অভিনৱ থিয়েটাৰত নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা

0 26

উত্তৰ লখিমপুৰ, ১৫ জুলাইঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত নাওবৈচা বিধান সভা সমষ্টিভিত্তিত ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰৰ দ্বাৰা আজিৰে পৰা ১০ দিনীয়া নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানটো আজি পুৱা অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা হয়।WhatsApp Image 2023 07 15 at 5.23.24 PM এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাবেৰী বুঢ়াগোহাঁয়ে বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানৰ আঁত ধৰে দয়াল কৃষ্ণ নাথে। সভাত সভাপতিত্ব কৰে শংকৰদেৱ শিশু নিকেতন, ফুলবাৰীৰ প্ৰধান আচাৰ্য্য প্ৰবীন বৰুৱাই। অতিথি ৰূপে উপস্থিত থাকে লেখক মহেশ্বৰ নাথ, পদ্ম শৰ্মা, নাট পৰিচালক ধন কুমাৰ দত্ত,ড° দীপক বৰা। অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে হিমাদ্ৰী বৰাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More