অসম সাহিত্য সভাৰ আজীৱন সদস্য, শিক্ষাবিদ হৰেণ কুমাৰ বৰাৰ মৃত্যুত শোক

0 66

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ অসম সাহিত্য সভাৰ আজীৱন সদস্য, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজসেৱক হৰেণ কুমাৰ বৰাৰ [৭০] যোৱা ২২ নৱেম্বৰত মৃত্যু হয়৷ তেওঁৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছা পৰিছে৷ বৃক্কজনিত ৰোগত যোৱা ২২ নৱেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰাৰ মৃত্যু হয়৷ উত্তৰ লখিমপুৰ নগৰৰ নিচেই সমীপৱৰ্তী মাউতৰচুকৰ নিবাসী হৰেণ বৰা কেৱল শিক্ষাবিদেই নাছিল৷ তেওঁ সাহিত্যসভাৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল৷ স্থানীয় মাউটৰচুক নামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰো দায়িত্ব পালন কৰা বৰাৰ মৃত্যুত অঞ্চলটোৰ সকলোৱে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত অমায়িক স্বভাৱৰ বৰাই দুই পুত্ৰ কন্যাৰ লগতে বহু আত্মীয় স্বজনক এৰি থৈ যায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More