ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহত তেজপুৰত জিলা পৰিবহন বিভাগৰ বিশেষ তৎপৰতা

শিক্ষানুষ্ঠানত বাটৰ নাটেৰে ব্যাপক সজাগতা

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জানুৱাৰী : দ্ৰুতগতিত বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধৰ অৰ্থে ৰাজ্যখনৰ পৰিবহণ বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা “ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ” কাৰ্যসূচীৰ অন্তৰ্গত “পথ সুৰক্ষা সজাগতা অভিযান” ৰ অংশ হিচাপে শোণিতপুৰ জিলা পৰিবহন বিভাগেও বিভিন্ন সজাগতামূলক কাৰ্য্যাসূচীৰ মাজতে আজি তেজপুৰ চহৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়, তেজপুৰ একাডেমী আৰু বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত নিবেদন কৰা এখন “বাটৰ নাটে” শিক্ষাৰ্থী, শিক্ষক – শিক্ষয়িত্ৰীৰ লগতে স্হানীয় ৰাইজক আপ্লুত কৰি তোলে। মূলতঃ যিকোনো যানবাহনৰ তীব্ৰ গতি ৰোধ কৰা, চাৰিচকীয়া বাহনৰ চালকসহ সকলো যাত্ৰীয়ে চিট বেল্ট ব্যৱহাৰ সুনিশ্চিত কৰা, মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱা ৰোধ কৰা আৰু গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ বাৰণ কৰাৰ সজাগতাৰে শোণিতপুৰ জিলা পৰিবহণ বিভাগে যোৱা সময়খিনিত ব্যাপক তৎপৰতা গ্ৰহণ কৰাৰ পিছত আজি বিদ্যালয়সমূহত আয়োজন কৰা বাটৰ নাটে বিশেষ সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয়। শোণিতপুৰ জিলাৰ পৰিবহন বিভাগৰ একাংশ এনফৰ্চমেণ্ট বিষয়া – কৰ্মচাৰীৰ আৰু আন কৰ্মচাৰীৰ উপস্থিতিত তেজপুৰৰ “আবিৰ থিয়েটাৰ গ্ৰুপ” ৰ শিল্পী সকলে তেজপুৰৰ দক্ষ নাট্যশিল্পী জিতুমণি কলিতাৰ ৰচনা আৰু পৰিচালনাৰে কৰা সজাগতামূলক বাটৰ নাটে আজি তিনিওখন শিক্ষানুষ্ঠানত পথ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ সজাগতাৰ সৃষ্টি কৰাৰ সময়ত শিক্ষাৰ্থী সকল আপ্লুত হৈ পৰে। উল্লেখ্য যে, অভিনয় শিল্পী বিষ্ণু দাস, ৰুবু কলিতা, ভাৰ্গৱ কলিতা, ইমন নাথ, ৰুবী গগৈ আৰু মাইনী শইকীয়াই অভিনয় কৰা বাটৰ নাটৰ পৰিৱেশনৰ প্ৰাকমুহূৰ্তত আটাইকেইখন বিদ্যালয়ৰ প্ৰধান, অধ্যক্ষ, উপাধ্যক্ষ ক্ৰমে – বিজয় কাণ্ডুলনা, জীতেন্দ্ৰনাথ কলিতা, ভূপেন শৰ্মা, চন্দ্ৰশেখৰ শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰি পৰিবহণ বিভাগৰ এনে প্ৰয়াসৰ শলাগ লয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More