ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
শোণিতপুৰৰ মূল পথত চলিব নোৱাৰিব ই ৰিক্সা সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ ৰাষ্ট্ৰীয় পথত চলিব নোৱাৰিব ডাম্পাৰ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২ মে'ঃ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সাৰ অতপালি ৰোধ কৰিবলৈ শোণিতপুৰ জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কঠোৰ অভিযান আৰম্ভ কৰিছে। ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সা চালকৰ বেপেৰুৱা মনোবৃত্তিৰ বাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাই নহয় যোৱা ২৭ এপ্ৰিলৰ নিশা তেজপুৰৰ সৰবৰহী ব্যৱসায়ী তথা ৰাজ্যখনৰ প্ৰথমগৰাকী টাইকোৱানড'ৰ ব্লেক বেল্টৰ অধিকাৰী বিপুল ডেকাক ডাম্পাৰে মহতিয়াই নিহত কৰাৰ পিছত যোৱা শনিবাৰৰ পৰা শোণিতপুৰ জিলা পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট বিষয়া - কৰ্মচাৰী সকলে পৰিবহন আইন…
তেজপুৰ কবি সন্মিলনৰ “বসন্তৰ আবেলিত কবিতাৰ গধূলি” শীৰ্ষক অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ মে'ঃ শ্ৰমিক দিৱস আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক মৃত্যুদিৱসৰ সংযোগ ঘটা কালিৰ বিশেষ দিনটোতে তেজপুৰ কবি সন্মিলনৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত "বসন্তৰ আবেলিত কবিতাৰ গধূলি" শীৰ্ষক স্বৰচিত কবিতা পাঠৰ এক বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হৈ পৰে তেজপুৰ সাহিত্য সভা ভৱন । বহুকেইগৰাকী কবি - লেখক - লেখিকাৰ সমাহাৰ ঘটা কাব্যানুষ্ঠানটিত সভাপতিত্ব কৰে তেজপুৰ কবি সন্মিলনৰ সভাপতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অনন্ত কুমাৰ নাথে। কাব্যানুষ্ঠানটিৰ শুভাৰম্ভ ঘটে সভাপতি ড০ অনন্ত কুমাৰ…
সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ ( ফটো সংবাদ)
সাংবাদিক চৰিফুল আহমেদৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত শিৱসাগৰৰ সাংবাদিকৰ প্ৰতিবাদ। উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত
ফটোঃ আব্দুল মতিন, শিৱসাগৰ
তিনিচুকীয়া জিলাৰ অগ্ৰগতিৰ বুজ লবলৈ ৰাজ্যপালৰ ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মে’ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়িত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আচঁনিৰ কামকাজৰ পৰ্য্যালোচনা কৰিবৰ বাবে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় ৷ সভাৰ আৰম্ভণিতে তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে ৰাজ্যপালগৰাকীক জিলা প্ৰশাসনৰ হৈ উষ্ম আদৰণি জনায় ৷ ইয়াৰ পাছতে উপায়ুক্তই ৰাজ্যপালগৰাকীৰ আগত জিলাখনৰ চমু আভাস দাঙি ধৰাৰ লগতে জিলাখনত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আচঁনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতং তথ্য…
লখিমপুৰত অৰুণোদয় আঁচনিত দুৰ্নীতিঃ মহিলাৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত চূড়ান্ত দুৰ্নীতি-অনিয়ম, স্বজন-তোষণ কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত একাংশ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ সমীপৱৰ্তী তথা লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চুতীয়াকাৰী উলুৱনি বাৰীৰ লগতে একেখন জিলাৰে মধ্য তেলাহী গাঁও পঞ্চায়ততো আজি শতাধিক মহিলাই চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায়৷ আজি বিয়লি চুতীয়াকাৰীত অৰ্ধ শতাধিক মহিলা সমবেত হৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচনত ব্যপক অনিয়ম তথা দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি…
আৰক্ষীৰ অভিযানত দুধৰ্ষ এটিএম লুটকাৰী গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২মেঃ তেজপুৰৰ ডেকাৰগাঁৱত যোৱা জানুৱাৰী মাহত এটা এটিএম লুটৰ ঘটনাৰে জড়িত মূল খলনায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আজি তেজপুৰত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি,চিৰাং জিলাৰ টেকাই মাৰী চুলিকটাৰ চফিয়াল হকৰ পুত্ৰ নবীৰ ইছলামক চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷উল্লেখযোগ্য যে,এই দুধৰ্ষ এটিএম চোৰে ব্যৱহাৰ কৰা এইচ আৰ ২৬বিই ৮৪৯৩ নম্বৰৰ এখন স্কৰপিঅ’ কমলপুৰৰ পৰা উদ্ধাৰ কৰা হৈছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ডেকাৰগাঁৰ এটিএম লুটৰ সময়ৰ পৰা পলাতক অৱস্থাত থকা এই দুধৰ্ষ এটিএম লুটকাৰীৰ…
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ মেঃ ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱা দেৱৰ স্মৃতি দিৱস উপলক্ষে আজি শোণিতপুৰ জিলা সাহিত্য সভাই দৰ্পতীয়া শাখা সাহিত্য সভাৰ সহযোগত দ-পৰ্বতীযা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত এখনি সভাৰ লগতে বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পুণেশ্বৰ নাথে অসমীয়া ভাষালৈ হেম চন্দ্ৰ বৰুৱাৰ অৱদান শীষক এক বক্তৃতা প্ৰদান কৰে৷ ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ১৭৫ বছৰ পূৰ্বে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ স্বাভিমান ৰক্ষাৰ অৰ্থে নিৰলস প্ৰচেষ্টাত হেমকোষ অভিধান প্ৰণয়নেৰে অসমীয়া ভাষা চিৰদিনলৈ…
তেজপুৰত প্ৰয়াত সাংবাদিক,সম্পাদক প্ৰণৱ সিংহৰ স্মৃতি দিৱস
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ মে': “ৰাজ্যত বৰ্তমান চাৰিটা শ্ৰেণীৰ সাংবাদিক আছে৷ইয়াৰ ভিতৰত ৫০জনমান আছে,যিয়ে লাভ কৰা দৰমহাৰে ভালদৰে চলিব পাৰে৷আন ৫০জনমান আছে তেওঁলোকে লাভ কৰা দৰমহাৰে যেনেতেনে চলিব পাৰে৷আন একাংশই যথেষ্ট কষ্টৰে আৰু চতুৰ্থ সকলে লাভ কৰা দৰমহাৰে কোনোমতেই চলিব নোৱাৰে৷ৰাজ্যত বৰ্তমান প্ৰায় ২৪হেজাৰ সংবাদকৰ্মী আছে৷ৰাজ্যৰ সাংবাদিকসকলে আজিও এনৰেগা শ্ৰমিকতকৈও কম মজুৰি লাভ কৰে৷” আজি তেজপুুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ "প্ৰণৱ সিংহ স্মাৰক বঁটা" গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক গৌতম…
বৈকুণ্ঠ পুৰীলৈ পৰিণত হ’ল তেজপুৰৰ মাহাত্ম্যৰে পূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ মেঃ তেজপুৰ, শোণিতপুৰ বুলিয়েই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভক্তিভৰা অন্তৰেৰে গভীৰ প্ৰত্যয়েৰে অপেক্ষা কৰি থকা তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ সমীপৰ খোলাকুটি কছাৰী গাৱঁৰ অতি মাহাত্ম্যৰে পূৰ্ণ "চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান" ৰ আজিৰ বাৰ্ষিক পালনামৰ দিনটোত পুৱাই ভক্তপ্ৰাণ ৰাইজে বৈকুণ্ঠ পুৰীলৈ পৰ্যৱসিত কৰিলে থান প্ৰাংগন। উল্লেখ্য যে, জনবিশ্বাস আৰু কিংবদন্তি অনুসৰি অতি মাহাত্ম্যৰে পূৰ্ণ এই চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ মাহাত্ম্যই অকল তেজপুৰ বা জিলাখনৰে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ দৃষ্টি…
বনকোঁৱৰ আনন্দিৰাম দাস আৰু বনগীতক নিভাঁজ ৰূপত আন্তৰাষ্ট্ৰীয় সংগীত ক্ষেত্ৰত পৰিচয় কৰাই দিয়াৰ নৱতম প্ৰয়াস
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১ মেঃ অসমীয়া গীতৰ অনবৈদ্য সম্ভাৰ তথা বনকোঁৱৰ আনন্দিৰাম দাসৰ সেই চিৰসেউজ সৃষ্টিক সম্প্ৰতি বিশ্বজুৰি প্ৰচাৰৰ এক প্ৰয়াস চলিছে৷ ৰাজ্য,দেশ আৰু বিদেশত বাস কৰি নিজস্ব ভাবে অসমীয়া চিৰস্মৰণীয় গীতৰ সংৰক্ষণ আৰু ইয়াৰ আত্মাক ধৰি ৰখাৰ এই প্ৰয়াসৰ এটা গুৰুত্বপূৰ্ণ অংশ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত আৰু সকলো থিকে থাকিলে অহা জুলাই আৰু আগষ্টৰ ভিতৰত ৰাজ্যৰ বহুলোকেই দেখিবলৈ পাব৷উল্লেখযোগ্য যে,দেশত হোৱা ক’ভিদকালীন পৰিস্হিতিৰ মাজত বনকোঁৱৰ আনন্দিৰাম দাসৰ সৃষ্টিকলৈ এক গৱেষণাৰ দৰে অনুসন্ধান চলাইছিল সম্প্ৰতি মুম্বাইত প্ৰতিষ্ঠা…