ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
বাণিজ্যৰ সপ্তম স্থানত তিনিচুকীয়াৰ স্মৃতি : সপোন চি এ হোৱাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুন : তিনিচুকীয়াৰ ৱিমেনজ্ কলেজে পূৰ্বৰ দৰে এইবাৰো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৱিমেনজ্ কলেজৰ ছাত্ৰী স্মৃতি ঠাকুৰে বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰি তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তিনিচুকীয়াৰ বালুগাডা অঞ্চলৰ ৰাজেশ ঠাকুৰ আৰু কিৰণ ঠাকুৰৰ কন্যা স্মৃতি ঠাকুৰে চহৰখনৰ মাকুম পথৰ ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) গুদামৰ কাষৰীয়া ককাক, আইতাক ক্ৰমে ৰামআজ্ঞা শৰ্মা আৰু অনিতা দেৱী শৰ্মাৰ…
দুবছৰে মোবাইল হাতেৰে স্পৰ্শ নকৰা সত্যজিৎ বিজ্ঞানৰ চতুৰ্থ স্থানত
যোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে।
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৬ জুনঃ যোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে। মেধাৱী ছাত্ৰজনৰ নাম সত্যজিৎ…
ঐক্যমতত কংগ্ৰেছ,ৰাইজৰ দল আৰু অজাপ
এ আই ইউ ডি এফক স্বীকাৰ নকৰে বিৰোধী ১১টা দলে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুনঃ ৰাজ্যত অহা ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ সহযোগী দলৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী দলেই ঐক্যবদ্ধ ভাবে যুঁজ দিব৷ আজি তেজপুৰৰ হোটেল গ্ৰীণউদত অসম প্ৰদেশ কংগ্ৰেছৰে আলোচনাত মিলিত হোৱা ৰাইজৰ দল আৰু অজাপৰ দুই নেতা অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো মুঠ ১১টা বিৰোধী ৰাজনৈতিক দলেই এ আই ইউ ডি এফৰে মিত্ৰতা বিচৰা নাই বুলি কয়৷ আজি বিয়লি চাৰি…
উত্তৰ লখিমপুৰৰ ভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন
নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত
উত্তৰ লখিমপুৰ,৫ জুনঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ক্ৰীড়া কাৰ্যালয় আৰু সংস্কাৰ ৰুৰেল ছচিঅ' ইকনমিক ডেভেলপমেণ্ট ছছাইটিৰ সহযোগত আজি চুতীয়াকাৰীস্থিত উত্তৰ লখিমপুৰ বিজ্ঞান তাৰকাগৃহৰ প্ৰাঙ্গনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ।উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তাৰকাগৃহৰ চাৰিওকাষে প্ৰায় অৰ্ধ শতাধিক গছপুলি ৰোপণ কৰাৰ লগতে গণেশ মন্দিৰৰ সমীপৰ পৰা চুতীয়াকাৰীস্থিত বিজ্ঞান কেন্দ্ৰ পৰ্যন্ত এটি চাইকেল ৰেলী বাহিৰ কৰা হয় ।আজি অনুষ্ঠিত উক্ত…
বিহগুৰিত প্ৰথমবাৰ মহিলাৰ দ্বাৰা অনুষ্ঠিত হয় মঞ্চ ভাওনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫জুনঃ বিহগুৰিৰ মৈলা গাঁৱত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় মহিলাৰ মঞ্চ ভাওনা। গুৰুজনাৰ অমৰ সৃষ্টি "ৰুক্মিণী হৰণ" নাটখনত গাওঁখনৰ মহিলাসকলে কৰা অভিনয়ে দৰ্শক সকলক আপ্লুত কৰে। উল্লেখ্য যে, মৈলা গাঁৱৰ ৰাইজে যোৱা ৩ আৰু ৪ জুনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে বাৰ্ষিক নাম আৰু পানীতোলা সবাহ। এই ধৰ্মীয় কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৈলা গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত দুয়োটা নিশা দুখন ভাওনা মঞ্চস্থ কৰে। দ্বিতীয় নিশা গুৰুজনাৰ অমৰ সৃষ্টি "ৰুক্মিণী হৰণ" নাটখনৰ কাহিনীৰ আধাৰত আধুনিক নাট্যৰূপ মঞ্চ ভাওনা খন…
লখিমপুৰৰ পানীগাঁও চাৰিআলিত বাটৰ নাট সেউজী ধৰণী
উত্তৰ লখিমপুৰ, ৫ জুনঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাবৰ সৌজন্যত পৰিবেশৰ প্ৰতি ভাবুকি হৈ পৰা এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এখন বাটৰ নাট পৰিবেশ দিৱসৰ দিনা পৰিবেশন কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই ৰচনা আৰু পৰিচালনা কৰা নাট খনত অভিনয় কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰহ্লাদ মেধি, ধ্ৰুৱজ্যোতি পাঠক, বিতু দত্ত, ভৃগু কুমাৰ হাজৰিকা, বিমান জ্যোতি দাস, প্ৰাপ্তি বৰা, বনশ্ৰী দাস, কিৰণমনি দাস, কংকনা দেৱী, জোৎস্না বৰা, বৰষা দাস, ৰুমি গুৱালাই। বাটৰ নাট পৰিবেশনৰ লগতে ৰাইজক উদ্দেশ্যি পৰিবেশৰ বাবে…
তেজপুৰৰ বিভিন্ন অনুষ্ঠানে ভিন্ন কাৰ্যসূচীৰে পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ জুন : বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ আজিৰ দিনটোত প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতিপ্ৰেম তথা পৰিৱেশ সুৰক্ষাৰ বাবে তেজপুৰৰ বিভিন্ন অনুষ্ঠানে বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি দৰং মহাবিদ্যালয়ত কেইবাটিও অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পুৱা ৬:৩০ বজাত দৰং মহাবিদ্যালয় বাণিজ্য সমিতিৰ (DCCS) উদ্যোগত গছপুলি ৰোপণ আৰু চৌহদত পৰিস্কাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ড০ দীপাঞ্জন চক্ৰৱৰ্তী আৰু অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকাই গছপুলি ৰোপণ কৰে। ৯ বজাৰ পৰা চেন্টাৰ…
মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰ অধ্যয়ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ জুন: নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত ‘চিংফৌসকলৰ লোকসংস্কৃতি আৰু পৰ্যটনৰ সম্ভাৱনা’ – শীৰ্ষক এক আলোচনা-সত্ৰ আৰু ক্ষেত্ৰ ভ্ৰমণ কাৰ্যসূচী সম্পন্ন হৈ যায়৷ ৩ জুনৰপৰা ৪জুনলৈ দুদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠান আয়োজনত সহযোগিতা কৰে নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগ আৰু কেতেটঙৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ে৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা-সত্ৰৰ প্ৰথম সত্ৰত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰাপক…
তেজপুৰত ভূপেন বৰাঃ তেজপুৰত আলোচনাত বহিব অখিল আৰু লুৰীণজ্যোতিৰ সৈতে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জুনঃ “ৰাজ্যৰ বিজেপি চৰকাৰ পকেটমাৰ চৰকাৰ।আগন্তুক লোক সভা নিৰ্বাচনত মূল্যবৃদ্ধি ইছ্যু হোৱাৰ সমান্তৰাল ভাৱে কংগ্রেছে টাৰ্গেট কৰিব এ আই ইউ ডি এফক।অসম জাতীয় পৰিষদ,ৰাইজৰ দল তথা বিৰোধী ঐক্যক লোকসভাৰ আসন এৰি দিয়া সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা নাই কংগ্ৰেছে।”তেজপুৰত আজি পুৱা সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰেলৰ ইঞ্জিনৰ স’তে তুলনা কৰি বাকী মন্ত্ৰীসকলক নিধিৰাম চৰ্দাৰৰ ৰূপত কপ্লিং ডবাৰ লগত তুলনা কৰে বৰাই। আনহাতে বিদ্যুতৰ ৰাজহ বৃদ্ধি…
নাৰায়ণপুৰত APART ৰ অধীনত পথ নিৰ্মাণৰ শুভাৰম্ভ
শতাব্দ নাৰায়ণপুৰৰ প্ৰতিবেদক, ৪ জুন: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জালুককটাৰ পৰা শিলিখাগুৰি আৰু জালুককটা- সাঁউকুছি গাঁও সংযোগী পথৰ যোৱা ১ জুনত নিৰ্মাণ শুভাৰম্ভণী কৰে বিধায়ক ড°অমিয় কুমাৰ ভূঞাই।অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)আঁচনিৰ অধীনত নিৰ্মাণ আৰম্ভ কৰা পথছোৱাৰ বাবে বিগত সময়ত বহুবাৰ ৰাইজে আবেদন নিবেদন কৰিছিল। শেহতীয়াকৈ বিধায়ক অমিয় কুমাৰ ভূঞাৰ তৎপৰতাত APARTৰ অধীনত পথছোৱা আৱণ্টিত হোৱাত ৰাইজ উৎফুল্লিত হৈ পৰিছে। বৃহত্তৰ অঞ্চলৰ ৰাইজে পথছোৱা নিৰ্মাণত যাতে কোনো লেহেম আৰু মধ্যভোগী,…