ঊষা নগৰ ৰাজহুৱা দুৰ্গা পূজা, মাজগাঁও শইকীয়া চুবুৰীৰ ৰাজহুৱা দুৰ্গা পূজাকে ধৰি তেজপুৰ চহৰ আৰু চহৰখনৰ উপকন্ঠ অঞ্চলৰ দুই শতাধিক দুৰ্গা পূজা উদযাপনৰ পৰিৱেশৰ মাজত সমগ্ৰ তেজপুৰতে এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হৈছে।