ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত তেজপুৰৰ আয়ুস শৰ্মাৰ কৃতিত্ব

0 24
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩ অক্টোবৰঃ অলপতে গুজৰাটত অনুষ্ঠিত হৈ যোৱা এম পি এল ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ইউ-৭ মুকলি আৰু ছোৱালী দবা চেম্পিয়নশ্বিপত (MPL 35th National U-7 Open and Girls Chess Championship) ত‌ অংশগ্ৰহণ কৰি শোণিতপুৰৰ  আয়ুস শৰ্মাই বিংশ স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে স্বপ্নীল শেখৰ নাথে সুন্দৰ খেল প্ৰদৰ্শন কৰি শোণিতপুৰ জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেজপুৰৰ পাৰ্বতী নগৰ নিবাসী প্ৰদীপ শৰ্মা আৰু মধুমিতা গাৰ্গৰ সন্তান তথা তেজপুৰ গুৰুকুল বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আয়ুসে অতি কম বয়সতেই এনেদৰে তেজপুৰলৈ সুনাম কঢ়িয়াই অনাত তেজপুৰৰ ক্ৰীড়া ক্ষেত্ৰখন উৎফুল্ল হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More