অসমত এন আৰ চিৰ নতুন সমন্বয়ক

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি দিছে। এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ আই এ এছ বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক। হিতেশ দেৱশৰ্মাৰ ঠাই ল’ব পাৰ্থ প্ৰতিম মজুমদাৰে। অহা ৩১ জুলাইত সেৱাৰ পৰা অৱসৰ ল’ব হিতেশ দেৱশৰ্মাই। বৰ্তমান মজুমদাৰ সমবায় সমিতিৰ পঞ্জীয়ক আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ সচিব হিচাপে কৰ্মৰত। অসম চৰকাৰৰ এক অধিসূচনাত জনোৱা হৈছে যে পাৰ্থ প্ৰতিম মজুমদাৰক সচিব হিচাপে গৃহ আৰু ৰাজনৈতিক বিভাগৰ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আৰু এন আৰ চি সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত পদলৈ বদলি কৰা হ’ব। উল্লেখ্য যে ২০১৯ চনৰ নৱেম্বৰ মাহত অসম চৰকাৰে প্ৰতীক হাজেলাৰ ঠাইত হিতেশ দেৱশৰ্মাক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More