ৰাজ্যিক পৰ্যায়ৰ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

৯ আগষ্টলৈ চলিব মাহজোৰা অভিযান, সামৰিব ৰাজ্যৰ ৩৭ লাখ শিশুক

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ জুলাই : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰে পৰা ৰাজ্য জুৰি ডায়েৰিয়া নিয়ন্ত্ৰণৰ এমহীয়া বিশেষ কাৰ্যসূচী হাতত লৈছে। সোমবাৰে আগবেলা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাৱে ৰাজ্যিক পৰ্যায়ৰ ‘বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী’ উদ্বোধন কৰে। আজিৰে পৰা অহা ৯ আগষ্টলৈকে ৰাজ্যজুৰি ৰূপায়ণ কৰিবলৈ লোৱা এই এমহীয়া কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ পাঁচ বছৰ অনুৰ্দ্ধৰ প্ৰায় ৩৭ লাখ শিশুক সামৰি ডায়েৰিয়া নিয়ন্ত্ৰণ অভিযান চলাবলৈ লক্ষ্য স্থিৰ কৰিছে স্বাস্থ্য বিভাগে৷ WhatsApp Image 2023 07 10 at 6.51.32 PMএই ৰাজ্যিক শিশু স্বাস্থ্য সুৰক্ষামূলক কাৰ্যসূচী শুভাৰম্ভ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ দিশটোত সৰ্বাত্মক গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ শিশুসকলক বিভিন্ন ৰোগৰ তথা অসুখৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে স্বাস্থ্য বিভাগে নিয়মীয়াকৈ আগতীয়া সতৰ্কতামূলক ব্যৱস্থা লৈ অহা বুলি দোহাৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে বাৰিষাৰ সময়ছোৱাত শিশুসকল সততে ডায়েৰিয়া আদি ৰোগত আক্ৰান্ত হোৱা দেখা যায়। সেয়ে, এই দিশত শিশুৰ পিতৃ-মাতৃ-অভিভাৱক তথা সৰ্বসাধাৰণ ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ লগতে প্ৰয়োজনীয় আগতীয়া সতৰ্কতামূলক ব্যৱস্থা কৰিব পৰাকৈ স্বাস্থ্য বিভাগে আজিৰে পৰা ৰাজ্যৰ সকলো অঞ্চলকে সামৰি এমাহজোৰা বিশেষ অভিযান আৰম্ভ কৰিছে। এই বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত জিংকৰ বড়ি আৰু অ’আৰএছ জৰিয়তে বাৰিষাৰ সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলোকে আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী মহন্তই৷ ইফালে, আজিৰ এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ অধীনত চকুত ছানি পৰা ৰোগ (কেটেৰেক্ট)ৰ অস্ত্ৰোপচাৰ কৰা কলিয়াবৰৰ কিছুসংখ্যক ব্যক্তিকো সম্বৰ্ধনা জনোৱাৰ লগতে আন একাংশ লোকক চশমাও বিতৰণ কৰে মন্ত্ৰীগৰাকীযে। আজিৰ এই অনুষ্ঠানত কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, নগাঁৱৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্ত, এনএইচএমৰ ৰাজ্যিক নডেল বিষয়া (পৰিপুষ্টি) হৰ্পাল সিং সুৰী, অতিৰিক্ত পৰামৰ্শদাতা (শিশু স্বাস্থ্য) কৃষ্ণা কেম্প্ৰাই, জিলা সমাজ কল্যাণ বিষয়া ৰুবী কলিতা, কলিয়াবৰৰ মহকুমা চিকিৎসা বিষয়া ডাঃ বীৰেন দেউৰী, কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জয়দীপ কাকতিৰ লগতে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ স্থানীয় প্ৰতিনিধি, মহকুমা অসামৰিক চিকিৎসালয়খনৰ চিকিৎসক-স্বাস্থ্যকৰ্মীসকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More