অৰুণাচলত তিনিচুকীয়া আৰক্ষীৰ অভিযান

চুৰি মটৰচাইকেলসহ ধৃত ৩

0 10
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৭ অক্টোবৰঃ তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানা এলেকাত অভিযান চলাই তিনিখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰাৰ লগতে বাইক চুৰিৰ অভিযোগত ৩ ব্যক্তিক আটক কৰে৷ ধৃত ব্যক্তিত্ৰয় ক্ৰমে তিনিচুকীয়াৰ নপুখুৰীৰ ২ নং পটীয়াপথাৰৰ হীৰেণ নম:শূদ্ৰ (২৬), ধিং ভকতগাঁৱৰ দেবাশীষ দেৱনাথ আৰু অৰুণাচলৰ মহাদেৱপুৰৰ ডুমচী গাঁৱৰ উত্তম ফুকন (২৫) বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। অভিযানকাৰী আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এ এছ ২৩ পি ৪২৩৩ নম্বৰৰ এখন বাইকৰ লগতে দুখন নম্বৰপ্লেট নথকা বাইক জব্দ কৰে। তিনিচুকীয়া আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে শেহতীয়াকৈ চহৰখনৰ পৰা কেইবাখনো মটৰ চাইকেল চুৰি হোৱা সন্দৰ্ভত ভুক্তভোগীয়ে থানাত এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি প্ৰাথমিক পৰ্যায়ত হীৰেণ নম:শূদ্ৰক আটক কৰে আৰু নম:শূদ্ৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অৰুণাচলৰ মহাদেৱপুৰত অভিযান চলাই চুৰি মটৰ চাইকেলকেইখন উদ্ধাৰ কৰাৰ লগতে দেৱাশীষ দেৱনাথ আৰু উত্তম ফুকনক আটক কৰে। ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া সদৰ থানাত ৯৬৮/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰি কেউজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More