অসম-অৰুণাচল সীমান্তত হ’ব অস্থায়ী চেকপইণ্ট

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্টঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তত অস্থায়ী চেকপইণ্ট স্থাপন কৰিবলৈ ৰাজ্যৰ আবকাৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া ৰাজ্যখনত নিৰ্মিত সুৰাৰ অবৈধ প্ৰৱেশ নিৰীক্ষণৰ বাবে অসম-অৰুণাচল প্ৰদেশ সীমান্তত স্থাপন কৰা হ’ব এইসমূহ অস্থায়ী চেকপইণ্ট। শেহতীয়াকৈ অসমত অৰুণাচলী সুৰাৰ অবৈধ প্ৰৱেশৰ ফলত আবকাৰী বিভাগৰ ৰাজহৰ ব্যাপক লোকচান হৈছে। যোৱা ছমাহত অসমৰ আবকাৰী বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰিছে অৰুণাচলৰ কেইবা কোটি টকাৰ সুৰা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২ আগষ্ট মঙলবাৰে আবকাৰী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে আৰু ইয়াতেই উক্ত সিদ্ধান্ত লোৱা হয়। সভাত আবকাৰী মন্ত্ৰী পৰিমল শুক্লাবাদ্যৰ লগতে অন্যান্য উচ্চপদস্থ বিষয়াও উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More