ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগিতালৈ অসমৰ মহিলা দল ৰাওনা

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ অহা ২০ জুলাইৰ পৰা ২৩ জুলাইলৈ টাগ অফ ৱাৰ ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত তামিলনাডুৰ নামাক্কালত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ ২০২৩৷ইয়াৰ বাবে অসমৰ ১২ জনীয়া সদস্যাৰ মহিলা দলটো যোৱা নিশা তামিলনাডুলৈ ৰাওনা হৈছে।ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে প্ৰস্ততি সম্পূৰ্ণ কৰি ৰাওনাহোৱা দলটোৰ খেলুৱৈ সকল হৈছে মায়াশ্ৰী স্বৰ্গীয়াৰী, পদুমী বসুমতাৰী, নিজলা মোছাহাৰী, গনৰাণী স্বর্গীয়াৰী, ৰূপালী নাৰ্জাৰী, নিজৰা ৰামচিয়াৰী, বনশ্ৰী বড়ো, ছদ্মশ্ৰী বসুমতাৰী, মিনা বসুমতাৰী, ৰৈমালী মোছাহাৰী। দলটোৰ প্ৰশিক্ষক হিচাপে হাইনাশ্ৰী ৱাৰী আৰু মেনেজাৰ হিচাবে চালামত দিৱানেও যাত্ৰা কৰিছে। উল্লেখযোগ্য যে, অসম মহিলা দলক প্ৰতিনিধিত্ব কৰা আটাইকেইগৰাকী খেলুৱৈ শোণিতপুৰ জিলা টাগ অৱ সন্থাৰ অধীনস্থ আৰু ৰঙাপৰা মহাবিদ্যালয়ত অধ্যয়নৰত আৰু এই খেলুৱৈ সকলক শোণিতপুৰ জিলা টাগ অৱ ৱাৰ সন্থাৰ জৰিয়তে চালামত দিৱান আৰু হাইনাশ্ৰী ৱাৰীৰ দ্বাৰা ৰঙাপৰা মহাবিদ্যালয়ত নিয়মিত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ২০২৩ত শোণিতপুৰৰ এই দলটোৱে কামৰূপৰ আজাৰাত অনুষ্ঠিত আন্তঃজিলা প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ লাভ কৰি পোনপটীয়াকৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More