মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰ অধ্যয়ন

চিংফৌসকলৰ লোকসংস্কৃতি-পৰ্যটনৰ আলোচনা

0 339

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৫ জুন: নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত মাঘেৰিটাৰ কেতেটং চিংফৌ গাঁৱত ‘চিংফৌসকলৰ লোকসংস্কৃতি আৰু পৰ্যটনৰ সম্ভাৱনা’ – শীৰ্ষক এক আলোচনা-সত্ৰ আৰু ক্ষেত্ৰ ভ্ৰমণ কাৰ্যসূচী সম্পন্ন হৈ যায়৷IMG 20230605 WA0006 ৩ জুনৰপৰা ৪জুনলৈ দুদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠান আয়োজনত সহযোগিতা কৰে নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগ আৰু কেতেটঙৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ে৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা-সত্ৰৰ প্ৰথম সত্ৰত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰাপক মানজে লাই৷ ইতিমধ্যে চিংফৌ ইক’ ল’জ প্ৰতিষ্ঠা কৰি লোকসংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা মানজে লাই প্ৰায় বিশ বছৰ ধৰি যত্ন কৰি গঢ়ি তোলা নিজৰ ব্যৱসায় ক্ষেত্ৰৰ ইতিবৃত্তক আধাৰ কৰি বক্তৃতা আগবঢ়ায়৷ তেওঁ ইতিমধ্যে চিংফৌসকলৰ পৰম্পৰাগত চাহ ‘ফানাপ’ৰ ব্যৱসায় কৰিও বিশেষ সফলতা অৰ্জন কৰিছে৷ লোকসংস্কৃতিক কেন্দ্ৰ কৰি অধিক মানুহৰ সংস্থাপিত হ’ব পৰাকৈ সৃষ্টি হ’ব পৰা ক্ষেত্ৰসমূহৰ বিষয়েও তেওঁ ব্যাখ্যা আগবঢ়ায়৷ আন এগৰাকী সমল ব্যক্তি ৰাজীৱ নিংখীয়ে চিংফৌ জনগোষ্ঠীৰ ইতিবৃত্ত আৰু বৰ্তমান ইয়াৰ স্থিতি সম্পৰ্কে বক্তৃতা প্ৰদান কৰে৷ তেওঁ ইতিমধ্যে চিংফৌসকলৰ লোকসংস্কৃতিৰ বিষয়ে সম্পন্ন হোৱা অধ্যয়ন আৰু গৱেষণাৰো ৰূপৰেখা দাঙি ধৰে৷ চিংফৌ জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক অমিয় নিংদা, নৰ্থ লখিমপুৰ কলেজৰ সহকাৰী অধ্যাপিকা মুনমী দত্ত, প্ৰকাশজ্যোতি শইকীয়া আৰু নাহকটীয়া কলেজৰ সহকাৰী অধ্যাপক ড॰ পৰেশ খনিকৰেও আলোচনাত ভাগ লয়৷ দ্বিতীয় দিনাৰ সত্ৰ সঞ্চালনা কৰে ৰাজীৱ নিংখীয়ে৷ এই সত্ৰত সমল ব্যক্তি হিচাপে অংশ লয় শান্তিনাথ গুডুং, সৰ্বজিৎ লিম্বু, সীমান্ত দত্ত, ৰমা বৰা আৰু অনুপম বৰকটকীয়ে৷ কেউজন সমল ব্যক্তিয়ে চিংফৌসকলৰ ধৰ্মীয় জীৱন চৰ্চা, প্ৰকৃতিৰ লগত সম্পৰ্ক, খাদ্যাভ্যাস, সাজপাৰ, কৃষি, গৃহ নিৰ্মাণ প্ৰণালী আদিৰ ঐতিহ্য আৰু বৰ্তমান সম্পৰ্কে আলোকপাত কৰে৷ এই আলোচনা-সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণকাৰী গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলে কেতেটং গাঁও পৰিভ্ৰমণ কৰি সংস্কৃতিৰ স্বাক্ষুষ অভিজ্ঞতা অৰ্জন কৰে৷ তেওঁলোকে সমান্তৰাল পৰ্যটনৰ আধাৰ হিচাপে বিবেচিত হ’ব পৰা কাষৰীয়া ফাকে গাঁও আৰু তাৰ বৌদ্ধ মঠ, ডিগবৈৰ ‘অইল মিউজিয়াম’, মাৰ্ঘেৰিটাৰ কয়লা মিউজিয়াম, লিডুৰ কয়লা খনি, ষ্টিলৱেল পথ আদিলৈ গৈও সম্ভাৱনা সম্পৰ্কে অধ্যয়ন কৰে৷IMG 20230605 WA0005 এই কাৰ্যসূচীত গৱেষক আৰু ছাত্ৰ-ছাত্ৰীৰ দলটোক সহযোগ কৰে স্থানীয় পানলং ওমপপ, নংলন নিংখী আৰু দীপক হাজৰিকাই৷ উল্লেখযোগ্য যে, আলোচনা-সত্ৰত অংশগ্ৰহণকাৰী সকলে কেতেটং গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰত পৰ্যটক হিচাপে নিৰ্দিষ্ট ‘পেকেজ’ত আতিথ্য গ্ৰহণ কৰি গ্ৰাম্য পৰ্যটনৰ আৰম্ভণি কৰে৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে যোৱা প্ৰায় ডেৰ দশক ধৰি অব্যাহত ৰখা ‘কিতাপ পঢ়াৰ আন্দোলন’ৰ অংশ হিচাপে কেতেটঙৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰাললৈ এটা গ্ৰন্থৰ টোপোলা আগবঢ়ায়৷ প্ৰকৃতাৰ্থত ক্ষেত্ৰলৈ গৈ ফলপ্ৰসু আলোচনা-সত্ৰখন অনুষ্ঠিত কৰি মহাবিদ্যালয় শৈক্ষিক বাতাবৰণ গতিশীল কৰি তোলাৰ বাবে আলোচনা-সত্ৰৰ অংশগ্ৰণকাৰীসকলে সন্তোষ প্ৰকাশ কৰে৷ নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া আৰু নাহৰটকীয়া কলেজৰ অধ্যক্ষ ড॰ জ্যোতিপ্ৰসাদ কোঁৱৰে আয়োজনৰ লগত জড়িত আটাইকে ধন্যবাদ জ্ঞাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More