শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ অসম আৰু অৰুণাচলৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত মীমাংসা চলি থকাৰ সময়তে আজি লখিমপুৰত অৰুণাচলী দুবৃৰ্ত্তই অসম তথা লখিমপুৰৰ উচ্চ পদস্থ বন বিষয়া-কৰ্মীৰ এটা দললৈ কেবাজাই গুলী চালনা কৰা ঘটনাই সমগ্ৰ লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি আজি বিয়লি লখিমপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰীৰ অধীনস্থ এ চি এফ অশোক কুমাৰ দাসৰ লগত হাৰমতী আঞ্চলিক বন বিষয়া আৰু লখিমপুৰৰ বন সুৰক্ষা কৰ্মীৰ এটা প্ৰায় কুৰি জনীয়া দলে হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ জুটুলি বাগানত উপস্থিত হয়৷ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোৰ জুটুলী বাগানত অসমৰ ভূমিত প্ৰায় এটা পষেকৰ পূৰ্বে অৰুণাচলী লোকে টিঙৰ ঘৰ সাজি বসবাস কৰিবলৈ লোৱাৰ পিছত সেই বিষয়টো ৰামপুৰ বন খণ্ডৰ খণ্ড বন বিষয়াই উদ্ধৰ্তম কতৃৰ্পক্ষক অৱগত কৰাত আজি উক্ত স্থানত উচ্চ পদস্থ বন বিষয়াজন উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ বিয়লি প্ৰায় ২.৩০ বজাত উক্ত স্থানত অসমৰ বন বিষয়া কৰ্মচাৰীৰ দলটো উপস্থিত হোৱাৰ সময়ত অবৈধ দখলকাৰীয়ে টিঙৰ ঘৰটোত এটা মেথুন কাটি থকা প্ৰত্যক্ষ কৰে৷ অৰুণাচলী বেদখলকাৰীয়ে অসমৰ বন বিষয়াৰ দলটোক কৌশলেৰে বহুৱাই ৰাখি ফোনযোগে কোনো লোকক খবৰ দিয়াৰ কিছু সময়ৰ পিছত প্ৰায় ২০-৩০ জনীয়া অৰুণাচলী লোক উপস্থিত হৈ সেই স্থান অৰুণাচলৰ বুলি দাবী কৰি উক্ত স্থানত অসমৰ বন বিভাগৰ দলটো কিয় উপস্থিত হৈছে বুলি প্ৰশ্ন কৰে৷ এনেতে অৰুণাচলীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত অসমৰ বন বিভাগৰ দলটো সেই স্থানৰ পৰা আঁতৰি আহিবলৈ ধৰাৰ সময়তে অৰুণাচলী দুবৃৰ্ত্তই অসমৰ বন বিষয়া কৰ্মচাৰীৰ দলটোলৈ লক্ষ্য কৰি তিনি জাই গুলী চালনা কৰে৷ সৌভাগ্যক্ৰমে উক্ত গুলী দলটোৰ গাত নালাগিল যদিও তেওঁলোকে কোনোমতে প্ৰাণ লৈ পলাই আহিবলৈ সক্ষম হয়৷ পিছত বন বিষয়া কৰ্মচাৰী দলটোৱে লখিমপুৰৰ চিলনীবাৰী আৰক্ষী চকীত উক্ত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷ উল্লেখ্য যে সীমা সমস্যাক লৈ মীমাংসা চলি থকাৰ সময়তে লখিমপুৰত অৰুণাচলীৰ এনে আগ্ৰাসনে বিশেষ তাৎপৰ্য বহন কৰিছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.