অসমীয়াৰ স্বাভিমানত আঘাত

নাৰায়ণপুৰত গামোচাজ্ব লাই পঞ্চায়ত সচিব গ্ৰেপ্তাৰ

0 14

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৭ এপ্ৰিলঃ অসমীয়াৰ বাপুতি সাহোন তথা অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা জ্বলাই আজি জাতীয় সংগঠনৰ ৰোষত পৰে এজন পঞ্চায়ত সচিব৷ এই ঘটনা সংঘটিত হয় লখিমপুৰ জিলাৰ দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তত৷ এই ঘটনাৰ পিছতে পঞ্চায়ত সচিবজনৰ বিৰুদ্ধে স্থানীয় দুই জাতীয় সংগঠন আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নাৰায়ণপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে পঞ্চায়ত সচিবজনক আটক কৰি থানালৈ লৈ যায়৷ প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৱৰ্তী দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত পঞ্চায়তখনৰ সচিব বীৰধন পাতিৰে নিজৰ কাৰ্যালয়ত কাৰ্যালয়ৰ সন্মুখত থকা এটা ডাষ্টবিনত এখন গামোচা জ্বলাই দিয়ে৷ পঞ্চায়ত কাৰ্যালয়টোত অন্তোদয়া আঁচনিৰ এখন সভা চলি থকাৰ সময়তে সচিব পাতিৰে নিজৰ কোঠাৰ ভিতৰত সোমাই পুনৰ বাহিৰলৈ ওলাই আহি এখন গামোচা কাৰ্যালয়ৰ সন্মুখত থকা ডাষ্টবিনত জ্বলাই দিয়ে৷ উক্ত ঘটনা এজন লোকে মবাইলত আৱদ্ধ কৰি পৰৱৰ্তী সময়ত সেই ৰেকৰ্ডিং ভাইৰেল কৰাত নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একাংশ কৰ্মকতাই পৰিস্থিতি পৰ্যবেক্ষণ কৰি নাৰায়ণপুৰ আৰক্ষীক খবৰ দিয়ে৷ ফলত দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তত আৰক্ষী উপস্থিত হৈ সচিবজনক সোধ পোছৰ অন্তত আৰক্ষীয়ে দুই জাতীয় সংগঠনৰ এজাহাৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰে৷ ইফালে পঞ্চায়ত সচিবজনে গামোচা জ্বলোৱা কাৰ্যৰ কথা স্বীকাৰ কৰাৰ লগতে উক্ত গামোচাখন কাৰ্যালয়ৰ পুৰণি গামোচা আৰু নিগনিয়ে কূটা বুলি কৈ ডাষ্টবিনতজ্ব লাই দিয়ে৷ নাৰায়ণপুৰত এজন পঞ্চায়ত সচিবে এনেদৰে গামোচা জ্বলাই দিয়া কাৰ্যক সকলোৱে গৰিহণা দিয়াৰ লগতে জাতীয় সংগঠনদ্বয়ে ইয়াৰ উচিত শাস্তিৰ দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More