Browsing Category

অসম

গুৱাহাটীৰ ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত গাড়ী তিনিচুকীয়া আৰক্ষীৰ জিম্মাত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত অভিশপ্ত গাড়ীখন সম্প্ৰতি তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে ৷ উল্লেখ্য, প্ৰায় সাত মাহ পূৰ্বে গুৱাহাটীৰ বন্দনা কলিতা নামৰ এগৰাকী যুৱতীয়ে ধনজিৎ ডেকা আৰু অৰূপ দাস নামৰ দুই যুৱকৰ সহযোগত নিজৰ স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যা কৰি তেওঁলোকৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱাৰ পাছত এই সংগীদ্বয়ৰ সহযোগতে মৃতদেহৰ টুকুৰাসমূহ মেঘালয়ৰ পাহাৰৰ পৰা তলত পেলাই দিয়াত ব্যৱহৃত হৈছিল এ এছ ০১ জে চি ৫৭৯৫ নম্বৰৰ বিলাসী হুণ্ডাই…

জ্যোতি ভাৰতীত কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী সম্পন্ন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১ফেব্ৰুৱাৰীঃ তেজপুৰৰ ঐতিহ্য মণ্ডিত 'জ্যোতি ভাৰতী' অৰ্থাৎ পকীত শোণিতপুৰ জিলা কবি সন্মিলনৰ  উদ্যোগত কালি অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানৰ লগতে কবিতা পাঠৰ  অনুষ্ঠান   দিনযোৰা  কাৰ্যসূচীৰে  অনুষ্ঠিত  হৈ যায়।কেবা গৰিকী কবিক  সম্বৰ্ধনা জনোৱাৰ পাছতেই  আৰম্ভ হোৱা মূল সভাত সভাপতিত্ব কৰে জিলা সভাপতি  স্বপন মৈত্ৰই।আনহাতে এই কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি বংশী বৰাৰ লগতে সম্পাদক  পলিমা চেতিয়া বসুমতাৰী, কেন্দ্ৰৰ পত্ৰিকা সম্পাদক  মৃদুল চহৰীয়া, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক দ্বীপ হেষ্টিংচ…

লখিমপুৰৰ  শ্ৰমিকৰ অৰুণাচলত মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ  খেলমাটি আৰক্ষী চকীত কালি পুৱাই এক  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লখিমপুৰৰ এজন শ্ৰমিকৰ অৰুণাচলত মৃত্যুক কেন্দ্র কৰি একাংশ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰৰ হাতীলুং ৰাওনাপুৰৰ আবুল হুছেইন নামৰ শ্ৰমিক জনে অৰুণাচলৰ আনিনি  নামৰ ঠাইত গৃহ নিৰ্মাণৰ কাম কৰি থাকোতে দেওবাৰে ওপৰৰ পৰা পৰি মৃত্যু হয়। ইয়াকে লৈ কালি  পূৱাবেলা মৃতদেহ আনি খেল মাটি চকীত পোৱাৰ পাছতে ৰাইজ উত্তেজিত হৈ পৰে।  শ্ৰমিক জনৰ পূৱা বেলাতে মৃত্যু হোৱাৰ পাছতো বিয়লিহে  পৰিয়ালক খবৰ দিয়া, ঠিকাদাৰৰ…

এল টি কে কলেজলৈ নাকৰ  ‘B++’ গ্ৰেড প্ৰদান

শতাব্দ প্ৰতিনিধি, লখিমপুৰঃ লখিমপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান এল.টি.কে. কলেজে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (NAAC) ৰ ‘B++’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত অন্ধপ্ৰদেশৰ ড॰ আব্দুল হক উৰ্দু বিশ্ববিদ্যালয়, কুনূৰ্লৰ উপাচাৰ্য প্ৰাধ্যাপক ড॰ পি. ফজল ৰহমান (চেয়াৰ পাৰ্চন) ৰাজস্থান জয়পুৰৰ আই.আই.এছ.ৰ গাৰ্হস্থ্য বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড॰ ইলা যোশী, (মেম্বাৰ ক’অৰঅডিনেটৰ) ৱেষ্ট বেংগল কলেজৰ অধ্যক্ষ ড॰ পংকজ কুমাৰ দেৱনাথ সহ তিনিজনীয়া নাকৰ পৰিদৰ্শনকাৰী দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে৷ মহাবিদ্যালয়খনৰ বিদ্যায়তনিক,…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

উত্তৰ লখিমপুৰ, ২১ ফেব্ৰুৱাৰীঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়।  সেই উপলক্ষে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় আৰু ইয়াৰ অধ্যক্ষতা কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। বিশিষ্ট স্তম্ভ লেখক তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ছাজ্জাদ হুছেইনে সমল ব্যক্তি হিচাপে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে।  বিষয়টোৰ ওপৰত নিজৰ পৰ্য্যবেক্ষণৰে হুছেইনে কয় যে ভাষা সদায় ধৰ্ম আৰু অন্যান্য পৰিচয়ৰ উৰ্দ্ধত। ১৯৫২ চনত…

লখিমপুৰত উন্মোচন হল “জীৱনৰ সোণোৱালী পথৰ সন্ধানত”

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ নাতি, অৱসৰী শিক্ষক, অধিবক্তা মোহিনী মোহন গোহাঁই বৰুৱাৰ এখন মননশীল গ্ৰন্থ "জীৱনৰ সোণোৱালী পথৰ সন্ধানত" আজি শুভ উন্মোচন কৰা হয়। গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত। সাংবাদিক জীৱন গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত  সমাজৰ বিভিন্ন ক্ষেত্রৰ  ভালেখিনি গণ্য মান্য ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে লখিমপুৰ কৃষি গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী, প্ৰকৃতিপ্ৰেমী তথা পৰিবেশবিদ ড০ প্ৰৱাল শইকীয়াই। নৰ্থ লখিমপুৰ…

অসমৰ ভূমি হিমন্ত চৰকাৰে অৰুণাচল আৰু  একাংশ পুজিপতিক গটাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চি পি আই (এম এল ) প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ ফেব্ৰুৱাৰীঃ অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে মন্ত্ৰী গোট গঠন কৰি আলোচনা বিলোচনা চলাই থকাৰ সময়তে অসম চৰকাৰক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি অসমৰ সীমান্তৰ ৰাধাচুত পুনৰ অসমৰ ভূমি অৰুণাচল চৰকাৰৰ সহযোগত একাংশ অৰুণাচলী লোকে বেদখল আৰম্ভ কৰিছে। উল্লেখযোগ্য যে আজি কেইদিনমানৰ আগতে একাংশ অৰুণাচলী লোকে ৰাধাচু সীমান্ত সুৰক্ষা শিবিৰৰ নিচেই ওচৰত অসমৰ মাটি দখল কৰি ঘৰ নিৰ্মাণ কৰিছিল। এইঘৰ অসমৰ বন বিভাগৰ দ্বাৰা উচ্ছেদ কৰাৰ পিছত…

বিহালী সংৰক্ষিত বনাঞ্চলত  অৰুণাচলী লোকৰ পুনৰ আগ্ৰাসন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ ফেব্ৰুৱাৰীঃ হাতে হাতে চোকা অস্ত্ৰ লৈ অসমৰ বন বিভাগৰ ফৰেষ্ট প্ৰটেকচন কেম্পত এদল অৰুণাচলী প্ৰৱেশ কৰি বনৰক্ষী জোৱানক ভাবুকি একাংশ অৰুণাচলী লোকৰ। উল্লেখযোগ্য যে  কিছু দিন পূৰ্বে অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ উদ্দেশ্যে দুয়ো ৰাজ্যৰ দুয়ো গৰাকী  মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন বৈঠকত আয়োজন কৰি সীমা সমস্যা ওপৰত আলোচনা কৰি আঞ্চলিক সমিতি গঠন কৰি সীমা পৰিদৰ্শন কৰিবলৈ দুয়ো খন ৰাজ্য চৰকাৰৰ চৰকাৰী প্ৰতিনিধি আৰু মন্ত্ৰী বিধায়কক প্ৰেৰণ কৰিছিল । কিন্তু সেই আলোচনা সময়ত প্ৰচাৰ হোৱা অনুসৰি সীমা সমস্যা সমাধানৰ প্ৰাথমিক…

তেজপুৰৰ মহাভৈৰৱ মন্দিৰত কেক কাটি দেৱাদিদেৱ শিৱৰ জন্মদিন পালন ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৯ফেব্ৰুৱাৰীঃ দেশৰ লগতে ৰাজ্যৰ লাখ লাখ শিৱভক্তই শিৱৰাত্ৰি উপলক্ষে সভক্তিৰে মহেশ্বৰৰ পূজা অৰ্চনা কৰাৰ সময়ত তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত স্হানীয় কেতেকীবাৰীস্হিত ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ব বিদ্যালয়ৰ শাখাৰ একাংশ কৰ্মকৰ্তাই কেক কাটি ভগৱান ৰুদ্ৰৰ জন্মদিন পালন কৰাৰ অদ্ভুত কাণ্ডকলৈ তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,ৰাজ্যখনৰ অন্যতম শৈৱপীঠ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে যথেষ্ট দৰ্শনাৰ্থীৰ আগমন ঘটে৷এইবাৰ মন্দিৰ চৌহদত কোনোধৰণৰ ব্যৱসায়িক স্তল মুকলিৰ অনুমতি দিয়া হোৱা…

নাৰী মুক্তি আৰু নাৰী সৱলীকৰণৰ তেজপুৰৰ অন্যতম গান্ধীবাদী নেত্ৰী হেমলতা বৰুৱাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ ফেব্ৰুৱাৰীঃ তেজপুৰৰ নাৰী .সৱলীকৰণৰ অন্যতম গান্ধীবাদী নেত্ৰী, তেজপুৰ মহিলা সমিতি আৰু তেজপুৰ জিলা মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা, সভানেত্ৰী, উপদেষ্টা, এসময়ৰ কৃতী শিক্ষয়িত্ৰী তেজপুৰ চহৰৰ ডালিম বৰা পথৰ নিউ আমোলাপট্টি নিবাসী হেমলতা বৰুৱাৰ কালি নিশা প্ৰায় ১২-৩০ বজাত প্ৰায় ৯৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, নাৰীৰ সকলো দিশৰ সৱলীকৰণৰ সপোন দেখি চৰকাৰী বিদ্যালয়ৰ শিক্ষকতাৰ চাকৰি ইস্তাফা দি নাৰী শক্তিক একত্ৰিত কৰি বয়ন শিল্পৰে স্বাৱলম্বীতাৰ পথ দেখুৱা…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More