অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত আঞ্চলিকতাবাদী শক্তি বৃদ্ধি কৰিবলৈ সংকল্প তেজপুৰ জিলা অগপৰ

৮ গৰাকী প্ৰবীণ, নিষ্ঠাবান অগপ নেতা-কৰ্মীক সম্বৰ্ধনা

0 7
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৪ অক্টোবৰঃ অসম গণ পৰিষদ দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ পুনৰ তেজপুৰৰ পৰা সৰব হৈ পৰিল অগপৰ তেজপুৰ জিলা সমিতিৰ বিষয়ববীয়া তথা দলীয় নেতা-কৰ্মীসকল। এসময়ৰ অগপৰ দুৰ্গ স্বৰূপ তেজপুৰত আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠান আৰম্ভ হয় তেজপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথৰ দ্বাৰা দলীয় পতাকা উত্তোলনৰে। জিলা সম্পাদক দাদুল বৰাই আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত শ্বহীদ তৰ্পণ কাৰ্যসূচী মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অগপৰ তেজপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা জিলা সমিতিৰ উপদেষ্টা সুশীল শৰ্মা আৰু বৰালীমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই। ইয়াৰ পিছতেই প্ৰতিষ্ঠা দিৱসৰ মূল সভা আৰম্ভ হয় জিলা সভাপতি ৰাতুল কুমাৰ নাথৰ পৌৰোহিত্যত। জিলা সম্পাদক দাদুল বৰাই আদৰণী ভাষণ প্ৰদান কৰা সভাখনত দলৰ হৈ সেৱা আগবঢ়োৱা সাতগৰাকী প্ৰবীণ নেতা-কৰ্মী ক্ৰমে – সত্যপ্ৰসাদ শইকীয়া, যোগেন পটংগীয়া, জিতেন বৰা, চাৰু বৰা, কামাল খান, লক্ষেশ্বৰী বড়ো, ৰেণু বৰা আৰু মহম্মদ চিৰাজ উদ্দিনক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিত দলৰ প্ৰবীণ সদস্য তথা প্ৰাক্তন ছাত্ৰ নেতা সত্যপ্ৰসাদ শইকীয়াই প্ৰতিষ্ঠা লগ্নৰ স্মৃতিৰ লগতে একাংশ দলীয় সতীৰ্থৰ আঞ্চলিক ৰাজনীতিৰ প্ৰতি থকা ত্যাগক স্মৰণ কৰি পুনৰ এই শক্তি বৃদ্ধিৰ অৰ্থে দলীয় সাংগঠিনক ভেটি শক্তিশালী কৰি তুলিবলৈ সকলো তৃণমূল কৰ্মীকে আহ্বান জনায়। জিলা সম্পাদক বিদ্যুৎ বিজয় মহন্ত, প্ৰবীণ নেতা জিতেন বৰা আদিয়েও ভাষণ প্ৰদান কৰা প্ৰতিষ্ঠা দিৱসৰ মূল সভাত সভাপতিৰ আসনৰ পৰা এসময়ৰ ছাত্ৰ নেতা তথা ৰাতুল কুমাৰ নাথে তেজপুৰৰ পৰা অগপৰ সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সকলো দলীয় কৰ্মীয়ে পূৰ্বতকৈও অধিক নিষ্ঠাৰে দলীয় কৰ্মত নিয়োজিত হৈ আঞ্চলিক ৰাজনৈতিক শক্তিয়েহে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত অধিক সুৰক্ষিত কৰি তুলি অসমীয়া ভাষা, সাহিত্য – সংস্কৃতিক সুৰক্ষা প্ৰদানত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More