৬ বছৰৰ পাছতো শুকুৱা নাই চেৰনোবিলৰ ঘাঁ

সেউজীয়া ভেকুলী বৰণ সলাই হ'ল ক’লা

0 16
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ অক্টোবৰঃ ইউক্ৰেইন যুদ্ধক লৈ পাৰমাণৱিক যুদ্ধৰ আশংকা উত্থাপন কৰিছে ৰাছিয়াই। ইফালে আন এক অধ্যয়নত পাৰমাণৱিক বিস্ফোৰণৰ ক্ষতিৰ এক অদ্ভুত ছবি প্ৰকাশ পাইছে। ১৯৮৬ চনত ইউক্ৰেইনৰ চেৰনোবিল পাৰমাণৱিক শক্তি কেন্দ্ৰত এক দুৰ্যোগ সংঘটিত হৈছিল। এইটোক ইতিহাসৰ এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ পাৰমাণৱিক দুৰ্যোগ বুলি গণ্য কৰা হয়। উক্ত দুৰ্যোগৰ ৩৬ বছৰ পাৰ হৈ গ’ল। কিন্তু সেই সময়ত হোৱা ক্ষতিৰ প্ৰভাৱ এতিয়াও প্ৰকৃতিৰ ওপৰত আছে। এক নতুন বৈজ্ঞানিক অধ্যয়নত দাবী কৰা হৈছে যে এই দুৰ্যোগৰ ফলত চেৰনোবিল অঞ্চলত ভেকুলীৰ অভিযোজন ঘটিছিল। এইবোৰৰ ছালৰ ৰং সেউজীয়াৰ পৰা ক’লালৈ সলনি হৈছে। চেৰনোবিল দুৰ্যোগৰ ফলত মানৱ ইতিহাসত বিশ্বৰ ভিতৰতে সৰ্বাধিক তেজস্ক্রিয় পাৰমাণৱিক পদাৰ্থ নিৰ্গত হৈছিল। ছয়ত্ৰিশ বছৰৰ পাছত স্পেইনৰ ওভিয়েডো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পাৰমাণৱিক শক্তি কেন্দ্ৰটোৰ চাৰিওফালে থকা প্ৰায় ১০০০ বৰ্গমাইলৰ অঞ্চলটোৰ ওপৰত অধ্যয়ন কৰিছে আৰু তাতেই ক্ষুদ্ৰ ক্ষুদ্ৰ ক’লা ভেকুলী পোৱা গৈছিল। গৱেষকসকলে দাবী কৰিছে যে পৃথিৱীৰ আন ক’তো এনে কোনো অস্বাভাৱিক ভেকুলী দেখা নাই। মুখ্য গৱেষক হাৰ্মান অৰিজাওলাই কয়— “আমি চেৰনোবিলত প্ৰথম নিশা এই ভেকুলীবোৰ পাইছিলোঁ। আমি ক্ষতিগ্ৰস্ত বিদ্যুৎ কেন্দ্ৰটোৰ ওচৰতে এই প্ৰজাতিটো বিচাৰি আছিলোঁ। আমি বহু ভেকুলী চিনাক্ত কৰিলোঁ, যিবোৰৰ ৰং সম্পূৰ্ণ ক’লা আছিল। মেলানিন নামৰ এবিধ পদাৰ্থই ভেকুলীকে ধৰি বহু জীৱৰ ক’লা ৰঙৰ দায়ী। এই মেলানিনে শৰীৰক বিভিন্ন ধৰণৰ বিকিৰণৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা 1665315513427কৰে, অতিবেঙুনীয়া ৰশ্মিৰ পৰা আৰম্ভ কৰি আয়নাইজিং বিকিৰণলৈকে। দুৰ্যোগৰ পিছত ১০ৰ পৰা ১২টা প্ৰজন্মৰ ভেকুলী পাৰ হৈ গৈছে। ফলত বৰ্জনীয় অঞ্চলত এই ক’লা ভেকুলীবোৰৰ সংখ্যা অধিক হৈছে।” গৱেষকসকলে অঞ্চলটোৰ চাৰিওফালে থকা ১২টা ভিন্ন প্ৰজনন অঞ্চলৰ পৰা প্ৰায় ২০০টা মতা ভেকুলী সংগ্ৰহ কৰে। দেখা গ’ল যে পৰিত্যক্ত শক্তি কেন্দ্ৰটোৰ পৰা যিমানেই দূৰ হয় সিমানেই ভেকুলীবোৰৰ ছালৰ ৰং পাতল হৈ পৰে। ওচৰৰ অঞ্চলটোৰ ভেকুলীবোৰৰ ৰং বাকীবোৰতকৈ বেছি ক’লা আছিল। কিন্তু এই বিকিৰণৰ পৰা ভেকুলীবোৰ কেনেকৈ বাচিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। গৱেষকসকলৰ মতে এই অভিযোজিত ভেকুলীবোৰে এতিয়াৰ বাবে ৰং সলনি কৰাৰ কোনো সম্ভাৱনা নাই। হাৰ্মান অৰিজাওলাই কয়— “এতিয়া বিকিৰণ বহু পৰিমাণে হ্ৰাস পাইছে। গতিকে মেলানিনৰ সুৰক্ষামূলক ভূমিকা এতিয়া ইমান গুৰুত্বপূৰ্ণ নহয়। গতিকে সিহঁতৰ ৰং ম্লান হোৱাৰ কথা। কিন্তু আমাৰ গৱেষণাই এইটোও দেখুৱাইছে যে এই ক’লা ৰংটো ধৰি ৰখাটো যথেষ্ট সহজ। শৰীৰত বিশেষ চাপ নাথাকে। গতিকে এই ৰং থাকিব পাৰে।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More