ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ ফাইনেল খেল কাইলৈ
অসম ৰাইফলছ চকাৰ বনাম সঞ্জীৱন সমাজ নগাঁৱৰ মাজত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত চলি থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত খেল নিশা অনুষ্ঠিত হয় অসম ৰাইফলছ চকাৰ ফুটবল একাদশ বনাম অইল ইণ্ডিয়া দুলীয়াজানৰ মাজত।তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধতে অসম ৰাইফলছ চকাৰ ফুটবল একাদশে দুলীয়াজান ফুটবল একাদশক তিনিটাকৈ গল কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে ।অসম ৰাইফলছ দলৰহৈ গলকেইটা কৰে ডেভিদ লালৰিন চানাই দুটা আৰু ৰাজেন সিঙে এটা গল কৰে।বিজিত দলৰ হৈ একমাত্ৰ গলটো কৰে আক্রাং নাৰ্জাৰীয়ে। খেলখনত প্ৰেম ডেকা সোঁৱৰণি শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ডেভিদ লালৰিন চানাই ।কাইলৈ অথাৎ ২৩ অক্টোবৰত ফ্লাড লাইটৰ তলত অসম ৰাইফলছ চকাৰ ফুটবল একাদশ আৰ সঞ্জীৱন সমাজ নগাঁৱৰ মাজত ফাইনেল খেল খন অনুষ্ঠিতত হব।