অসম অৰুণাচল সীমান্তৱৰ্তী কাকৈত তীব্ৰ উত্তেজনা

অৰুণাচলীয়ে অসমৰ সুৰক্ষা শিবিৰ দখল কৰি সাজিলে নিৰীক্ষণ শিবিৰ

0 14
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ অসম চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বহীনতা আৰু উদাসীনতাৰ বাবেই অসম-অৰুণাচল সীমান্তৱৰ্তী অসমৰ কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে ব্যাপক ৰূপত অসমৰ ভূমি বে-দখলত নামি পৰিছে৷ আজি অৰুণাচল প্ৰশাসনে অসমৰ বন ভূমিত অৰুণাচলৰ নিৰীক্ষণ শিবিৰ স্থাপন কৰা কাৰ্যই সমগ্ৰ ঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কাকৈত দুদিন পূৰ্বে অসমে স্থাপন কৰা এটা অস্থায়ী বন শিবিৰ অৰুণাচল প্ৰশাসনে দখল কৰি লৈছিল৷ আজি সেই শিবিৰৰ সমীপতে অসমৰ বনভূমিত অৰুণাচল প্ৰশাসনে নাহৰ খুঁটা আৰু বাঁহেৰে এটা নিৰীক্ষণ শিবিৰ স্থাপন কৰি অসম তথা লখিমপুৰ জিলা প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে৷ লক্ষণীয় কথা যে চৰকাৰৰ এনে উদাসীনতাৰ বাবেই এতিয়া কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীৰ মধ্যস্থতাত হোৱা সীমা চুক্তি এক ফটুকাৰ ফেনত পৰিণত হৈছে৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছে গৈ যে ৰাজ্য চৰকাৰে যেন ইচ্চাকৃত ভাৱেহে অৰুণাচলক মাটি দখল কৰি আগুৱাই আহিবলৈ সুবিধা প্ৰদান কৰিছে৷ কাৰ্যতঃ চুক্তিখনৰ কোনো অস্তিত্ব নোহোৱা কৰিছে অৰুণাচলীয়ে৷ পৰিতাপৰ কথা যে অৰুণাচল প্ৰশাসনৰ লগতে চুবুৰীয়া ৰাজ্যখনৰ একাংশ স্থানীয় লোকে অসমৰ বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনক কাকৈত ভয় ভাবুকি প্ৰদান কৰি অহাৰ উপৰি অসমে স্থাপন কৰা শিবিৰ উঠাই নিবলৈও ভাবুকি দিছে৷ অৰুণাচলীয়ে অসমৰ সুৰক্ষা শিবিৰ দখল কৰাৰ পিছত আজি যুদ্ধংদেহী তৎপৰতাৰে উক্ত দখলকৃত শিবিৰৰ সমীপতে অৰুণাচলী লোকৰ লগতে অৰুণাচল প্ৰশাসনৰ সহযোগত নিৰীক্ষণ শিবিৰ স্থাপন কৰি অসমৰ বন বিভাগ, প্ৰশাসনৰ লোকক একপ্ৰকাৰে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে৷ উল্লেখনীয় কথা যে কিছুদিন পূৰ্বে অসমৰ কাকৈ সংৰক্ষিত বনাঞ্চলত অসমৰ ৰাজহ ভূমি আৰু কাকৈ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ সীমানিদ্ধৰ্াৰণৰ বাবে লখিমপুৰ প্ৰশাসনে কেবাটাও পকী পিলাৰ স্থাপন কৰিছিল৷ অসমে স্থাপন কৰা সেই পকী পিলাৰলৈকে এতিয়া অৰুণাচলৰ সীমা বুলি অৰুণাচলে দাবী কৰি আজি অসমৰ প্ৰশাসনৰ চকুৰ সন্মুখতে এনেদৰে অসমৰ বন বিভাগৰ ভূমিত অৰুণাচল প্ৰশাসনে নিৰীক্ষণ শিবিৰ স্থাপন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য যে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অসম-অৰুণাচলৰ সীমা নিৰ্ধাৰণৰ চুক্তি স্বাক্ষৰ হোৱাৰ দিনাই অৰুণাচলীয়ে কাকৈত ৰাজগড় তথা গোঁহাইকমল আলিলৈকে তেওঁলোকৰ সীমা বুলি দাবী কৰিছিল যদিও এতিয়া অৰুণাচলীয়ে আৰু এখোজ আগুৱাই গৈ অসমৰ বাসিন্দাৰ মাজত থকা অসমৰ ডফলা প্ৰাথমিক বিদ্যালয়লৈকে [অসমৰ ভোটকেন্দ্ৰ] তেওঁলোকৰ সীমা বুলি দাবী কৰিছে৷ এনে ঘটনাই সীমান্তৱৰ্তী কাকৈত অসমৰ বাসিন্দাৰ মাজত তীব্ৰ ভয়, শংকা, আতংকই দেখা দিছে৷ চৰকাৰ তথা প্ৰশাসনে সীমাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উদাসীন মনোভাৱৰ বাবেই অঞ্চলটোত অসম-অৰুণাচলৰ মাজত অবাঞ্চিত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ ইফালে জিলাখনৰ পথালি পাহাৰতো আজি অৰুণাচলীয়ে অসমৰ সীমান্তপ্ৰহৰী অদৰ্শ গাঁৱত ফেনচিং মাৰি অসমৰ ভূমি বে-দখল কৰা কাৰ্যই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে ঘটনাস্থলীত লখিমপুৰ প্ৰশাসন আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষন কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More