৩০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে উদ্ধাৰ বিশ্বৰ সৰ্ববৃহৎ গোলাপী ৰঙৰ হীৰা লুলা ৰোজ

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাই : পৃথিৱীত আন এক আচৰিত খনিজ আৱিষ্কাৰ। মধ্য আফ্ৰিকাৰ দেশ এংগোলাৰ এটা খনিত উদ্ধাৰ হৈছে এবিধ বিৰল গোলাপী ৰঙৰ হীৰা। গোলাপী ৰঙৰ হীৰা বৰ বিৰল। এংগোলাৰ পৰা অহা এই গোলাপী ৰঙৰ হীৰাখণ্ড এতিয়ালৈকে পোৱা আটাইতকৈ ডাঙৰ হীৰা বুলি ধাৰণা কৰা হৈছে। বিগত ৩০০ বছৰত উদ্ধাৰ হোৱা আটাইতকৈ ডাঙৰ গোলাপী ৰঙৰ হীৰা বুলি খনন কোম্পানীটোৱে দাবী কৰিছে। এংগোলাৰ উত্তৰ-পূবৰ হীৰা সমৃদ্ধ লুলো খনিত ইয়াক পোৱা যায়। ১৭০ কেৰেটৰ গোলাপী ৰঙৰ হীৰা খণ্ডৰ নাম দিয়া হৈছে দ্য লুলো ৰোজ। এই হীৰাই ইতিমধ্যে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ বিক্ৰী মূল্য কিমান বাঢ়িব পাৰে অনুমান কৰি সকলোৰে চকু কপালত উঠে। টাইপ ২এ হীৰাৰ আৱিষ্কাৰক এক ঐতিহাসিক পৰিঘটনা হিচাপে প্ৰশংসা কৰা হৈছে। ই প্ৰাকৃতিক শিলৰ ভিতৰত আটাইতকৈ বিৰল আৰু বিশুদ্ধ শিলৰ ভিতৰত অন্যতম। এংগোলা চৰকাৰে এই অধিগ্ৰহণক আদৰণি জনায়। খনিটোৰ মালিকীস্বত্বতো তেওঁলোকৰ অংশীদাৰিত্ব আছে। এংগোলাৰ খনিজ সম্পদ মন্ত্ৰী ডাইমিন্টিনো আজেভেডোৱে কয় যে লুলোৰ পৰা উদ্ধাৰ কৰা এই অভিলেখ আৰু দৰ্শনীয় গোলাপী ৰঙৰ হীৰাই এংগোলাক বিশ্বৰ মঞ্চত এক গুৰুত্বপূৰ্ণ অংশ হিচাপে প্ৰদৰ্শন কৰিব। আন্তঃৰাষ্ট্ৰীয় নীলামৰ জৰিয়তে বিক্ৰী কৰা হ’ব এই হীৰা। বহুত বেছি দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে। জনা গৈছে যে উত্তৰ-পূব এংগোলাত খনিজ পদাৰ্থৰ সন্ধানত খননকাৰ্য চলি আছিল। ইয়াৰ দায়িত্বত আছিল অষ্ট্ৰেলিয়াৰ এটা সংগঠন। কেইবাদিন ধৰি চলি আছিল উক্ত খনন কাৰ্য। তেতিয়াই উদ্ধাৰ হৈছিল এই গোলাপী ৰঙৰ হীৰা। প্ৰথমতে সেইটো বুজি পোৱা নাছিল যদিও পিছত উচ্চপদস্থ বিষয়াসকলে উপলব্ধি কৰিলে যে এয়া এটা বিৰল গোলাপী ৰঙৰ হীৰা। বিগত সময়ত এনে হীৰা কাটি পলিচ কৰাৰ পিছত অভিলেখ মূল্যত বিক্ৰী হৈছিল। কিন্তু এই হীৰা কাটি পলিচ কৰাৰ পিছত ইয়াৰ ওজন বহু পৰিমাণে কমি যাব। অৱশ্যে ইয়াৰ মূল্যই এতিয়াও ইতিহাস ৰচনা কৰিব বুলি আশা কৰা হৈছে। এই হীৰা টুকুৰা এতিয়া কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত ৰখা হৈছে। পলিচিঙৰ কাম কেতিয়া আৰম্ভ হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিগত সময়ছোৱাত কেইবাটাও সৰু সৰু গোলাপী ৰঙৰ হীৰা অধিক দামত বিক্ৰী হৈছে। ইয়াৰে এটা হ’ল পিংক ষ্টাৰ। এতিয়ালৈকে আটাইতকৈ দামী গোলাপী ৰঙৰ হীৰা। ২০১৭ চনত ৫৯ কেৰেটৰ এই হীৰা টুকুৰা ৭১২ লাখ ডলাৰত বিক্ৰী হৈছিল। ২০১৩ চনত আন এক নীলামত ইয়াক ৮৩ লাখ ডলাৰত বিক্ৰী কৰা হৈছিল। পিংক ষ্টাৰৰ পিছত দামৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে অপেনহাইমাৰ ব্লু নামৰ আন এটুকুৰা হীৰা। যি টুকুৰা যোৱা মে’ মাহত ৫০ লাখ ডলাৰত বিক্ৰী হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More