গুগলক ভাৰতত ১৩৩৮ মিলিয়ন টকা জৰিমনা! কোম্পানীটোৱেও সকীয়ালে ভাৰতক

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ অক্টোবৰ : কেন্দ্ৰৰ ক্ষোভৰ কবলত পৰিল প্ৰযুক্তি কোম্পানী গুগল। কম্পিটিচন কমিছন অব ইণ্ডিয়া বা চিচিআয়ে জৰিমনা বিহিছে বিশ্বৰ ভিতৰতে অন্যতম জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলক। যোৱা ২০ অক্টোবৰত কেন্দ্ৰৰ অধীনস্থ নেচনেল কম্পিটিচন ৰেগুলেটৰী অথৰিটিয়ে জনাইছিল যে এই আমেৰিকান প্ৰযুক্তি কোম্পানীটোক ক্ষমতাৰ অপব্যৱহাৰৰ বাবে প্ৰায় ১ হাজাৰ ৩৩৮ কোটি টকা জৰিমনা বিহা হৈছে। একে সময়তে গুগলক সকলো অৰ্থনৈতিক কাৰ্যকলাপ অনতিপলমে বন্ধ কৰিবলৈ কোৱা হৈছে। কিন্তু হঠাতে ইমান জৰিমনা কিয় বিহা হ’ল গুগল? জনা গৈছে যে এতিয়া প্ৰায়বোৰ ফোনতে বিভিন্ন এপ আৰু প্ৰগ্ৰেম চলাব পৰাকৈ এণ্ড্ৰইড অপাৰেটিং চিষ্টেম আছে। ২০০৫ চনৰ পৰা ইয়াৰ মালিক গুগল। সেয়েহে স্মাৰ্টফোন নিৰ্মাতাসকলে যদি নিজৰ ফোনত এণ্ড্ৰইড অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰিব বিচাৰে তেন্তে গুগলৰ বিভিন্ন এপ আৰু সেৱা ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। সকলো সমস্যা ইয়াৰ পৰাই আৰম্ভ হৈছিল। এই সন্দৰ্ভত চিচিআয়ে প্ৰকাশ কৰিছে এক বিবৃতি। খবৰ পোৱা গৈছে যে প্ৰতিযোগিতামূলক বজাৰত আধিপত্য বজাই ৰাখিবলৈ গুগলে এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত অনৈতিকভাৱে হেতালি খেলি প্ৰতিযোগীক বজাৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। ফলত আন কোম্পানীতকৈ এই কোম্পানীটো অধিক লাভবান হয়। অৰ্থাৎ তেওঁলোকে বলপূৰ্বকভাৱে এণ্ড্ৰইড মোবাইল ফোনৰ জগতখনত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ দ্বাৰা ই প্ৰতিযোগিতাৰ চৰ্তসমূহ উলংঘা কৰিছে। এই অভিযোগৰ ভিত্তিত গুগলক প্ৰায় ১ হাজাৰ ৩৩৮ কোটি টকা জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছে। কাৰণ গুগলে কেৱল এণ্ড্ৰইড অপাৰেটিং চিষ্টেম মেনেজ কৰাই নহয়, সকলো কথাও চম্ভালি লয়। লগতে তেওঁলোকৰ মালিকানাধীন এপসমূহৰ অনুজ্ঞাপত্ৰও দিয়ে। সেই কাৰণে তেওঁলোকে গুগলে সৃষ্টি কৰা অধিকাৰ আৰু বাধ্যবাধকতা সম্পৰ্কে কেইবাটাও চুক্তি স্বাক্ষৰ কৰিব লাগে। ইয়াৰে এটা হ’ল মোবাইল এপ্লিকেচন বিতৰণ চুক্তি। ফলত গুগলৰ চাৰ্চ ইঞ্জিন এপ, ক্ৰ’ম ব্ৰাউজাৰ, ৱিজেট আদি ইতিমধ্যে এণ্ড্ৰইড মোবাইলত ইনষ্টল হৈ আছে। স্বাভাৱিকতে ফলস্বৰূপে গুগল আনতকৈ বহু আগবাঢ়ি আছে। সংস্থাটোৰ এই কাম সম্পূৰ্ণ অনৈতিক বুলি দাবী কৰিছে চিচিআয়ে। এইদৰেই এই আমেৰিকান কোম্পানীটোৱে স্মাৰ্টফোনৰ বজাৰৰ ৯৮ শতাংশ দখল কৰিছে। এইদৰে তেওঁলোকে কেৱল আনৰ বজাৰ দখল কৰাই নহয়; প্ৰতিযোগীসকলৰ বাবে বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। ফলত লাভ অকল গুগলে লাভ কৰে। তেওঁলোকৰ এই কাৰ্যকলাপৰ সমালোচনা আন সংগঠনে কৰে। এইবোৰ কাৰণতে গুগলে কেন্দ্ৰৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে গুগলেও ইয়াৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। তেওঁলোকে কয় যে কেন্দ্ৰৰ এই পদক্ষেপে ভাৰতীয় ব্যৱহাৰকাৰী আৰু ব্যৱসায়ী উভয়ৰে বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এণ্ড্ৰইডৰ সুৰক্ষাক বিশ্বাস কৰা ব্যৱহাৰকাৰীসকলো ইয়াৰ ফলত হতভম্ব হ’ব পাৰে। একে সময়তে দেশৰ বজাৰত স্মাৰ্টফোনৰ দামো বৃদ্ধি হ’ব পাৰে। গুগলে কৈছে যে এই বিষয়টো পৰ্যালোচনা কৰি সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More