অসম সাহিত্য সভাৰ “নিজৰ দিন” পালন

তেজপুৰৰ প্ৰবীণ সমাজকৰ্মী চালেহা খাতুন, বিশিষ্টক তেজপুৰ সাহিত্য সভাৰ ওলগ জ্ঞাপন

0 48

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: কালি পহিলা ব’হাগ অৰ্থাৎ অসম সাহিত্য সভাৰ “নিজৰ দিন” উপলক্ষে তেজপুৰ সাহিত্য সভাই পুৱাৰ পৰা ঘৰে ঘৰে গৈ তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ পাঁচগৰাকীকৈ সমাজলৈ বিশিষ্ট অৱদান আগবঢ়োৱা প্ৰবীণ ব্যক্তিক “নিজৰ দিন” ৰ ওলগ জ্ঞাপন কৰি সেৱা গ্ৰহণ কৰে। তেজপুৰ সাহিত্য সভাৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতা, উপসভাপতি নবীন চন্দ্ৰ লহকৰ, সম্পাদক দ্বীজেন নাথ, সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্য, প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, পংকজ বৰুৱা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কুমাৰ নাথ, কাৰ্যনিৰ্বাহক সদস্য তৰুণ লহকৰ আদিয়ে প্ৰথমেই তেজপুৰ চানমাৰীৰ প্ৰবীণ লেখক, গীতিকাৰ তাৰিনী কান্ত ডেকাক বিহুৱান, গ্ৰন্থৰ টোপোলা আৰু অসম সাহিত্য সভাৰ ওলগনি পত্ৰৰে ওলগ জ্ঞাপন কৰি সেৱা জনোৱাৰ পিছত প্ৰবীণ লেখক গৰাকীয়ে এনেদৰে নিজৰ অনুভৱ সদৰী কৰে। ইয়াৰ পিছতেই বিশিষ্ট শিক্ষাবিদ, বিজ্ঞান লেখক ডঃ ৰমেশ চন্দ্ৰ গোস্বামীৰ নৱপুৰৰ বাসগৃহত উপস্থিত হৈ একেধৰণৰে ওলগ জ্ঞাপন কৰি সেৱা জনোৱাৰ পিছত সকলোৱে বিহুৰ জা জলপান গ্ৰহণ কৰে। একেদৰে তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব,সদৌ অসম মইনা পাৰিজাত, তেজপুৰ জিলা মহিলা সমিতি, লেখিকা সমাৰোহ সমিতিৰ সৈতে ওত:প্ৰোত ভাৱে জড়িত অশীতিপৰ চালেহা খাতুনৰ দোলাবাৰীৰ বাসগৃহত উপস্থিত হৈ ওলগ জনোৱাৰ পিছত শিশুবন্ধু চালেহা খাতুনে নিজৰ অনুভৱ সদৰী কৰে। কালিৰ দিনটোতে প্ৰবীণ লেখিকা মায়া শৰ্মাৰ ভৈৰৱ নগৰৰ বাসগৃহত নিজৰ দিনৰ ওলগনি পত্ৰ প্ৰদান কৰাৰ লগতে ঊষা নগৰ নিৱাসী সমাজকৰ্মী তথা কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ সভাপতি শ্ৰীমন্ত ডেকাকো ওলগ জ্ঞাপন কৰি সেৱা জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More