ৰাজ্যপাল কাটাৰিয়া, বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয় আৰু বিটিচি প্ৰশাসনৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

0 12

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৮জুনঃ “বড়োলেণ্ড স্থাপনৰ বাবে যিজন ব্যক্তিৰ বৃহৎ অৱদান আছিল তেওঁৰ অনুভূতি শিক্ষাৰে যোগ কৰি এই প্ৰয়াস কৰা হ’ব৷ ইয়াৰ বাবে বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়ো আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধন্যবাদৰ পাত্ৰ৷” অসম চুক্তিৰ আধাৰত তেজপুৰত প্ৰতিষ্ঠা হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ৰ নামত আশন প্ৰতিষ্ঠাৰ বুজাবুজি চুক্তিৰ স্বাক্ষৰ অনুষ্ঠানত অংশলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গোলাপ চান্দ কাটাৰীয়াই এইদৰে কয়৷ তেওঁ এই প্ৰসংগত আৰু কয় যে, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে নতুন নতুন গৱেষণা পত্ৰ নতুন অনুসন্ধানৰে এই সংস্কৃতি চিৰযুগমীয়া কৰাৰ লগতে দেশ তথা সৰ্বসাধাৰণৰ মাজলৈ লৈ যাব বুলি আশা কৰিব পাৰি৷ আজি এই বুজাবুজিৰ চুক্তি ইয়াৰে বীজ হিচাপে ৰোপণ কৰা হৈছে৷ উল্লেখযোগ্য যে, আজি দিনৰ ১১-২৩ত কলাগুৰু বিঞ্চু ৰাভা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সভাত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ উল্লেখযোগ্য যে, বি টি চি ৰ মুৰব্বী প্ৰমোদ বড়োৱে আজি তেজপুৰত ঘোষণা কৰে যে বি টি চি প্ৰশাসনে বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত বছৰি পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীলৈ বিশেষ স্কলাৰচিপ আগবঢ়াব আৰু তেওঁলোকে ইয়াৰ দ্বাৰা গৱেষণাৰ সুযোগ লাভ কৰিব৷ অৱশ্যে এইক্ষেত্ৰত বিষয়সমূহ বিশ্ববিদ্যালয়ৰে আলোচনা কৰি শীঘ্ৰেই থিৰাং কৰা হ’ব বুলিও তেওঁ কয়৷ তেজপুৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ৰাজ্যপাল তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য কাটাৰীয়া আৰু বি টি চি ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপস্থিতিত বুজাবুজি চুক্তিৰে স্বাক্ষৰৰ পাছত বিটিচিৰ মুৰব্বীজনে কয় যে, ২০২০ত চুক্তিৰ পাছত গঠিত বিটিচি চৰকাৰে বড়োলেণ্ডত কেনেদৰে স্থায়ী শান্তি বৰ্তাই ৰাখিব পাৰি আৰু বিটিচিৰ ৩৫লাখ লোকৰ সৰ্বাংগীণ উন্নতি কেনেদৰে সাধন কৰিব পাৰি তাৰ বাবে চিন্তা কৰিয়েই আন্তৰাষ্ট্ৰীয় জ্ঞান উৎসৱ অনুষ্ঠিত কৰা হৈছিল৷ ইয়াত দেশ বিদেশৰ বহুকেখন বিশ্ববিদ্যালয়ৰ লগতে শিক্ষাবিদ, বিশেষজ্ঞই অংশ লৈছিল আৰু শৈক্ষিক, ঔদ্যোগিক, পৰিৱেশ, অৰ্থনৈতিক, লিংগ ন্যায্যতাকে ধৰি সকলো বিষয়ত আলোচনা হৈছিল৷ বড়োৱে পুনৰ কয় যে, ইয়াতে তেজপুৰ বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত এখন আশন প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰিছিল আৰু আজি এই ক্ষেত্ৰত বিশ্ববিদ্যালয় আৰু বিটিচিৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন হ’ল৷ ইতিমধ্যে এই আশনৰ বাবে প্ৰয়োজনীয় কাৰিকৰী কাম সম্পূৰ্ণ কৰা হৈছে৷ ইয়াৰ পূৰ্বে তেওঁ ভাষণত কয় যে, এই বুজাবুজি চুক্তিৰ জৰিয়তে আমি উদ্ভাৱনক আগুৱাই নিয়াৰ, শৈক্ষিক সুযোগ বৃদ্ধি কৰা, আৰু অঞ্চলটোৰ সামগ্ৰিক বৃদ্ধি ত্বৰান্বিত কৰাৰ মনস্থ কৰিছো৷ সন্মানীয় অতিথি বড়োৱে পুনৰ কয় “বছৰ বছৰ ধৰি আমি আমাৰ পৰিচয়ৰ বাবে যুঁজি আহিছো, আৰু আমাৰ নেতা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই আমাৰ সমাজৰ বাবে এক উন্নত ভৱিষ্যত সৃষ্টিৰ দিশত চেষ্টা চলাইছিল৷ সেয়েহে আমি নতুন ধাৰণা আকোৱালি লোৱা, আমাৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টি কৰা আৰু উন্নতিৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাত বিনিয়োগ কৰা প্ৰয়োজন৷“উল্লেখযোগ্য যে, দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত উপস্থিত হোৱা ৰাজ্যপাল কাটাৰীয়াই ভাষণ প্ৰসংগত কয় যে বড়ো জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ই অতি গুৰুত্বপূৰ্ণ৷ মুখ্য অতিথি হিচাপে ভাষণ দি অসমৰ ৰাজ্যপাল কটাৰিয়াই এই বুজাবুজি চুক্তি স্বাক্ষৰক বিটিআৰৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়তো ৰাজ্যৰ শৈক্ষিক আৰু সামগ্ৰিক বিকাশত অৰিহণা যোগোৱাৰ দিশত এক নতুন অধ্যায়ৰ আৰম্ভণি বুলি প্ৰশংসা কৰে৷ “মই আনন্দিত যে বুজাবুজি চুক্তিখনে বিটিআৰ অঞ্চলত কৃষি আৰু কৃষি সম্পৰ্কীয় সামগ্ৰীৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ কাৰণ হ’ল বিটিআৰৰ জনসাধাৰণৰ জীৱিকা মূলতঃ কৃষিৰ ওপৰত ভিত্তি কৰি আৰু অঞ্চলটোত বহু সম্ভাৱনা আছে যিবোৰ ইয়াৰ জৰিয়তে অন্বেষণ কৰিব পৰা যায় “কাটাৰিয়াই কয়৷ আনহাতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভূ নাথ সিঙে কয় যে এই উপলক্ষে ভাষণ দি অধ্যাপক শম্ভু নাথ সিঙে কয় যে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটো প্ৰগতি, সহযোগিতা, আকাংক্ষা পূৰণৰ মনোভাৱক একত্ৰিত কৰা এক অনুষ্ঠান৷ “বিটিচিয়ে বড়ো সকলৰ আকাংক্ষাৰ ইতিহাস, সংগ্ৰাম আৰু উত্তৰাধিকাৰ কঢ়িয়াই লৈ ফুৰে৷ একেদৰে তেজপুৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা অসম আন্দোলনৰ পৰিণতি, আৰু সেয়েহে সংশ্লিষ্ট সকলো অংশীদাৰৰ আকাংক্ষা পূৰণৰ দায়িত্ব বিশ্ববিদ্যালয়ৰ অধিক৷ তেজপুৰ বিশ্ববিদ্যালয় আৰু বিটিচিয়ে সহযোগিতাৰ উমৈহতীয়া ক্ষেত্ৰ বিচাৰি পাইছে”অধ্যাপক সিঙে কয়৷ উল্লেখযোগ্য যে, বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে তেজপুৰ বিশ্ববিদ্যালয় হৈ পঞ্জীয়ক ডঃ বীৰেন দাসে আৰু বি টি চি ৰ ধীৰাজ সাউদে৷ অনুষ্ঠানত বি টি চি ৰ উচ্চ পদস্থ বিষয়া আৰু তেজপুৰৰ বিশ্ববিদ্যালয়ৰ বিষয়া বৰ্গৰ লগতে এবছুৰ বিষয়ববীয়া, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শোণিতপুৰ জিলা প্ৰশাসনৰ লোকো উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More