ৰবীন্দ্ৰ ভৱনত ঋতুপৰ্ণ দাসৰ ‘তোমাৰ নিবিড় মায়াৰে’ সফল মঞ্চায়ন

0 21

পল্লৱ-দ্বীজেন

ৰবীন্দ্ৰ ভৱনত অনুশীলনৰ উদ্যোগত অনুষ্ঠিত হোৱা দশম বাৰ্ষিক নাট সমাৰোহত ৩১ মাৰ্চ ২০২২ ত উপভোগ কৰিলোঁ ঋতুপৰ্ণ দাসৰ নাটক ‘তোমাৰ নিবিড় মায়াৰে’। সঁচা অৰ্থত এখন ভাল নাটক উপভোগ কৰিলোঁ মই আৰু প্ৰেক্ষাগৃহত থকা সমূহ দৰ্শকে । নিৰৱে দৰ্শকে মাথো নাটকখন উপভোগ কৰিলে । মাজে দৰ্শকৰ চাপৰিৰে বিপুল সঁহাৰি। নাটক খনক এনেকৈ দৰ্শকে আঁকোৱালি লোৱাৰ বাবে খুবেই ভাল লাগিল। প্ৰেক্ষাগৃহত আসন নাপায় গেলেৰীত আসন লব লগা হল। এখন মনস্ত্বত নাটক দৰ্শকে উপভোগ কৰি ভাল পালে । নাট্যকাৰে কাহিনীক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে দৰ্শকে নাটক উপভোগ কৰি থকাৰ সময়ত কথা পতা বা মোবাইল ফোনত ব্যস্ত থকাৰ সুযোগ নাপালে। নাটখনত উপস্থাপন কৰা লেখিকাৰ চৰিত্ৰৰ জৰিয়তে প্ৰতিজন লেখক লেখিকাৰ জীৱন মূল্যায়ন কৰিছে । অৱশ্যে সকলোৰে জীৱন প্ৰণালী অলপ সুকীয়া হব কিন্তু বহু কথা প্ৰতিজন লেখক লেখিকাৰ লগত মিলি গৈছে । বিভিন্ন কাকত-আলোচনীত লিখা মেলা কৰাৰ বাবে নাট্যকাৰে লেখিকা চৰিত্ৰত কোৱাৰ দৰে আমাৰ জীৱনটো তেনে ঘটনাৰ মুখা মুখি হৈছো। আৰ্টিকল এটা লাগিছিল। আজিয়ে পালে ভাল আছিল । কালিলৈ আগবেলা দিব । ঠিক তেনেকুৱা ধৰণৰ কথা । এজন লেখক বা লেখিকাৰ এটা আৰ্টিকল লিখোঁতে পৰিবেশ পৰিস্থিতিৰ লগতে সময়ৰ প্ৰয়োজন থাকে । তেতিয়াহে এটি লেখা ভাল হয় । শ্ৰুতি নামৰ লেখিকা গৰাকীয়ে ভাল উপন্যাস লিখে । ভাল লিখাৰ বাবে বহুজন পাঠকে তেওঁক ভাল পায় । বহু ফোন বা চিঠি আহে ভাল লগা সম্পৰ্কত । লেখিকাই সেইবোৰ অনুপ্ৰেৰণা হিচাপে লৈ আগবাঢ়ে তেওঁৰ কলম আৰু পাঠকৰ সংখ্যা শ্ৰীবৃদ্ধি কৰিবৰ বাবে। কেতিয়াবা আকৌ এনে পঠাকো ওলাই তেওঁৰ লগত অনৰগল কথা পাতি উপন্যাসৰ প্ৰতি ঘটনা চৰিত্ৰ শব্দ বিশ্লেষণ কৰিবৰ বাবে। লেখিকা শ্ৰুতি জীৱনলৈ তেনে এজন পুৰুষ আহিল । নাম কব নোৱাৰা এজন ব্যক্তিৰ পৰা লেখিকাৰ ফোন নম্বৰ লৈ শুভেচ্ছা মুকলি বাৰ্তা প্ৰেৰণা কৰিলে। তেওঁৰ উপন্যাস পঢ়ি ভাল পোৱা বুলি জনালে । লেখিকায়ো এজন সাধাৰণ লোকৰ দৰে তেওঁৰ ফোন ৰাখি ব্যস্ত হল নিজৰ কামত । সন্ধিয়া ৮ বজাৰ লাগে লাগে যিটো সময়ত ৰাজধানী এক্সপ্ৰেছ পাৰ হৈ যায় । তাৰপাছতেই ফোনটো আহে। একেসময়তে ফোন সদায় আহিবলৈ ললে । উপন্যাসৰ কথা, চৰিত্ৰৰ কথা, উপন্যাসত থকা শব্দৰ কথা । সেইবোৰ পাতি পাতি কেতিয়াবা সংগীতৰ কথাও ওলায় । সেই বিশেষ ব্যক্তিজনৰ নাম অনিৰ্বাণ উৰফে অৰ্ণৱ। কথাৰ মাজত গান গোৱাটো ইজনৰ সিজনৰ যেন এটি ভাল লগা হৈ আহিল। গান নাগালে শ্ৰুতিয়ে শান্তি নাপায়, ঠিক তেনেদৰে অৰ্ণৱেও শ্ৰুতিৰ গানত বিচাৰি পায় আবেগ অনুভূতি শান্তি ইত্যাদি । ব্যক্তিগত কথাৰ প্ৰসঙ্গলৈ তেওঁলোক অহা নাছিল। অৰ্ণৱে লেণ্ডলাইনত ফোন কৰে বাবে শ্ৰুতিয়ে তেওঁৰ নম্বৰ সংগ্ৰহ কৰিব পৰা নাছিল। অৰ্ণৱে বিচৰা স্বত্বেও থকা ঠাই জনাব পৰা নাছিল। ভাষা জ্ঞানৰ লগতে কথা কব জনা অৰ্ণৱে শ্ৰুতি লগত কথা পাতি খুবেই তৃপ্তি অনুভৱ কৰিছিল । সময় যিমানে আগবাঢ়িল সিমানে অৰ্ণৱৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিলে শ্ৰুতিয়ে। আচলতে এয়া কথা পাতি ভাল লগা এক প্ৰেম । অৰ্ণৱৰ কথাৰ মাজত শ্ৰুতিয়ে বিচাৰি পায় জীয়াই থকা বা লিখাৰ আন এক সমল। আচলতে অৰ্ণৱে নাজানে যে শ্ৰুতি স্বামীৰ পৰা বিচ্ছেদ হৈ থকা এগৰাকী মহিলা বুলি। উপন্যাসৰ লিখাৰ দৰে বিপ্লৱ বা বিপ্লৱী শব্দত অৰ্ণৱে কিবা এটা সাহস পায়। হয়তো সন্ত্ৰাসবাদী, উগ্ৰপন্থী বুলি লিখা হলে চাগে অৰ্ণৱ শ্ৰুতিৰ উপন্যাসৰ প্ৰেমিক হব নোৱাৰিলেহেঁতেন । শ্ৰুতিৰ গীতৰ অনুৰোধৰ মাজত অৰ্ণৱেও প্ৰেমৰ গোন্ধ পাইছিল । তথাপি ধৈৰ্য ধৰি সময় পাৰ কৰিছিল। কেতিয়াবা অভিমানত ইজনৰ সিজনৰ মাজত ভুল বুজা বুজিও হৈছিল । সেইবাবে শ্ৰুতিয়ে অৰ্ণৱক ক্ষমা বিচাৰিছিল। অৰ্ণৱ কোন হয় সেয়া শ্ৰুতিয়ে বহু দেৰিকৈ বুজি পাইছিল। যেতিয়া অৰ্ণৱৰ ফোনৰ সলনি যিদিনা চিঠি আহিছিল আৰু সেই চিঠিত অৰ্ণৱে লিখিছিল তেওঁ কোন বিবাহিত নে অবিবাহিত, সন্তান আছে নাই ইত্যাদি। লগতে লিখিছিল সংগঠনৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ বাবে তেওঁক সহকৰ্মীৰ হাতত গুলিওৱাৰ নিৰ্দেশ দিছে। ৮ বজাৰ বিশেষ ফোনেটোৰ বাবে অপেক্ষা কৰিবলৈও মানা কৰিছে । তেওঁৰ আচল নামটোও চিঠিখনতে উল্লেখ কৰিছে অনিৰ্বাণ বুলি। শ্ৰুতিৰ মন মন্দিৰত অৰ্ণৱক থিতাপি দিবৰ সময়তে চিৰদিনৰ বাবে গুচি গল অৰ্ণৱ ৰূপী অনিৰ্বাণ । নাট্যকাৰে আচৰিত ধৰণে চিত্ৰ নাট্য ৰচনা কৰি ইজনে সিজনক নেদেখাকৈ প্ৰেম ভাল পোৱাক বিসৰ্জন দিছে । এয়া হয়টো এক মনস্তাত্বিক প্ৰেম বুলিয়ে কব লাগিব । নাট্যকাৰৰ উপস্থাপন সঁচাকৈ শলাগ লব লাগিব । দুটি চৰিত্ৰক নাট্যকাৰে সুন্দৰকৈ উপস্থাপন কৰি দৰ্শকক একান্তমনে ধৰি ৰখাটো সঁচাকৈ ভাবিব লগা কথা । স্তুতি চৰিত্ৰত অপৰ্ণা দত্ত চৌধুৰীৰ অভিনয় তথা সংলাপ নিক্ষেপনৰ যি কৌশল সঁচাকৈ প্ৰশংসাৰ যোগ্য । লগতে গীত গায়ো দৰ্শকৰ মন জয় কৰিছে । অনিৰ্বাণৰ চৰিত্ৰত সত্যজিৎ গগৈ সফল । সাৱলীল অভিনয় কৰি প্ৰতিজন দৰ্শকৰ হৃদয় জয় কৰিব পাৰিছে। কণ্ঠৰ যি যাদু সেয়া গীতৰ জৰিয়তে দৰ্শকক দি তেওঁৰ অভিনয়ৰ পাৰদৰ্শিতাৰ প্ৰতিফলন ঘটাইছে। উগ্ৰপন্থী ৰূপত দেৱপ্ৰতীম বৰুৱা ক্ৰিয়া কলাপত সফল হৈছে । ‘তোমাৰ নিবিড় মায়াৰে ‘ নাটকখনৰ সঙ্গীত অভিজিৎ বৰ্মন, মনদীপ মহন্ত আৰু ধনজিৎ বড়োৰ । নাটকৰ পটভূমি অনুযায়ী সুন্দৰকৈ সংগীত সজাই তুলিছে তেওঁলোকে। কোনোধৰণৰ কৃপণালি নকৰাকৈ তেওঁলোকে সংগীত উপস্থাপন কৰি দৰ্শকৰ হৃদয় জয় কৰিছে । পোহৰ , ৰূপসজ্জা, মঞ্চ সজ্জা সকলোতে সফল হৈছে নাট্যকাৰ । দুটি প্ৰধান চৰিত্ৰলৈও দৰ্শকৰ ৰুচিসন্মত এখন নাটক সৃষ্টি কৰিব পৰাতো নাট্যকাৰ ঋতুপৰ্ণ দাসৰ এক বিশেষ সত্বা বুলি কব লাগিব।

নাটখনি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত পুনৰ অহা ১০ মে’ত মঞ্চস্থ হ’ব। স্বাধীন থিয়েটাৰৰ সঞ্চালক শীৰ্ষা ফুকনে জনোৱা মতে সেইদিনা বিয়লি ৩ বজাত, ৫ বজাত আৰু সন্ধিয়া ৭ বজাত মুঠ তিনিটা দৰ্শনীৰে ‘তোমাৰ নিবিড় মায়াৰে’ নাটখনি মঞ্চস্থ কৰা হ’ব। ইয়াৰোপৰি নাটখনি অসমৰ বিভিন্ন মঞ্চলৈ আমন্ত্ৰণ জনাবৰ বাবে 9401083018 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও জনোৱা হৈছে।

 

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More