Browsing Category

অসম

তেজপুৰত শুভাৰম্ভ “ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু অসম চৰকাৰৰ “ৰাজ্যিক বিজ্ঞান মেলা” 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৭ ডিচেম্বৰঃ ৰাজ্যখনৰ প্ৰায় তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কালিৰে পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ "অসম ৰাজ্যিক সমাৰোহ" ৰ লগতে অসম চৰকাৰৰ "ৰাজ্যিক বিজ্ঞান" মেলাৰ আজি দ্বিতীয় দিনটোত পুৱা ৩০ খন শিশু বিজ্ঞান সমাৰোহৰ পতাকাৰ লগতে অসম বিজ্ঞান সমিতি সহ ৩৮ খনকৈ পতাকা  সংগীত শিল্পী অনিল কুমাৰ…

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫১ সংখ্যক ওপজা দিনত তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ডিচেম্বৰঃ তাহানিতেই অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে অনবদ্য অৱদান আগবঢ়াই যোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা কিয় সেইসময়ত বৃটিছ শাসকৰ বিৰুদ্ধে বিশেষ ভাৱে সোচ্চাৰ হোৱা নাছিল? বৃটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে ৰায়বাহাদুৰ উপাধি প্ৰদান কৰা পদ্মনাথ গোহাঞি বৰুৱা আচলতে সেইখিনি সময়ত বৃটিছৰ সমৰ্থক আছিল নেকি? সততে বিভিন্ন সময়ত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ সন্দৰ্ভত এই অভিযোগ উত্থাপন হৈ যদিও আজি তেজপুৰত সাহিত্য কাণ্ডাৰী গৰাকীৰ ১৫১ সংখ্যক ওপজা দিনৰ এক বিশেষ বক্তৃতানুষ্ঠানত সাহিত্য…

তেজপুৰত স্কুটিৰ খুন্দাত নিহত চাইকেল আৰোহী

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৬ডিচেম্বৰঃ আজি পুৱা প্ৰায় ৯ বজাত তেজপুৰৰ হলেশ্বৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেজপুৰৰ নিকটৱৰ্তী নাহৰণি অঞ্চলৰ বাসিন্দা কণক বড়ো(৬০) চাইকেলৰে তেজপুৰ শ’লমৰাস্হিত কৰ্মস্থলীলৈ গৈ থকা সময়ত এখন তীব্ৰবেগী স্কুটিয়ে চাইকেল আৰোহী বড়োক  খুন্দিয়াই  পলায়ন কৰে। এই ঘটনাত গুৰুতৰ ভাবে আহত হোৱা বড়োক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে লোকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰা স্কুটীখনৰ নম্বৰ এএছ ১২ এছ ৮৬৩৩ বুলি একাংশ…

গুৱাহাটীৰ লাচিত ঘাটত দুদিনীয়াকৈ মঞ্চস্থ হ’ব “লাচিত-বুৰঞ্জী লিখা তৰোৱাল”

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ডিচেম্বৰঃ ইতিমধ্যে তেজপুৰত অভূতপূৰ্ব সাফল্যৰে মঞ্চায়ন হৈ গ’ল৷ এইবাৰ মঞ্চায়ন হ’ব গুৱাহাটীত৷ এক অমৰ চৰিত্ৰ৷ যাৰ নামে জাতিক জগাই, যাৰ নামে সঞ্চাৰিত কৰিব পাৰে জাতিক তথা দেশক ভালপোৱা প্ৰতিজনৰে শৰীৰৰ ধমনিত ৰক্তৰ উঞ্চ প্ৰৱাহ৷ চাৰিশ বছৰৰ পাছত সেই মহাবীৰ লাচিতকেই এইবাৰ দেখা পোৱা যাব গুৱাহাটীৰ লাচিত ঘাটত৷ ঐতিহাসিক শৰাইঘাটৰ নিলগতে পুনৰ ঘূৰিব মহাবীৰ লাচিতৰ মোমাই কটা হেংদাং৷ উল্লেখযোগ্য যে,গুৱাহটীত ১৭ আৰু ১৮ ডিচেম্বৰৰ সন্ধিয়া ‘প্ৰজ্ঞা’ৰ উদ্যোগত বীৰ লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ…

লখিমপুৰত ট্ৰেক্টৰৰ খুন্দাত মহাবিদ্যালয়ৰ ছাত্ৰী নিহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ ডিচেম্বৰঃ আজি পুৱাই উত্তৰ লখিমপুৰ নগৰৰ চুতীয়াকাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই ঘটনাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৮.৩০ মান বজাত বধাকৰা সোণোৱাল গাঁৱৰ গণেশ সোণোৱলৰ একমাত্ৰ কন্যা তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ ছাত্ৰী দুলুমণি সোণোৱালে মহাবিদ্যালয়লৈ বুলি অসম চৰকাৰে প্ৰদান কৰা স্কুটিৰে আহি থকাৰ সময়তে বধাকৰা-চুতীয়াকাৰী সংযোগী পথৰ চুতীয়াকাৰী নামঘৰৰ সমীপত এখন ট্ৰেক্টৰে ছাত্ৰীগৰাকীক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত ছাত্ৰীগৰাকীৰ থিতাতে…

লখিমপুৰ নগৰৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত দুবৃৰ্ত্তৰ হাতোৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত থকা বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূত্তিটো কোনো দুবৃৰ্ত্তই ভঙাৰ সন্দেহ ব্যক্ত কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে৷ এই ভগ্ন প্ৰতিমূৰ্ত্তিটো শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে লখিমপুৰৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছে৷ উল্লেখ্য যে কোনো দুবৃৰ্ত্তই বিশ্ববীৰজনাৰ প্ৰতিমূৰ্ত্তি ক্ষতিগ্ৰস্ত কৰা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে৷ যাৰবাবে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচৰ নেতৃত্বত এটা সঁজাতি দলে…

মুকলিৰ পথত ৰঙানৈৰ ওপৰত নতুন পকী দলং

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ ৰঙানৈৰ ওপৰত এখন নতুন দলং। উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৰ পাঁচনৈত ৰঙানদীৰ ওপৰত ৬৯৮.০২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পকী দলংখন ১৬ ডিচেম্বৰত মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৮-১৯ বৰ্ষৰ নাবাৰ্ডৰ RIDF XXIVৰ মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই দলংখনে লক্ষীমপুৰৰ পৰা অৰুণাচললৈ পোনপতীয়া পথ যোগাযোগ সম্ভৱ কৰি তুলিব। একেদৰে লক্ষীমপুৰৰ পৰ্যটনৰ ক্ষেত্ৰতো দলংখনে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিব। দলংখন নিৰ্মাণৰ দায়িত্বত আছিল প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ লক্ষী চুতীয়া।

জামুগুৰিহাটত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ প্ৰস্তুতি  আৰম্ভ

জামুগুৰিহাট, ১৫ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে ৷ ভাওনাথলিৰ ভূমি উন্নয়ণৰ কাম কালি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই  শুভাৰম্ভ কৰাৰ পিছত সম্প্ৰতি উদযাপন কমিটিখনৰ সকলোবোৰ উপ কমিটিয়ে নিজা নিজা দায়িত্ব নিয়াৰিকৈ পালন কৰা পৰিলক্ষিত হৈছে ৷ আজি দুপৰীয়া বাৰেচহৰীয়া ভাওনাৰ অস্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত উদযাপন কমিটিৰ মুখপাত্ৰ নিতুমনি বৰাই কয় যে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত অহা মাৰ্চত মাহত অনুষ্ঠিত হব বাৰেচহৰীয়া…

তেজপুৰৰ বাঙালী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ ১৮ ডিচেম্বৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ ডিচেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত তেজপুৰ বাঙলী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তী আৰম্ভ হ’ব অহা ১৮ ডিচেম্বৰত৷ আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে আয়োজিত কাৰ্যসূচীৰ বিষয়েও সদৰী কৰা হয়।উল্লেখযোগ্য যে, ইংৰাজ আৰু মানৰ মাজত ১৮২৬ ত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শাসন ইংৰাজৰ অধীনলৈ যায় আৰু ইয়াৰ পাছতে ৰাজ্যৰ লগতে তেজপুৰতো গঢ়ি উঠা ক’ৰ্ট কাছাৰীৰ কামকে ধৰি বিভিন্ন কামৰ বাবে ব্ৰিটিছৰ প্ৰশাসকৰ তৎপৰতাতে একাংশ বাঙালী লোক তেজপুৰলৈ আহে।ধীৰে ধীৰে তেজপুৰলৈ সোঁত বোৱা আৰু বিভিন্ন কামত…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More