৯৭ বছৰৰ পাছত হেৰাই যোৱা ফুলৰ সন্ধান

উৎসাহিত সংৰক্ষণবিদ

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ আগষ্ট : বহুতে ধৰি লৈছিল যে এই ফুলবিধ আৰু কেতিয়াও দেখা নাযাব। কিন্তু বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলত অসম্ভৱো সম্ভৱ হ’ল। কাৰণ সংৰক্ষণবিদসকলে শেহতীয়াকৈ হাইটিত এবিধ থলুৱা মেগন’লিয়া গছ পাইছে আৰু তাৰ বাবেই প্ৰায় ৯৭ বছৰ পিছত সেই প্ৰজাতিৰ ফুলবিধ পোৱা গ’ল। এই বিশেষ প্ৰজাতিৰ গছবিধ নিৰ্বিচাৰে বনাঞ্চল মুক্ত কৰাৰ ফলত হেৰাই গৈছিল। শেহতীয়াকৈ আৱিষ্কাৰ হোৱা মেগন’লিয়া গছজোপাৰ ফুল সম্পূৰ্ণ বগা। বিজ্ঞানীসকলে গছজোপা পাতবোৰৰ আকৃতি চাই চিনিব পাৰিছিল। ইয়াৰ নাম এমাৰগিনাটা। বৰ্তমান বিপন্ন এই গছবিধ। শেহতীয়াকৈ কৰা এই আৱিষ্কাৰে হাইটিৰ বন সংৰক্ষণৰ ক্ষেত্ৰখনত নতুন আশাৰ সৃষ্টি কৰিছে। হাইটি কেৰিবিয়ান দেশ আৰু বনাঞ্চলৰ আৱৰণ হ্ৰাস পোৱাৰ বাবে দেশখনৰ মূল অৰণ্যৰ মাত্ৰ ১ শতাংশহে বাকী আছে। আচলতে দেশৰ থলুৱা উদ্ভিদবোৰ এতিয়া দুৰ্গম পাহাৰ বা খাদত আবদ্ধ হৈ আছে। এনে ক্ষেত্ৰত এই পুনৰ আৱিষ্কাৰ দেশৰ বাসস্থানসমূহ সুৰক্ষিত কৰাত সহায়ক হ’ব পাৰে। হাইটি নেচনেল ট্ৰাষ্টৰ এটা দলে এই উদ্ভিদ প্ৰজাতিটোৰ সন্ধানত হাইটিৰ আটাইতকৈ দীঘল পৰ্বতমালা মাছিফ ডু নৰ্ডলৈ যাত্ৰা কৰিছিল। এই তথ্যৰ আঁৰৰ প্ৰধান কাৰণ আছিল এই বিশেষ প্ৰজাতিটো উচ্চ পৰিৱেশত জীয়াই থাকিব পাৰে নেকি সেই বিষয়ে অনুসন্ধান কৰা। অভিযানৰ তিনিদিনৰ পাছত দলটোৱে এজোপা গছ দেখিলে আৰু বিকাশৰ বিভিন্ন পৰ্যায়ত থকা ষোল্লজোপা ফুলৰ উদ্ভিদ আৱিষ্কাৰ কৰে। আচলতে এনেকুৱা উদ্ভিদ আছে যিবোৰৰ বৃদ্ধিৰ অতি প্ৰাৰম্ভিক পৰ্যায়ত আছে। এই আৱিষ্কাৰে বিজ্ঞানীসকলৰ মাজত আশাৰ সৃষ্টি কৰিছে যে অঞ্চলটোত আৰু অধিক প্ৰজাতিৰ জীৱ বিচাৰি উলিওৱা আৰু সংৰক্ষণ কৰিব পৰা যাব। দৰাচলতে হাইটি নেচনেল ট্ৰাষ্টে আন চাৰিটা থলুৱা মেগন’লিয়াৰ জাতৰ খেতি কৰিছে। হিস্পানিঅ’লা দ্বীপত তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতা ব্যৱহাৰ কৰি স্থানীয় প্ৰজাতিসমূহ পুনৰুদ্ধাৰ প্ৰচেষ্টাত অৰিহণা যোগাব বুলি আশা কৰিছে। তদুপৰি তেওঁলোকৰ লক্ষ্য হৈছে নাৰ্চাৰী আৰম্ভ কৰা। পৰিৱেশ সংৰক্ষণৰ বাবে এনেধৰণৰ আৱিষ্কাৰ অতি গুৰুত্বপূৰ্ণ। হাইটি নেচনেল ট্ৰাষ্টৰ অভিযানৰ নেতা ইলাডিঅ’ ফাৰ্নাণ্ডেজে শ্বেয়াৰ কৰে যে এবাৰ হেৰুৱাই পেলোৱা এই প্ৰজাতিটোৰ আৱিষ্কাৰে ভৱিষ্যতৰ প্ৰতি আশা আৰু আশাবাদৰ সৃষ্টি কৰিছে। তেওঁ কয়— “দেশখনৰ ক্ষয়িষ্ণু অৰণ্যৰ অন্ধকাৰময় অৱস্থাৰ মাজতো ইয়াত এতিয়াও বিশ্বৰ আন ক’তো নোপোৱা প্ৰজাতিৰ জীৱ-জন্তুৰ আশ্ৰয় আছে, যাৰ ফলত আমি তেওঁলোকক বচাবলৈ সুযোগ পাইছোঁ।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More