ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 18
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ এপ্ৰিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত আৰু ডাঃ ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে। কেবিনেটত অসম লোক সেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত তদন্তকাৰী আয়োগৰ প্ৰতিবেদনক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২০১৪ চনৰ কেলংকাৰীৰ তদন্তৰ বাবে গঠন কৰা হ’ব এখন সুকীয়া আয়োগ। উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা গঠন কৰা হ’ব এই আয়োগ। দুমাহৰ ভিতৰত এই কমিটীয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন। আনহাতে বিপ্লৱ কুমাৰ শৰ্মাৰ প্রতিবেদন পৰীক্ষাৰ বাবে কমিটী গঠন। মুখ্য সচিবৰ নেতৃত্বত গঠন কৰা হৈছে কমিটী। এই কমিটীত আছে আই এ এছ পৱন বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। আয়ুক্ত সচিব নীৰজ বাৰ্মাও কমিটীৰ সদস্য সচিব। আনহাতে জাইকাৰ ৩৮০০ কোটি টকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়ন কৰা হ’ব। ৬ খন মেডিকেল কলেজত হ’ব ৬ খন চুপাৰ স্পেচিয়েলিটী হাস্পতাল। গুৱাহাটী মেডিকেল কলেজ আৰু ডিফু মেডিকেল কলেজত স্থাপন কৰা হৈছে দুখন চুপাৰ স্পেচিয়েলিটী হাস্পতাল। শিলচৰ, ওদালগুৰি, হোজাই, হাইলাকান্দি, দৰং, ডিমা হাছাওত নিৰ্মাণ কৰা হ’ব অত্যাধুনিক জিলা হাস্পতাল। মাধ্যমিক শিক্ষাৰ অধীনত কৰ্মৰত হৈ থকা ৪,৭৯৩ গৰাকী অতিৰিক্ত শিক্ষকৰ দৰমহা চিলিঙমুক্ত কৰা হ’ব। তেওঁলোকক কোষাগাৰৰ পৰা নিয়মিতভাৱে দিয়া হ’ব দৰমহা।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More