অস্থায়ী কৰ্ম্মীৰ চাকৰি নিয়মীাকৰণৰ দাবী পূৰণ নহ’লে আন্দোলনৰ সকীয়নি অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি শ্ৰমিক ইউনিয়নৰ

0 16

শতাব্দ প্ৰতিনিধি তেজপুৰ ৪ আগষ্ট: এপিডিচিএলত কৰ্মৰত তথা অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি শ্ৰমিক ইউনিয়নে অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমান কামৰ সমান দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৱে তেওঁলোকৰ দাবী সমূহ মানি নল’লে আন্দোলন কৰিব বুলি সকীয়নি প্ৰদান কৰিছে।উল্লেখযোগ্য যে, বৰ্তমানে সমগ্ৰ ৰাজ্যত শক্তি বিভাগত সহায়ক, এমআৰবিচি কে ধৰি বিভিন্ন পদত প্ৰায় পাঁচ হেজাৰতকৈও অধিক অস্থায়ী কৰ্ম্মী নিয়োজিত হৈ আছে । কিছুমান কৰ্ম্মীৰ কৰ্ম্মৰত অৱস্থাত মৃত্যু হৈছে আৰু বহুকেজন ঘূণীয়া হৈ বিছনাত পৰি আছে । উৰ্ধতন কৰ্তৃপক্ষই ন্যূনতম আৰ্থিক সাহায্য দিয়েই দায়িত্ব সামৰিছে বুলিও অভিযোগ কৰে সংগঠনটোৱে । সেয়েহে ইউনিয়নৰ দাবী মৃত্যু হোৱা এনে কৰ্মচাৰীৰ পৰিয়ালক এককালীন ১০ লাখ টকাৰ সাহায্য দিয়া আৰু পৰিয়ালৰ এজন ব্যক্তিক স্থায়ী চাকৰিত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে।তদুপৰি, কৰ্ম্মৰত অৱস্থাত দুৰ্ঘটনাৰ সন্মুখীন হৈ ঘূণীয়া হোৱা আৰু সম্প্ৰতি শয্যাগত হৈ থকা সকলকো সম্পুৰ্ণ সুস্থ হৈ নুঠালৈকে বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ দায়িত্ব ল’ব লাগে বুলি দাবী জনাই ইতিমধ্যেই ৰাজ্যৰ মূখ্যমন্ত্ৰী , বিভাগীয় মন্ত্ৰী তথা উৰ্ধতন কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও এইসকলৰ পৰা আজিলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলি সংবাদ মেলত প্ৰকাশ কৰে । সম্প্ৰতি স্মাৰ্ট মিটাৰ লগাবলৈ লোৱা আৰু নিয়ন্ত্ৰণ কক্ষৰ কৰ্মচাৰীৰ কনট্ৰেকচুৱেলৰ ব্যবস্থা কৰি ইউনিয়নৰ কৰ্মী সকলক নিঃশেষ কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰিছে সংগঠনটোৱে । তেওঁলোকে কয় যে, ৯-১০ বছৰ ধৰি আজিলৈকে কাম কৰি থকা কৰ্ম্মীয়ে মজুৰি লাভ নকৰে আৰু কিছুমানে নিম্নতম মজুৰি লাভ কৰে ।“ ক’ভিদ মহামাৰীৰ পিছত আৰু বৰ্তমানে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যধিক মুল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আমাৰ পৰিয়াল চলোৱাত অসুবিধা হৈছে বুলি তেওঁলোকে প্ৰকাশ কৰি লগতে কয় যে ইয়াৰ বাবেই আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে । অন্যথাই গনতান্ত্ৰিক পদ্ধতিৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে শ্ৰমিক সংগঠনটোৱে।উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰৰ প্ৰাক্তন শক্তি মন্ত্ৰী বিমল বৰাই বিভাগটোৰ অস্থায়ী কৰ্মচাৰী সকলক অতিৰিক্ত লাভ হলে চাকৰি নিয়মীয়া কৰাৰ আশ্বাস দিছিল। বৰ্তমান দুশ কোটিৰ অধিক টকা লাভ হোৱাৰ পিছতো অনিয়মীয়া কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অস্থায়ী কৰ্মচাৰী সকলে ।তেওঁ লোকে ক্ষোভ প্ৰকাশ কৰি কয় যে, কভিদৰ সময়ত এই কৰ্মচাৰী সকলক ব্যৱহাৰ কৰি লাভাম্বিত হোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়া কৈ বিষয়টো গাপ দিৱলৈ চেষ্টা কৰি বিভাগটোত আনকি মন্ত্ৰী গৰাকীকে সলনি কৰি বিষয়টো ভিত্তিহীন কৰি পেলালে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More