অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰত পশ্চিম বংগৰ গোবৰদাংগাত মঞ্চস্থ হব

0 11

উত্তৰ লখিমপুৰ, ৩০ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ২১ ডিচেম্বৰ ২০২২ত পশ্চিমবংগৰ গোবৰদাংগাত আয়োজন কৰা মৃদংগম ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২২ত মঞ্চস্থ হব৷ গোবৰদাংগা মৃদংগম নাট্য দলে আয়োজন কৰা এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰা হিন্দী নাটকখনৰ পৰিচালনা দয়াল কৃষ্ণ নাথৰ, ৰচনা কুশল ডেকাৰ৷ নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটক খনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি কুমাৰ ৰঞ্জন, নিকিতা কুমাৰী , দয়াল কৃষ্ণ নাথ, মনোজ কুমাৰ, বিজেন্দ্ৰ কুমাৰ, কৰুণাকৃষ্ণ নাথ, প্ৰনৱ মহন্ত, তৰুণ কৃষ্ণ নাথ আৰু কথাশ্ৰীতা কুণ্ডুৱে অভিনয় কৰিছে৷ উল্লেখযোগ্য যে এই নাটকখনি ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত নাট মহোৎসৱত মঞ্চস্থ কৰি সমাদৰ পাবলৈ সক্ষম হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More