ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
লখিমপুৰত শ্ৰমিক দিবসত হাজাৰ হাজাৰ শ্ৰমিকৰ অংশগ্ৰহণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১ মেঃ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ শাখা আৰু জিলাখনৰ সমূহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে চাহ মজদুৰ সংঘই উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত আন্তঃজাতিক শ্ৰমিক দিৱস উদযাপন কৰে৷ পুৱা ৭-৩০ বজাত সামূহিক চাফাই, অসম চাহ মজদুৰ সংঘৰ উত্তৰ লখিমপুৰ শাখাৰ প্ৰাক্তন সভাপতি জিতেন কৰ্মকাৰে বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷উত্তৰ লখিমপুৰ শাখাৰ সভাপতি হাৰাধন কালান্দিয়ে পতাকা উত্তোলন কৰাৰ পাছতেই উপদেষ্টা জগদীশ দাসে শ্বহীদ তৰ্পন কৰে৷দিনৰ ১১ বজাত ১০ সহস্ৰাধিক চাহ শ্ৰমিকৰ উপস্থিতিত…
চেউৰী জন্ম দিয়াৰ নতুন আঁচনি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০এপ্ৰিলঃ ৰাজ্যৰ পশপালক সকলৰ বাবে শীঘ্ৰেই এক বিশেষ আঁচনি ৰাজ্যত আৰম্ভ হ’ব৷ দুগ্ধ উৎপাদন বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থালৈ এক পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই পশুপালকসকলক যোগান ধৰিব কেৱল চেউৰী পোৱালী জন্ম দিব পৰা বীৰ্য৷ উল্লেখযোগ্য যে,কৃত্ৰিম প্ৰজননৰ বিপৰীতে অধিক সময়ত দমৰা পোৱালীহে জন্ম হোৱাৰ বাবে অধিকাংশ পশুপালকে তেওঁলোকৰ গাইগৰুৰ বৰ্তমানৰ কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰ সুযোগ ল’বলৈ আগ্ৰহী নহয়৷ এনে অৱস্হাত ৰাজ্য চৰকাৰে চেউৰী পোৱালিহে জন্ম দিয়াৰ নিশ্চিতি থকা বিশেষ বীৰ্য বিদেশৰ পৰা ক্ৰয়…
“বন অধিকাৰ আইন ২০০৬”ৰ অধীনত ঢেকিয়াজুলিৰ ৬৩২ টা হিতাধিকাৰী পৰিয়াললৈ ভূমি আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ এপ্ৰিলঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বেলশিৰিস্থিত বালাবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বনভূমিত বাস কৰা ৬৩২ টা হিতাধিকাৰী পৰিয়ালক "বন অধিকাৰ আইন ২০০৬"ৰ অধীনত ভূমি আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায়েই দায়বদ্ধ হৈ আহিছে। থলুৱাৰ অধিকাৰ সুৰক্ষাৰ…
লখিমপুৰত কিয় বৃদ্ধি পাইছে পথ দুৰ্ঘটনা
পথ সুৰক্ষাৰ নিয়ম উলংঘা, মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই বৃদ্ধি পাইছে দুৰ্ঘটনা
শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ এপ্ৰিল : সদৌ অসম গাড়ী চালক সন্থাৰ উপদেষ্টা তথা বিশিষ্ট শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে গাড়ী চালক সন্থাই ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰা শ্ৰমিক নেতা গগৈ ট্ৰেড ইউনিয়নৰ বিভিন্ন গঠনমূলক কামৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল ৷ শ্ৰমিক সকলৰ প্ৰাপ্য অধিকাৰ বাবে তেওঁ সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ প্ৰগতিশীল মাক্সীয় দৰ্শনত বিশ্বাসী কমৰেড গগৈয়ে সদৌ অসম গাড়ী চালক সন্থাৰ হৈ গাড়ী চালক সকলৰ ন্যায্য প্ৰাপ্তিৰ হকে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত…
লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ এপ্ৰিলঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদন ক্ৰমে অসম ফুটবল সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত লখিমপুৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত আৰু শাৰীৰিক শিক্ষা বিভাগ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত শাসিত) সহযোগত ২৬ এপ্ৰিলৰ পৰা নৰ্থ লখিমপুৰ মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হয় সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম।এই পাঠ্যক্ৰমত lead Instructor আৰু Assistant Instructor হিচাপে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ পৰা উপস্থিত আছে মণিপুৰৰ কমলাকান্ত সিং আৰু দৈমালু…
ভৰলু,বাহিনী আৰু মৰাভৰলী নৈক বেদখলমুক্ত কৰা হ’ব
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮এপ্ৰিলঃ ৰাজ্যৰ প্ৰাকৃতিক নলা নৰ্দমাসমূহত হোৱা বেদখল উচ্ছেদ কৰাৰ লগতে ৰাজ্যৰ কে’বাখনো নৈত হোৱা বেদখলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে৷আজি এই কথা তেজপুৰত ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে৷ উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্যখনত প্ৰাকৃতিক নলা নৰ্দমা সমূহ নিঃশেষ হৈ অহাৰ সমান্তৰাল ভাবে কৃত্ৰিম বান এক বৃহৎ সমস্যাত পৰিণত হৈছে৷এনে পৰিস্হিতিত ৰাজ্যৰ প্ৰাকৃতিক নলা,হোলা সমূহত হোৱা বেদখল উচ্ছেদ কৰিব বুলি আজি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে৷প্ৰনিধানযোগ্য যে,আজি তেজপুৰৰ বাটমাৰিত থকা কনভেনচন চেন্টাৰত…
নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল আৰক্ষী তথা নিৰাপত্তা বাহিনী ৷ উল্লেখ্য যে নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুমৰ পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ…
নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল আৰক্ষী তথা নিৰাপত্তা বাহিনী ৷ উল্লেখ্য যে নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুমৰ পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ কৰিছিল৷…
তেজপুৰত অৰুণোদয়ৰ তালিকাক লৈ ক্ষোভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮এপ্ৰিলঃ তেজপুৰৰ পৰ্বতীয়া গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।দৰিদ্ৰ,যোগ্য লোকক বঞ্চিত কৰি স্বজন তোষনৰে একাংশ বিত্তশালী লোকৰ নাম অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উঠিছে পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী জামিনী কলিতাৰ বিৰুদ্ধে।অভিযোগ অনুসৰি,অৰুণোদয় হিতাধিকাৰী হিচাপে পঞ্চায়তখনৰ সদস্য সকলে প্ৰস্তুত কৰি দিয়া তালিকাক অৱজ্ঞা কৰি সভানেত্ৰীয়ে নিজ খেয়াল খুচিমতে তালিকা প্ৰস্তুত কৰাৰ অভিযোগ তুলিছে পঞ্চায়তৰ সদস্যই।এনে অৱস্থাত অৰুনোদয়…