ৰামায়ণৰ ‘কুইজ’ত জয়ী দুই মুছলমান ছাত্ৰ

'অযোধ্যা কাণ্ড'ৰ অনায়াসে কৰিব পাৰে আবৃত্তি

0 60

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ আগষ্ট : হিন্দু শাস্ত্ৰ ৰামায়ণক লৈ আয়োজন কৰা কুইজ প্ৰতিযোগিতাত দুজন মুছলমান ছাত্ৰই অংশগ্ৰহণ কৰিছিল। দুয়োগৰাকীয়ে প্ৰতিযোগিতাত জয়লাভো কৰে। এটা প্ৰকাশন প্ৰতিষ্ঠানে আয়োজন কৰিছিল এই প্ৰতিযোগিতা। য’ত ৰামায়ণ কাহিনীৰ বিভিন্ন দিশৰ ওপৰত প্ৰশ্ন কৰা হৈছিল। বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। অৱশ্যে ইয়াৰে ৫ জনক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হয়। সেই পাঁচজনৰ ভিতৰত আছে এই দুজন ছাত্ৰ। প্ৰতিযোগী দুজনৰ ভিতৰত এজন হৈছে মহম্মদ বছিথ, আৰু আনজন হৈছে এম মহম্মদ জাবিৰ পি কে। দুয়ো কেৰালাৰ মালাপপুৰমত থাকে। একেখন কলেজতে পঢ়া-শুনা কৰে। দুয়োজনে কয় যে সৰুৰে পৰা তেওঁলোকে ৰামায়ণ আৰু মহাভাৰতৰ কথা শুনি আহিছে। পিছত পঢ়িবলৈ আৰম্ভ কৰিছিল। শেহতীয়াকৈ তেওঁলোকে অযোধ্যা কাণ্ডৰ বিষয়ে অধিক বিশদভাৱে অধ্যয়ন কৰিছিল। অযোধ্যা খণ্ডৰ শ্লোকবোৰ বছিথৰ জিভাৰ আগত। জাবিৰে কয় যে ৰাম এজন অতি নৈতিকতাসম্পন্ন ব্যক্তি। তেওঁ ৰামক ভাল পায়। ভাৰতৰ বাসিন্দা হিচাপে সকলোৱে ৰামায়ণ আৰু মহাভাৰতক জনাটো গুৰুত্বপূৰ্ণ বুলি দুয়োজনেই অনুভৱ কৰে। কাৰণ ই ভাৰতৰ সংস্কৃতিৰ বিষয়ে এটা ভাল ধাৰণা দিয়ে। ৰামায়ণ কুইজত দুজন মুছলমান ছাত্ৰ জয়ী হোৱাৰ খবৰ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। সেই বিষয়ে সোধাত দুয়োজনে কয়— “আমি আন ধৰ্মৰ ধৰ্মীয় কিতাপ পঢ়িবলৈ সমানেই উৎসাহী। কাৰণ প্ৰতিখন ধৰ্মীয় কিতাপতে মানুহক ভালপোৱাৰ কথা কোৱা হয়, উদাৰতাৰ কথা কোৱা হয়।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More