অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক চি পি আই (এম)ৰ বিৰোধিতা

0 57

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জুনঃ অসমৰ প্ৰায় সকলোবোৰ বিৰোধী দল আৰু জাতীয় সংগঠনৰ প্ৰবল বিৰোধিতা সত্ত্বেও ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি ইয়াৰ খচৰা প্ৰকাশ কৰাত চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হৈছে যে নিৰ্বাচন আয়োগে অসমৰ জনমত সম্পূৰ্ণ উপেক্ষা কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ স্বৈৰতান্ত্ৰিক নিৰ্দেশ আৰু তীব্ৰ হেঁচাত ২২ বছৰৰ পূৰ্বৰ লোক গণনা তথা জনসংখ্যাৰ ভিত্তিত সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে। প্ৰস্তাৱিত খচৰাখনৰ মাজেৰে আৰএছএছ-বিজেপিৰ সাম্প্ৰদায়িক আৰু বিভাজনবাদী নীতি প্ৰকট ৰূপত ওলাই পৰিছে। সীমা সালসলনিৰ বাবে নতুনকৈ প্ৰস্তাৱ কৰা খচৰাখনত ৰাজ্যত বিগত ২২টা বছৰত হোৱা জনসংখ্যাৰ বৃদ্ধি, একোটা সমষ্টিৰ অন্তৰ্গত গাঁও বা অঞ্চলসমূহৰ ভৌগোলিক সংলগ্নতা, ভোটাৰ ৰাইজৰ যাতায়াত-যোগাযোগ ব্যৱস্থাৰ সা-সুবিধা আদি বিষয়বোৰ সম্পূৰ্ণ আওকাণ কৰা হৈছে। কেৱল বিজেপি-নেতৃত্বাধীন চৰকাৰৰ সংকীৰ্ণ ৰাজনৈতিক উদ্দেশ্য সফল কৰাৰ বাবে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বৈৰাচাৰী আচৰণৰ ওচৰত নতি স্বীকাৰ কৰি ভাৰতৰ নিৰ্বাচন আয়োগে নতুনকৈ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে। পূৰ্বতে যিবিলাক যুক্তিৰ আধাৰত অসমত সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ কামটো স্থগিত ৰখা হৈছিল তাৰ ভিতৰত অন্যতম আছিল ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ কাম সম্পূৰ্ণ নোহোৱা। বিজেপি দলেও এনআৰচি উন্নীত নোহোৱাকৈ সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা কৰিছিল। এতিয়া বিজেপি দল আৰু চৰকাৰে নীতিহীন ৰাজনীতিৰ আশ্ৰয় লৈ এনআৰচিৰ চূড়ান্ত তালিকাৰ জাননী ভাৰতৰ মহাপঞ্জীয়কে প্ৰকাশ কৰাৰ পূৰ্বেই অসমৰ সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণৰ বাবে উঠি পৰি লাগিছে। আনহাতে নিৰ্বাচন আয়োগেও সংবিধান প্ৰদত্ত নিজৰ স্বতন্ত্ৰ অধিকাৰ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ কৰা নাই, চৰকাৰৰ নিৰ্দেশ কেৱল আখৰে আখৰে পালন কৰিছে। আনকি আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সুকীয়া আয়োগো গঠন নকৰি চৰকাৰৰ হেঁচাত খৰখেদাকৈ খচৰা প্ৰকাশ কৰিছে। চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে এই খচৰাৰ বিৰোধিতা কৰিছে। পাৰ্টিয়ে খচৰাখন বিস্তৃতভাৱে অধ্যয়ন কৰাৰ পাছত অচিৰেই বিশদ মতামত আগবঢ়াব বুলি চিপিআই(এম), অসম ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্রকাশ তালুকদাৰে বিবৃতিটোত উল্লেখ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More